আয়ুস
জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ জীৱন ৰেখাই আয়ুস৷ ভৌগোলিক অৱস্থানৰ লগত মানুহৰ আয়ুসৰ সম্পর্ক যিমান গুৰুত্বপূর্ণ সিমানেই গুৰুত্বপূর্ণ মানুহৰ জীৱন যাপনৰ লগত৷ ঠিক তেনেদৰে দেশ এখনৰ অর্থনৈতিক স্থিতিৰ ওপৰতো আয়ুসৰ কথা আহি পৰে৷ ভৌগোলিক অৱস্থানৰ উপৰি যুগৰ কথাটিও আয়ুসৰ লগত জড়িত হৈ থাকে৷ কিছুসংখ্যক মানুহ জন্মৰ কিছুক্ষণৰ পিছতে মৃত্যুমুখত পৰে৷ কিছুসংখ্যক বহু বছৰ ধৰি জীয়াই থাকে৷ মানুহৰ আয়ুস কাল নির্ভৰ কৰে জীৱন শৈলী, স্বাস্থ্য যতন, খাদ্যাভাস, অর্থনৈতিক স্থিতি, সম্পর্কিত মৃত্যু আৰু মৃত্যুৰ হাৰৰ তথ্যৰ ওপৰত৷ জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তি অধিক বছৰ জীয়াই থকা তথা আশা কৰাতকৈ কম জীয়াই থকা লোকৰ গড়ৰ আধাৰত আয়ুস নির্ধাৰণ কৰা হয়৷ স্বাভাৱিকতে প্রাচীন কালতকৈ আধুনিক যুগৰ মানৱৰ আয়ুস তুলনামূলকভাৱে বৃদ্ধি পাই আহিছে৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় অৱস্থাৰ বাবে জীৱশ্রেষ্ঠ মানৱে বেমাৰৰ সৈতে মোকাবিলা কৰাৰ সুবিধা লাভ কৰিছে৷ এনে পৰিণতিতে আয়ুস বৃদ্ধি পাই আহিছে৷ ক’ভিড–১৯ৰ কার্যকালত মানুহৰ আয়ুস হ্রাস পোৱা বুলি চর্চিত হৈছিল যদিও বিগত ৩ বছৰ ধৰি পৃথিৱীবাসীৰ গড় আয়ুস বৃদ্ধি পাইছে৷ মানুহৰ আয়ুস ধাৰণাটি জৈৱিক অধ্যয়নৰো প্রয়োজন হয়৷ ভৌগোলিক অৱস্থান আৰু যুগৰ লগত সম্পর্কিত আয়ুস সম্বন্ধে ব্যাখ্যা কৰিবলৈ হ’লে ব্রঞ্জৰ যুগত মানুহৰ আয়ুস কাল তথা আয়ুস ৰেখা আছিল মাত্র ২৬ বছৰ৷ ২০২৪ বর্ষত আধুনিক যুগত মানুহৰ আয়ুস ৭৩.৩৩ বছৰ৷ ২০২৩ চনৰ তুলনাত মানুহৰ আয়ুস ০.২৩ শতাংশ বৃদ্ধি পাইছে৷ বিশ্বৰ দেশসমূহৰ নাগৰিকৰ আয়ুস কাল অলপতে প্রতিবেদন আকাৰে প্রকাশ কৰা হৈছে৷ মানুহৰ লগতে গছ–গছনি, প্রাণীৰো আয়ুস নির্ধাৰণ কৰা হয়৷ পৃথিৱীৰ ১৯৩খন দেশৰ ভিতৰত লেইছষ্টেইনত গড় আয়ুস ৮৪.৩ বছৰ, জাপানত ৮৪.০ বছৰ, ছুইজাৰলেণ্ডত ৮৩.৫ বছৰ, অষ্ট্রেলিয়াত ৮৩.২ বছৰ, ছুইডেনত ৮৩.১ বছৰ, স্পেইনত ৮৩.১ বছৰ, আয়াৰলেণ্ডত ৮৩.১ বছৰ, লুকজেমবার্গত ৮৩ বছৰ, ইটালীত ৮২.৯ বছৰ আৰু ছিংগাপুৰত ৮২.৯ বছৰ৷ উল্লিখিত দেশকেইখনৰ মানুহৰ গড় আয়ুস বিশ্বৰ আন দেশতকৈ বেছি৷ আনপিনে গড় আয়ুসৰ ভিতৰত সর্বনিম্ন ১০খন দেশৰ ভিতৰত ছাদত ৫৩ বছৰ, লেচথ’ত ৫৩ বছৰ, নাইজেৰিয়াত ৫৩.৬ বছৰ, চেন্ট্ৰেল আফ্রিকান ৰিপাব্লিকত ৫৪.৫ বছৰ, দক্ষিণ ছুডানত ৫৫.৬, ছোমালিয়াত ৫৬.১ বছৰ, ইছাথিনিত ৫৬.৪ বছৰ, নামিবিয়াত ৫৮.১ বছৰ, ক’টে দ্য ভয়ৰত ৫৮.৯ বছৰ আৰু গিনিয়াত ৫৯ বছৰ৷ মানৱ স্বাস্থ্যৰ প্রতি গ্রহণ কৰিব পৰা ব্যৱস্থা আৰু জীৱনশৈলীৰ বাবে বিশ্বৰ দেশসমূহৰ আয়ুসৰ ক্ষেত্রত বৃহৎ তাৰতম্য ৰাষ্ট্রসংঘৰ প্রতিবেদনত প্রকাশ পাইছে৷
পৃথিৱীৰ ১৯৩খন দেশৰ ভিতৰত আয়ুসৰ ক্ষেত্রত ভাৰতৰ স্থান ১৩৬৷ দেশখনত ২০২২ বর্ষত লোকৰ গড় আয়ুস ৭০.৪২৷ ইয়াৰে ভিতৰত মহিলাৰ ৭১.৮০ আৰু পুৰুষৰ ৬৯.১৬৷ ভাৰততো পুৰুষতকৈ মহিলাৰ আয়ুস বেছি৷ লক্ষণীয় যে ভাৰতত নাগৰিকৰ গড় আয়ুস তাৎপর্যপূর্ণভাৱে বর্ধিত হৈ আহিছে৷ ১৯৭০ চনত দেশৰ নাগৰিকৰ গড় আয়ুস ৪৭ থকাৰ বিপৰীতে ২০২২ চনত ৭০.৪২৷ তথ্য মতে, ভাৰতত মহিলাৰ গড় আয়ুস ২৪ বছৰ বৃদ্ধি হৈছে আৰু পুৰুষৰ গড় আয়ুস ২০ বছৰ বৃদ্ধি হৈছে৷ ভাৰতত আয়ুস বৃদ্ধি হোৱাটো শুভ লক্ষণ বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদন মতে ভাৰতত মানুহৰ গড় আয়ুস ৭২.২ বছৰ৷ ২০২৩ চনৰ তুলনাত ভাৰতৰ মানুহৰ আয়ুস সামান্য বৃদ্ধি পাইছে৷ অৱশ্যে ২০২২ আৰু ২০২১ৰ তুলনাত ২০২৩ আৰু ২০২৪ৰ গড় আয়ুস বৃদ্ধি মাত্রা তাৎপর্যপূর্ণ৷ ২০২২ চনত মানুহৰ গড় আয়ুস ৬৭.২ বছৰ হোৱাৰ বিপৰীতে ২০২৩ চনত আয়ুস বৃদ্ধি পাইছে৷ অৱশ্যে আয়ুস আৰু বৃদ্ধি কৰিবলৈ হ’লে দেশখনে স্বাস্থ্যখণ্ডত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াভাৱে ভাৰতৰ স্বাস্থ্য ব্যৱস্থাক লৈ প্রকাশ কৰা প্রতিবেদনত স্বাস্থ্যখণ্ডৰ উন্নতিয়ে দেশখনৰ নাগৰিকৰ স্বাস্থ্য সুৰক্ষা কৰাৰ লগতে আয়ুস বৃদ্ধি কৰিছে৷ অৱশ্যে পৰৱর্তী সময়ত স্বাস্থ্যখণ্ডৰ ওপৰত আৰু অধিক মনোযোগ দিব লাগিব৷ কিয়নো চুবুৰীয়া ৰাষ্ট্র চীন আৰু শ্রীলংকাৰ নাগৰিকৰ গড় আয়ুসৰ তুলনাত ভাৰতৰ নাগৰিকৰ গড় আয়ুস এতিয়াও কম৷ শিশুৰ মৃত্যুৰ হাৰ হ্রাস পোৱাৰ বাবে দেশৰ নাগৰিকৰ গড় আয়ুস বৃদ্ধি হৈছে৷ প্রতিবেদনত প্রকাশ কৰা মতে, জন্মৰ সময়ত মৃত্যু হোৱা শিশুৰ সংখ্যা ১৯৭০ চনত এহেজাৰৰ বিপৰীতে ১৩২ আছিল৷ কিন্তু ২০২২ চনত ইয়াৰ সংখ্যা হ্রাস পাই এহেজাৰৰ ভিতৰত মাত্র ৩২ হৈছে৷ ঠিক তেনেদৰে প্রসৱৰ সময়ত মৃত্যু ঘটা মহিলাৰ সংখ্যা ১৯৯০ চনত ১০ হাজাৰৰ ভিতৰত ৫৫৬ আছিল৷ কিন্তু ২০১৮ চনৰ তথ্য মতে, ১০ হাজাৰৰ ভিতৰত প্রসূতি মহিলাৰ মাত্র ১১৩ৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নীতকৰণৰ লগতে ইয়াৰ লগত জড়িত চিকিৎসক–কর্মীৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব৷ উল্লেখ্য যে ভাৰতত ১০ হাজাৰ লোকৰ কাৰণে মাত্র ৯.২৮ শতাংশ চিকিৎসক আছে, ১০ হাজাৰ লোকৰ কাৰণে মাত্র ২৪ গৰাকী নার্ছ আছে আৰু ১০ হাজাৰ লোকৰ কাৰণে ৯গৰাকী ফাৰ্মাচিষ্ট আছে৷ এই তথ্য সন্তোষজনক নহয়৷ চৰকাৰে স্বাস্থ্য ব্যৱস্থা অধিক উন্নীত কৰিবলৈ হ’লে চিকিৎসক–নার্ছ–ফাৰ্মাচিষ্টৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব৷ মানুহৰ জীৱনশৈলীৰ লগতে স্বাস্থ্যখণ্ডক অধিক প্রাধান্য দি উন্নীত স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে মানুহক সুৰক্ষিত কৰিব লাগিব৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনত উল্লেখ কৰা পৰামর্শ মতে ভাৰতে চিকিৎসা খণ্ডত পূর্বতকৈ অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ ঠিক তেনেদৰে অকল স্বাস্থ্যখণ্ডকেই নহয়, মানুহৰ বাসোপযোগী কৰি ৰাখিবলৈ পৃথিৱীখন সর্বাংগসুন্দৰ কৰি ৰখাত গুৰুত্ব দিব লাগিব৷ তাৰ বাবেই জীৱশ্রেষ্ঠ মানৱে পৃথিৱীৰ অনিষ্টকাৰী কার্যবোৰ আঁতৰ কৰিব লাগিব৷