🔹 বৃহৎ যোগদান কাৰ্যসূচীত কেইবাশ পুৰুষ-মহিলা, যুৱক-যুৱতীক আদৰণি
বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় মিত্ৰজোঁটৰ অন্যতম দল অসম গণ পৰিষদে ব্যাপক তৎপৰতাৰে সাংগঠনিক ভেটি শক্তিশালী কৰাত মনোনিৱেশ কৰিছে। এই তৎপৰতাৰে অংশ হিচাপে নৱগঠিত ডিমৰীয়া সমষ্টিত আঞ্চলিক দলটোৱে সাংগঠনিক সভা অনুষ্ঠিত কৰি দলটোক কিদৰে ৰাইজৰ ওচৰলৈ নিব পাৰি, তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি ক্ষেত্ৰীৰ তেতেলীয়া বজাৰৰ সভাগৃহত তেতেলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। আঞ্চলিকখনৰ সভাপতি ৰঞ্জিত মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ড° তপন দাস, যুৱ পৰিষদৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি ৰাজখোৱা, যুৱ পৰিষদৰ ডিমৰীয়াৰ সভাপতি বিক্ৰম বড়ো, ডিমৰীয়া বিধান পৰিষদৰ উপ-সভাপতি লক্ষ্যধৰ বৰুৱাকে মুখ্য কৰি কেইবাজনো স্হানীয় অগপৰ নেতা-কৰ্মী উপস্হিত থাকি ভাষণ প্ৰদান কৰি আগন্তুক দিনত অগপক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ কৰ্মীসকলক আহ্বান জনায়। কেইবাশ পুৰুষ-মহিলাৰ উপস্হিতিত অনুষ্ঠিত অগপৰ এই সাংগঠনিক সভাতে ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক পুৰুষ-মহিলাৰ লগতে স্হানীয় যুৱক কিশোৰ ডেকাৰ নেতৃত্বত এশৰো অধিক যুৱক-যুৱতীয়ে আঞ্চলিকতাবাদক বিশ্বাস কৰি অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। দলৰ নীতি-আদৰ্শ মানি নতুনকৈ যোগদান কৰা সকলোকে দলীয় প্ৰতীক চিহ্ন থকা গামোচা আৰু সদস্য ভৰ্তিৰ টিকট দি অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ড° তপন দাসে অগপৰ বৃহৎ পৰিয়ালটোলৈ সকলোকে উষ্ম আদৰণি জনাই কয়- আজিৰে পৰা আমি সকলো একেটি পৰিয়ালৰ। সেয়ে সুখ-দুখে আমি একেলগে দলৰ হৈ নিষ্ঠাৰে অনাগত দিনবোৰত কাম কৰি যাম হাতে-হাত ধৰি। তেওঁ সমষ্টিটোত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ চেষ্টা কৰা বুলি উল্লেখ কৰে।