🔹 ‘ছাত্ৰ-ছাত্ৰীসকলে সপোনৰ পৰা বিচলিত হ’ব নালাগে’
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : কামৰূপ জিলাৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত হেকৰা উচ্চতৰ মাধ্যমিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচী কালি সফলতাৰে সামৰণি পৰে ৷ এক স্বর্ণিল শৈক্ষিক ইতিহাস বহন কৰি অহা কামৰূপ জিলাৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিগত সময়ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানচক্ষু মুকলি কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে হেকৰাৰ লগতে পাৰ্শ্বৱতী অঞ্চলৰ একাংশ জ্ঞানপিপাসু আৰু সমাজহিতৈষী ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্রতিষ্ঠা লাভ কৰিছিল হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে পুৱা বাৰেবৰণীয়া কলাকৃষ্টি প্ৰদৰ্শনেৰে হেকৰা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাজপথেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ ইয়াৰ পিছতে শিক্ষাৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কার্যসূচী অনুষ্ঠিত হয়। বিয়লি ২ বজাৰ পৰা মহাৰজত জয়ন্তী উদযাপনৰ সভাপতি উৎপল মেধিৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত কম্বৰে আদৰণী ভাষণ দিয়া উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ লগতে বিদ্যালয়ৰ জন্মলগ্নৰ বহু ইতিহাস বৰ্ণনা কৰি ভাষণ প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ তথা ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ মেজৰ জেনেৰেল বিষয়া ডাঃ পূৰ্ণানন্দ দাসে ৷ ভাষণ প্ৰসংগত দাসে কয়- অতি দুৰ্গম পিছপৰা অঞ্চলত হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জন্ম লাভ কৰাটো সেই সময়ত এটা সপোনৰ দৰে আছিল ৷ তেওঁ ষষ্ঠ শ্ৰেণীত নাম লগাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰি এটা সময়ত ভাৰত চৰকাৰৰ বায়ুসেনাৰ মেজৰ জেনেৰেল বিষয়া হ’ব পাৰিছিল আৰু সেই কথা বৰ্ণনা কৰি তেওঁ নষ্টালজিক হৈ পৰে ৷ তেওঁ আৰু কয়- পৰিৱেশ-পৰিস্থিতি যিয়েই নহওঁক, ছাত্ৰ-ছাত্ৰীসকলে সপোনৰ পৰা বিচলিত হ’ব নালাগে, নিয়মিতভাৱে অধ্যয়ন কৰিব লাগে, কষ্ট কৰিলে সুফল লাভ কৰিব পাৰি এয়াই সত্য, আজিৰ ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ প্ৰত্যেক দিনাই কাৰ্যসূচী বনাই সেইমতে অধ্যয়ন কৰিব লাগে বুলি তেওঁ নৱপ্ৰজন্মৰ শিক্ষাৰ্থীক ভাষণৰ জৰিয়তে আহ্বান জনায় ৷ বিশিষ্ট অতিথি হিচাপে উক্ত সভাত উপস্থিত থাকি শিক্ষা আৰু বিদ্যায়তনিক দিশত গুৰু-শিষ্যৰ সম্পৰ্কৰ ওপৰত এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° হিৰণ্য কুমাৰ ভট্টাচাৰ্যই ৷ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে কামিনী মোহন শৰ্মা আৰু ড° গণেশ্বৰ চহৰীয়া, মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নৱ কুমাৰ বিশ্বাস, অৱসৰপ্ৰাপ্ত শিক্ষক খলিল উদ্দিন আহমেদ, উদযাপন সমিতিৰ উপ-সভাপতি বিপুল কুমাৰ কলিতা, অনিল কুমাৰ ৰয়, উদযাপন সমিতিৰ বিত্তীয় সম্পাদক চিত্তৰঞ্জন ঠাকুৰীয়া, প্ৰাক্তন ছাত্ৰ মনোমোহন কলিতাই ৷ মুকলি সভাত বিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্রাক্তন ছাত্র- ছাত্রীৰ উপৰি হেকৰা, নগৰবেৰাৰ লগতে পাৰ্শ্বৱতী বহু অঞ্চলৰ ভালেসংখ্যক লোক সভাত উপস্থিত থাকে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস