নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ হিংসাত অৰিহণা ম্যানমাৰ চৰকাৰৰ !

🔹 গোপন পথেৰে সন্ত্রাসবাদীলৈ প্রেৰণ অত্যাধুনিক অস্ত্র

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : মণিপুৰৰ ভূমিত অশান্তি অব্যাহত ৰাখিবলৈ গোপন পথেৰে সন্ত্রাসবাদীৰ হাতত অস্ত্র তুলি দিছে প্রতিৱেশী দেশ ম্যানমাৰে৷ যোৱা ১৩ ডিচেম্বৰত পূব ইম্ফলত তালাচী অভিযানত বিপুল পৰিমাণৰ অত্যাধুনিক অস্ত্র উদ্ধাৰ হোৱাৰ লগতে পোৱা গৈছে ষ্টাৰলিংকৰ এণ্টেনা আৰু ৰাউটাৰ৷ এই ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে জনাইছে যে ম্যানমাৰৰ পৰা চোৰাংভাৱে এই অস্ত্র তথা অত্যাধুনিক প্রযুক্তিৰ সামগ্রী সন্ত্রাসবাদীলৈ প্রেৰণ কৰা হৈছে৷ সেনা সূত্রই সদৰী কৰা অনুসৰি, বিগত কেইমাহমানৰ ভিতৰত মণিপুৰত যিবোৰ অত্যাধুনিক অস্ত্র উদ্ধাৰ হৈছে, তাৰ অধিকসংখ্যকেই আহিছে ম্যানমাৰৰ পৰা৷ লক্ষণীয়ভাৱে দেশৰ সেনাই ব্যৱহাৰ কৰা অত্যাধুনিক এমএ–৪ এছাল্ট ৰাইফল মণিপুৰত উদ্ধাৰ হৈছে৷ বিগত ৫–৬ মাহত মণিপুৰত উদ্ধাৰ হোৱা অস্ত্রসমূহ পৰীক্ষা কৰাৰ পিছত সেনা তথা আৰক্ষী নিশ্চিত হৈছে যে উত্তৰ–পূবৰ ৰাজ্যখনত অশান্তি সৃষ্টিৰ বাবে ম্যানমাৰৰ পৰা বিদেশী শক্তিয়ে এই অস্ত্র প্রেৰণ কৰিছে৷ অকল সেয়াই নহয়, ম্যানমাৰৰ সেনাৰ পোছাক তথা বুলেটপ্রুফ ভেষ্ট মণিপুৰৰ সন্ত্রাসবাদীলৈ প্রেৰণ কৰা হৈছে৷

You might also like