নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ভুৱা চিবিআইৰ সন্ত্ৰাস : নিশা প্ৰায় ২ বজাত লুটি নিলে নগদ ধন-সোণৰ গহনা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : ধলাই থানাৰ ইছলামবাদ গাঁৱত যোৱানিশা এটা ডকাইতিৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইছলামবাগৰ ব্যৱসায়ী আবুল হোছেইন মজুমদাৰৰ ঘৰত প্ৰৱেশ কৰি বন্দুক দেখুৱাই পণবন্দী কৰি কেইবালাখ টকা আৰু সোণৰ গহনা লুটপাত কৰে। আবুলে কয় যে প্ৰতিদিনে ব্যৱসায় বন্ধ কৰাৰ পিছত ৰাতিৰ আহাৰ খাই ঘৰত শুই আছিল। নিশা প্ৰায় ২ বজাত ঘৰৰ মূল গেটৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে ডকাইতকেইটাই। ডকাইতে চিবিআই পৰিচয় দি তেওঁক বন্দুক দেখুৱাই পণবন্দী কৰে । তাৰ পিছত এটা এটাকৈ ঘৰৰ সকলো দুৱাৰ ভাঙি ১৫-২০জনীয়া ডকাইতৰ দলে ঘৰৰ ভিতৰত তান্ডৱ চলায়। পৰিয়ালৰ সদস্যসকলক বন্দুক আৰু অন্যান্য অস্ত্ৰ দেখুৱাই সকলো টকা দিবলৈ কয়। অন্যথা সকলোকে হত্যাৰ ভাবুকি দিয়ে গেংটোৱে। আবুলৰ পত্নী সৰলা বেগম মজুমদাৰে ভয়তে ডকাইতক চাবি গতাই দিয়ে । ডকাইতৰ দলটোৱে আলমিৰাৰ পৰা নগদ কেইবা লাখ টকাৰ লগতে সোণৰ গহনা লুট কৰি ব্যৱসায়ীজনৰ গাড়ী লৈ পলায়ন কৰে। ডকাইতকেইটা যোৱাৰ পাছত আবুলে ওচৰ-চুবুৰীয়াক ফোন কৰি এই বিষয়ে অৱগত কৰে। পিছত ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বত আবুলৰ ব্যক্তিগত স্কৰপিঅ’ গাড়ীখন উদ্ধাৰ কৰে। চাবি লৈ গাড়ী এৰি পলায়ন কৰে ডকাইতে। ইয়াৰ মাজতে আৰক্ষীক খবৰ দিয়া হয় আৰু ঘটনাৰ খবৰ পাই আৰক্ষীয়ে নিশা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like