নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাজপা চৰকাৰৰ দিনত দুর্নীতি বাঢ়িছেনে কমিছে

অৰুণ গোস্বামী

 

নীতি মানে আমি মানে এতিয়া সর্বসাধাৰণ মানুহে একমাত্র ঘোচ বা উৎকোচ লোৱাটোকে বুজি পায়৷ আচলতে দুর্নীতি মানে নীতিমতে কাম নকৰা, কামত ফাঁকি দিয়া, ৰাইজৰ নীতি, চৰকাৰী নীতি নামানি নিজৰ মতে কৰা, উৎকোচ বা ঘোচ খোৱা, ৰাজহুৱা টকা আত্মসাৎ কৰা, সময়ত কামলৈ নোযোৱা আৰু অসময়ত ঘৰলৈ অহা ইত্যাদি– দুর্নীতিৰ সীমা বৰ অসীম বর্তমান কালত৷ কিন্তু আমাৰ প্রশ্ণ হ’ল যে এই ভাৰতীয় জনতা দলৰ দিনত দুর্নীতিবোৰ বাৰু কমিছেনে? নাই বাঢ়িছেহে ১০ বছৰীয়া মহন্তজনাৰ শাসনত দুর্নীতিৰ যি অভিলেখ সকলো ফালৰে পৰা কৰিলে, দুর্গাদাস বড়ো মন্ত্রীয়ে উৰাজাহাজত মাৰপিট কৰাৰ নিচিনা ঘটনাকে ধৰি সেই অভিলেখ কিন্তু যোৱা ১৫ বছৰীয়া শাসনকালত কংগ্রেছেও ভাঙিব নোৱাৰিলে৷ অৱশ্যে আৰু পাঁচ বছৰমান থকা হ’লে ভাঙিব পাৰিলেহেঁতেন৷ এতিয়া প্রশ্ণ হ’ল সর্বানন্দৰ ভাৰতীয় জনতা দলৰ চৰকাৰ হ’লে দুর্নীতি নির্মূল নহ’লেও বহুত কমিব বুলি প্রতিশ্রুতি দি ৰাইজক ভাজপাৰ চৰকাৰ কৰিবলৈ সেৱা জনাইছিল আৰু তাৰ পিছত ৰাইজে যে পাতিলে এতিয়া শেই প্রতিশ্রুতি পালন কৰিছেনে নাই তাক প্রশ্ণ কৰাৰ, বিচাৰ কৰাৰ সময় এইটোৱেই কাৰণ পুনৰ নির্বাচনৰ বাবে মাত্র এটা বছৰহে আছে৷ শেষ বাৰ মাহত প্রশ্ণকাল৷ এতিয়া প্রশ্ণকাল হ’ব লাগে৷
প্রথমতে আৰম্ভ কৰোঁ উৎকোচ বা ঘোচ খোৱাৰ বিষয়ে৷ এইটো সমাজৰ মানে পৃথিৱীৰ কেইখনমান দেশৰ বাহিৰে বাকী বহুত দেশত ঘোচ খোৱা কামটো বেছি চলিছে আৰু এই কথাই ধনীক কষ্ট নিদিলেও দৰিদ্র জনসাধাৰণ, মধ্যবিত্তীয়, নিম্ন মধ্যবিত্তীয় জনসাধাৰণক কোঙা আৰু ভয়াতুৰ কৰি তুলিছে৷ জনতাক মানে পাঠক সমাজক সাহস দিবলৈ এটা কথা কৈ থওঁ যে সৎ আৰু সাহসী হ’লে ঘোচ–ঘাচৰ কাৰবাৰটো বৰ নহয়৷ উদাহৰণ হিচাপে মই নিজেও চাকৰি নিজে এৰালৈকে ঘোচ খাব পৰা বিষয়াই আছিলোঁ যদিও এটা টকাও ঘোচ খায়ো নাপালোঁ আৰু এটা টকাও ঘোচ দিও পোৱা নাই৷ কিন্তু সকলো কাম তেনেকৈয়ে হৈ আছে বা হৈ গ’ল আৰু হ’ব, নিজৰেই হওক বা লোকৰেই হওক৷ সেইবাবে কোৱা হৈছে যে ঘোচ খোৱাটো যিমান দোষ, ঘোচ দিয়াটোও সমানেই দোষ বা দুর্নীতি৷
প্রাচীন কালৰ পৰাই অর্থাৎ মহাকাব্যৰ যুগৰ পৰাই এই উৎকোচৰ কামটো চলি আছে যদিও সম্ভৱতঃ সেই সময়ত ইয়াক বেয়া কাম বুলি বৰ ভবা হোৱা নাছিল৷ ৰামায়ণৰ যুগতো উৎকোচ লোৱা আৰু দিয়াৰ প্রথা পোৱা যায়৷ উদাহৰণ স্বৰূপে শ্রীৰামচন্দ্র আৰু দশানন ৰাৱণৰ শেষ যুদ্ধত ত্রিভুবন কঁপি উঠিছিল বোলে কিবা প্রলয় হ’ব নেকি বুলি ভাবি৷ শ্রীৰামচন্দ্রক সমস্ত দেৱতাই সহায় কৰাৰ পিছতো বিতত হৈ পৰিছে ত্রিভুবন বিজয়ী ৰাৱণৰ যুদ্ধ কৌশলত৷ এসময়ত উপায়হীন হৈ তেওঁ পাশুপাত অস্ত্র প্রয়োগ কৰিলে যদিও ৰাৱণক বধিব নোৱাৰিলে কিন্তু ৰাৱণ ৰথতে মূর্ছিত হৈ পৰিল৷ ৰাৱণৰ ৰথৰ সাৰথিয়ে তৎকালেই মূর্ছিত ৰাৱণক হত্যা কৰিবলৈ শ্রীৰামচন্দ্রই পুনৰ ধনুত শৰ জোৰোঁতেই বিজুলী বেগেৰে ৰথখন যুদ্ধক্ষেত্রৰ পৰা আঁতৰাই নির্জন ঠাই পোৱালেগৈ৷ আৰু কিছু পৰৰ পিছত ৰাৱণে সাৰ পোৱাদি পালে অর্থাৎ সম্বিত ঘূৰি আহিলত যুদ্ধক্ষেত্র নেদেখি সাৰথিক কাৰণ সুধিলে৷ সাৰথিয়ে বিৱৰণী দিয়াৰ পিছত ক’লে যে সেইটোকে নকৰা হ’লে শ্রীৰামচন্দ্রই তেওঁক নিৰস্ত্র আৰু মূর্ছিত অৱস্থাতে হত্যা কৰিলেহেঁতেন৷ মহাদর্পী ৰাৱণ গৰজি উঠিল আৰু ক’বলৈ ধৰিলে সাৰথিক যে তুমি মোক ভীৰু আৰু লজ্জিত কৰিবলৈকে ৰামৰ পক্ষৰ পৰা উৎকোচ লৈছা আৰু মোক সেই যুদ্ধক্ষেত্রৰ পৰা আঁতৰাই আনিলা৷
এতিয়া চাওক, যদিহে ঘোচ খোৱাৰ প্রথা নাথাকিলহেঁতেন তেতিয়াহ’লে উৎকোচ শব্দটো কবিয়ে ৰাৱণৰ মুখত ক’ৰ পৰা দিলেহেঁতেন? আকৌ মহাকাব্য মহাভাৰতলৈ আহক৷ ৰজা পৰীক্ষিতে চিকাৰ কৰিবলৈ গৈ এজন ধ্যানমগ্ণ মুনিৰ সন্মুখীন হ’ল৷ মুনি ধ্যানস্থ অর্থাৎ তেওঁ পৰম ব্রহ্মৰ লগত লীন হৈ আছে৷ ৰজাক দেখি মুনিয়ে অহংকাৰতহে মাতবোল কৰা নাই বা সন্মান জনোৱা নাই বুলি খঙতে নাতিদূৰতে মৰা সাপ এডাল পাই মুনিৰ ডিঙিত মেৰিয়াই থৈ গ’ল৷ বহুত পৰৰ পিছত মুনিৰ পুত্র আহি পিতৃৰ ডিঙিত মৰা সাপ দেখি খঙত একোনাই হৈ শাপ দিলে বোলে যিজনে এই কাম কৰিছে তেওঁক সাত দিনৰ ভিতৰত সাপে খুঁটি মাৰিব৷ ৰজাই গম পাই ভয়তে বিবুধি হ’ল আৰু নিশ্ছিদ্র এটা ঘৰৰ মাজত সোমাই ভাগৱত পাঠ শুনিবলৈ ধৰিলে৷ সাত দিনৰ দিনা সাপৰ ৰজা তক্ষকে ৰজাক খুঁটিবলৈ আহিল৷ বাটতে সেই সময়ৰ সাপৰ মহাবৈদ্য কাশ্যপ ঋষিক লগ পালে ব্রাহ্মণবেশী তক্ষকে৷ সুধিলে, ‘বৈদ্য মহাৰাজ কেনি যায়?’ বোলে ৰজা পৰীক্ষিতক সাপে খুঁটি আজি অন্তিম দিনত মাৰিব আৰু তেওঁক বচাবলৈ আহিছোঁ৷ তক্ষকে ক’লে বোলে আপুনি তক্ষকে খালেও বচাব পাৰেনে? কাশ্যপ ঋষিয়ে পাৰিম বুলি ক’লে৷ প্রমাণ চাবৰ বাবে তক্ষকে নিজৰ ৰূপ ধৰি ওচৰতে থকা বটগছ এজোপাৰ গুৰিত দুবাৰ খোঁট মৰাৰ পিছত লাহে লাহে গছজোপা জঁয় পৰি শুকাই গ’ল ডাপ–পাত৷ তক্ষকে ক’লে, ‘চাওঁচোন আপুনি জীয়াই দিয়ক৷’ কাশ্যপে কমণ্ডলুৰ পৰা পানী দুচলু হাতত লৈ কিবা মন্ত্র জপ কৰি দুচাটি পানী গছ জোপাৰ গুৰিত ছটিয়াই দিয়াৰ পিছত পুনৰ বট গছজোপাই লাহে লাহে আগৰ ৰূপ ল’লে৷ তেতিয়া তক্ষকে বিবুধি হৈ মুনিক ধন–সোণ, মণি–মুক্তা বহুত উৎকোচ দি কাশ্যপক ওভতাই পঠিয়ালে৷ কাশ্যপ ঘূৰি গ’ল৷ মহাকাব্যৰ এই আধিভৌতিক কাহিনী হ’লেও ইয়াত মহর্ষিক ঘোচ দিয়া বা উৎকোচ দিয়াৰ কথাটোহে মূল কথা৷ অর্থাৎ তেতিয়াও কাম হ’বৰ কাৰণে ঘোচ–ঘাচ, উৎকোচ দিয়ে৷ কিন্তু দুটা কথা মন কৰিবলগীয়া যে সেই সময়তো উৎকোচ চলিছিল, কিন্তু অপৰাধ বুলি সমাজে গণ্য কৰা নাছিল৷ দ্বিতীয়তে মুনি কাশ্যপ দর্মহা খোৱা ৰাজ কর্মচাৰীও নাছিল৷ কিন্তু কর্মচাৰীয়েও উৎকোচ লৈছিল যে তাৰ প্রমাণ ৰাৱণৰ ৰথৰ সাৰথি৷ আৰু পৃথিৱীৰ আদি আধুনিক অর্থনীতিবিদ আৰু কূটনীতিবিদ মহামান্য চাণক্যই খ্রীষ্টপূর্ব তেতিয়াই তেওঁৰ গ্রন্থত লিখি থৈ গৈছে যে ৰাজমন্ত্রী, বিষয়াবর্গ আৰু কর্মচাৰীয়ে ৰাইজৰ কিমান ৰাজহুৱা ধন খায় তাৰ অনুমান কৰিব নোৱাৰি, যেনেকৈ মাছে পুখুৰী, নদী, হ্রদ আদিত কিমান পানী খাইছে তাৰ হিচাপ উলিয়াব নোৱাৰি৷
এতিয়া আমি ভাজপাৰ অসম চৰকাৰৰ দিনত যোৱা ৪ বছৰৰ শাসন কালত দুর্নীতি বাঢ়িছেনে কমিছে তাৰ আলোচনালৈ আহোঁ৷ একে আষাৰে ক’ব পাৰি দেখি, শুনি আৰু পঢ়ি যে চৰকাৰে দুর্নীতি–বিচাৰ কমাবলৈ পার্যমানে চেষ্টা কৰিছিল বা কৰিছে যদিও কিন্তু কমাব পৰা নাই যিমান আশা কৰা গৈছিল সিমান৷ কিন্তু দুর্নীতিৰ মহাৰাজ তৰুণ গগৈৰ চৰকাৰৰ সাধুপুৰুষ ৰাকেশ পালকে ধৰি চোঁচোৰাই কাৰাগাৰত ভৰাই থ’ব পৰাটো কম কৃতিত্ব নহয় আৰু মানুহে অর্থাৎ অসমৰ ৰাইজে বাঃ বাঃ দিছিল আৰু উপযুক্ত চৰকাৰ পাতিলোঁ বুলি আত্মগৌৰৱবোধ কৰিছিল৷ আৰু এটা লগে লগে কাম কৰিছিল লাখ লাখ টকা উৎকোচ লৈ দুর্নীতিৰে অপদার্থ কিছুমানক ওপৰ খাপৰ চাকৰি বেচাটো ৰাজ্যৰ বাবে চৰকাৰৰ বাবে আৰু বিশেষকৈ সর্বসাধাৰণ ভোটাৰ প্রজাৰ বাবে, কাঙালৰ বাবে মাৰাত্মক ব্যাধিস্বৰূপ সেই বিষয়াবোৰক ধৰা পেলাই বিচাৰৰ কাঠগড়ালৈ অনা আৰু বিচাৰ চলাই থকা৷ মই এটা উদাহৰণ দিওঁ৷ মোৰ পৰা আজিলৈকে কোনো ঘোচ–ঘাচ ক’তো কোনেও বিচৰা নাই যদিও দেৰগাঁৱৰ এজন মহন্তৰ তাৰাপদ দাসৰ দিনত এছ ডি চি চাকৰি পোৱা উপপ্রতিসমাহর্তাই বোলে দেখাদেখিকৈ কিবা কাম এটা কৰি দিবৰ বাবে হাজাৰ–বিজাৰ টকা বিচাৰে৷ নিদিলে নকৰে৷ ফাইল নোচোৱে৷ তেওঁ হেনো মুকলিকৈ কৈয়েই দিয়ে ২০ লাখ টকা দি চাকৰি লৈছোঁ মই সেই টকাবোৰ ক’ৰ পৰা পাম? উঠাব লাগিব নহয়৷ গতিকে হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত, তৰুণ গগৈৰ চৰকাৰৰ দিনত যিবোৰ এ চি এছ বিষয়া আৰু ৰাজপত্রিত অন্য বিভাগৰ বিষয়াসকলে বেছি ভাগেই টকাৰে চাকৰি কিনিছে বাবে সেই টকাবোৰ সিহঁতে সর্বসাধাৰণ ৰাইজৰ পৰাই তুলিব লাগিব৷ আৰু সেইবোৰৰতো অৱসৰ লোৱাৰ সময় হোৱা নাই এতিয়াও? ৰাকেশ পালৰ দিনত যিবোৰে টকা দি ৰাকেশ খঁকুৱা বা দিন ডকাইতৰ পৰা টকাৰে চাকৰি কিনিছিল সেইবোৰ সকলো ধৰা পৰিল জানো? বাঃ প্রাক্তন ভাজপা এম পি ৰাম প্রসাদ শর্মা৷ বাঃ৷ ডাঙৰীয়াই নিজৰ ছোৱালীক যেতিয়া পালচোৰক টকা দি চাকৰি কিনাৰ বাবে ধৰা হ’ল, তেতিয়া ভাৰতীয় জনতা দলৰ বহুবল্কী ধার্মিক সাংসদ ৰামপ্রসাদ শর্মাই দম্ভ কৰিছিল যে তেওঁৰ ছোৱালীক যদি কাৰাগাৰলৈ পঠিওৱা হয়, তেৱোঁ স্বেচ্ছাই কাৰাবাস খাটিব৷ অর্থাৎ তেখেত নির্দোষী শিৱৰ জঁটাৰ পৰা ধৰাত নৌ পৰোঁতেই ধৰা গংগাজল৷ পিছে মহাপুৰুষ কাৰাগাৰলৈ নগ’লতো নগ’লেই শিয়ালে চুৱা পাতনি সলোৱাৰ দৰে দল সলাই চেলেকিবলৈ ধৰিছে৷
সেই সময়তে কথা ওলাইছিল যে আছুৰ লগতো ৰাকেশৰ লেনদেন, বুজাপৰা আছিল আৰু আছুৰ উপদেষ্টা নে কি কাৰোবাৰ লগত একেলগে বহা আলোকচিত্রও প্রকাশ হৈছিল৷ সেইবাবেই ৰাকেশ নৰখাদকৰ কামত আছু নীৰৱ৷ দেখা গৈছে এই চৰকাৰৰ দিনত আগৰ চৰকাৰবোৰৰ দিনত নোহোৱা ঘটনাবোৰ বৰ সঘনে হ’ব ধৰিছে যে দুর্নীতিত অর্থাৎ টকা খোৱাত হাতে–লোটে ধৰি গ্রেপ্তাৰ কৰা হৈছে, চৰকাৰী ৰাজহুৱা টকা আত্মসাৎ কৰি পলাই থকাবোৰ চোৰকো বিচাৰি বিচাৰি ধৰা হৈছে গৰু চোৰ ধৰা দি, চোৰাং ব্যৱসায়ত লিপ্ত থকা চৰকাৰী বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰা হৈছে খুব সঘনে৷ ভাল কথা৷ কিন্তু মই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত ইত্যাদিৰ ৰাজ্যিক মন্ত্রী হিমন্ত বিশ্ব শর্মাক সুধিব খুজিছোঁ ইয়াত ৰাজহুৱা ভাবে যে টকা নহ’লে চৰকাৰী কাম নকৰা বা টকা খাই কাম কৰা কথাটো কমিছেনে? আপোনালোকে কি উত্তৰ দিব মই নাজানো বা দিবনে নিদিয়ে তাকো নাজানো (বহুত দূৰ সম্ভৱ নিদিয়ে, কাৰণ তাৰ প্রমাণ ময়েই বেছি পাইছোঁ যে মই বহুত মন্ত্রী, বিধায়কলৈ নিজৰ স্বার্থত বিন্দুমাত্রও নকৰোঁ বুলি আপোনালোকে জানে, ৰাইজৰ অভিযোগত ফোন বা মেছেজ কৰিলে শতকৰা ৯৯জনে ফোন নধৰে) কিন্তু ৰাজহুৱা অভিযোগ আৰু ৰাইজে কোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ যে দুর্নীতি মানে উৎকোচ খোৱা, লোৱা, দিয়া কমা নাই৷ বৰঞ্চ বাঢ়িছেহে কিছু যিটো আমি আশা কৰা নাছিলোঁ৷ হয়, সচিবালয়ত এতিয়া কেমেৰাবোৰ লগাই দিয়াৰ পিছত (বেছি ভাগেই অচল) এজেণ্ট, দালাল কমিছে৷ কিন্তু মোক সচিবালয়ৰ এটা বিভাগত কাম কৰা এজন উচ্চ পর্যায়ৰ কেৰাণীয়ে লগ পাই চিনাকি হওতে মোৰ প্রশ্ণৰ উত্তৰত কৈছিল বোলে ছাৰ, দালাল এজেণ্টবোৰৰ দপদপনি আগৰ চৰকাৰবোৰৰ দিনৰ দৰে নাই হয়৷ কিন্তু বহুত কৌশলেৰে চিচি কেমেৰাৰ আঁৰ কৰিবলৈ বাহিৰলৈ ওলাই গৈ গছৰ ছাঁত লেনদেন আগৰ দৰেই চলি আছে৷ তেনেহ’লে? মই ক’ম যে শিক্ষক নিযুক্তিত অগপৰ বৃন্দাবন গোস্বামীৰ দিনত হোৱাদি (তেতিয়া গোস্বামী দুর্নীতি সম্রাট গুপ্তঘাতকৰ প্রধান সেনাপতিৰ নলে–গলে লগা) হিমন্ত বিশ্ব শর্মাৰ দিনতো হাজাৰ হাজাৰ শিক্ষক–শিক্ষয়িত্রী নিযুক্ত হৈছে মন্ত্রীৰ লেভেলত তামোল এখনো নিদিয়াকৈ বা টকা এটাও নিদিয়াকৈ৷ স্বীকাৰ কৰিছে আৰু আমিও কৰিম৷ কিন্তু শিক্ষা সঞ্চালকৰ কার্যালয়, ডি আইবোৰৰ কার্যালয়, বিদ্যালয় পৰিদর্শকবোৰৰ কার্যালয়, খণ্ড প্রাথমিক বিদ্যালয়ৰ পৰিদর্শকৰ কার্যালয়ত টকা নিদিয়াকৈ কাম হৈছেনে শর্মা ডাঙৰীয়া আৰু সোণোৱাল ডাঙৰীয়া? নাই হোৱা৷ মুঠেই নাই হোৱা৷ আৰক্ষীৰ সঞ্চালকপ্রধানৰ কার্যালয়ৰ পৰা আৰক্ষীৰ হাজাৰ হাজাৰ মৌজা, নগৰ, মহকুমা, জিলা বিষয়াৰ কার্যালয়বোৰত টকা নুখুওৱাকৈ কাম হৈছেনে বাৰু গৃহমন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়া? মুঠেই নাই হোৱা৷ মোক দুই মিনিট খৰচ কৰি সোধকচোন৷ এই যে দেৰগাঁৱত থকা একাদশ বেটেলিয়নৰ পূর্বতে থকা চিকিৎসালয়খন যে এটা বদনামী, টকা খোৱা কমাণ্ডেণ্টে গুদামঘৰ এটালৈ নি সেই পূর্বৰ চিকিৎসালয়খন মাত্র ৩জন বিষয়াৰ ক্লাব কৰিলে৷ সেইটো কাম কিহৰ বলত আজিলৈকে আপুনি কৰিব পৰা নাই– ব্যক্তিগত চিঠি দিয়াৰ পিছতো বাৰু? মই মানে এটা কামৰ উদাহৰণ দিছোঁ আপোনাৰ বিভাগৰ৷ হয়, আপুনি ধার্মিক আৰু নীতিপৰায়ণ মানুহ, কিন্তু তলত থকা বিভাগটোৰ দুর্নীতি–নীতি কমাব পৰা নাই কিয়?
সচিবালয়ত আজিলৈকে অসমীয়া ৰাজ্য ভাষা কিয় চলাব পৰা নাই? কিয় এতিয়াও কামবোৰ হওঁতে আগৰবোৰ চৰকাৰৰ দিনৰ দৰে বহুত পলম হৈছে?
এই যে গাঁও–নগৰত থকা বিভিন্ন বিভাগৰ জিলাত থকা, বিভিন্ন বিভাগৰ কার্যালয়বোৰত টকা নহ’লে এতিয়াও কাম নোহোৱাৰ কথা ভুক্তভোগীয়ে, মই তেনেবোৰকে লিখোঁ বাবে মোক কিয় কৈ কৈ আমনি দিয়ে আৰু মই শুনি শুনি বিৰক্ত হ’ব লাগে?
সেইবোৰ অর্থাৎ পঞ্চায়ত পর্যায়ৰ কার্যালয়বোৰত, খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়বোৰত সর্বসাধাৰণ দুখীয়া ৰাইজৰ কাম হয়৷ তাত টকা নিদিলে ক’ৰবাত কাম হৈছে নে বাৰু খবৰ ৰাখিছেনে? আকৌ কৈছোঁ মোৰ চাকৰিকালত টকা খেৱাও নাছিলোঁ আৰু আজিৰ টকা নহ’লে কাম নোহোৱাৰ দিনত এটা টকাও বা একাপ চাহো ভৰিব নলগাকৈ নিজৰ বা লোকৰ কামবোৰ কৰি আছোঁ, কৰাই আছোঁ৷ কিন্তু বাকীবোৰৰ অৱস্থা কি? সোণাৰিৰ এজন দুখীয়া কৃষকে (মোৰ পাঠক মই দেখা নাই) মোক কোৱাত মই মন্ত্রী অতুল বৰাক চাই–চিন্তি তদন্ত কৰাই প্রদীপ দাসক এখন ট্রেক্টৰ দি সহায় কৰিবলৈ কৈছিলোঁ, মন্ত্রীয়ে তদন্ত কৰাই প্রাপ্য বুলি কোৱাৰ পিছতো আজিলৈকে দেখোন দিয়া নাই? কাৰণটো কি? নে কিবা ভাগ লাগে? অতুল বৰা দেউ, লোকক কোৱাই লাভ নাই, মোক কোনেও দম নিদিয়ে৷ সাহস নাই৷
গতিকে মই বা আমি কৈছোঁ যে আগৰ চৰকাৰৰ তুলনাত কেইবাজনো মন্ত্রী–বিধায়ক দুর্নীতিহীন আৰু ৰাইজৰ কাম কৰা যদিও বহুত বিধায়ক (মই নাম ক’ম তেনে বিধায়ক–মন্ত্রীৰ পিছৰ লেখাত) এতিয়াও দুর্নীতিপৰায়ণ৷ ৰাইজৰ মত৷ ঘোচ দিয়া, বন্ধ কৰা, সোনকালে কাম হোৱা কামটো কৰাব নোৱাৰে, তেনেহ’লে বাজেটত নতুন চৰকাৰে দুখীয়া ৰাইজক বছৰি, ঘোচ দি কাম কৰাবৰ বাবে প্রতিটো পৰিয়ালৰ বাবে টকা ধার্য কৰিব লাগিব৷ পাৰিবনে?
ফোনঃ ৬০০০৫–৯৯২০৭০

You might also like