নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত মালিক পক্ষৰ বিৰুদ্ধে কেইবাশ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

🔹 চাহ বাগিচাত শোষণ-বঞ্চনা, স্বৈৰাচাৰিতাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : গোৱালপাৰাৰ শিমলীতোলা শশী কুমাৰ চাহ বাগিচাত মঙলবাৰে পুৱাতেই সাব্যস্ত হয় উত্তাল প্ৰতিবাদ। বাগিচাখনত নিয়োজিত নিয়মীয়া শ্ৰমিক-মজদুৰসকলে মালিক পক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ | মালিক পক্ষৰ বিৰুদ্ধে শোষণ-বঞ্চনা আৰু স্বৈৰাচাৰিতাৰ অভিযোগ উত্থাপন কৰে বাগিচাৰ শতাধিক শ্ৰমিকে | অভিযোগ অনুসৰি বাগিচাৰ শ্ৰমিকসকল দীৰ্ঘদিনৰে পৰা মালিক পক্ষৰে হোৱা কেতবোৰ মতানৈক্যৰ পৰিপ্ৰেক্ষিতত কামৰ পৰা বিৰত আছে, যাৰ ফলত আজিকোপতি বোনাচ, মজুৰিৰ পৰাও বঞ্চিত হৈ আছে | এফালে কাইলৈ বৰদিন যদিও হাতত পা-পইচা নথকাৰ বাবেই খ্ৰীষ্টানধৰ্মী লোকসকলৰ প্ৰতিটো পৰিয়ালত বিৰাজ কৰিছে নিৰানন্দৰ পৰিৱেশ | তাৰ মাজতে সোমবাৰে শ্ৰমিক-মজদুৰ সন্থাৰ জিলা আয়ুক্ত আৰু মালিক পক্ষৰে হোৱা ত্ৰিপাক্ষিক আলোচনা মৰ্মে মঙলবাৰে পুৱাতেই শ্ৰমিকসকল কামলৈ ওলায় যদিও বেৰত লক আউট ন’টিচ আঁৰি থোৱা দেখি আৰু কাৰ্যালয়ত মেনেজমেণ্টৰ কোনো লোক নেদেখি সকলো স্তম্ভিত হয় আৰু মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে বাগিচাখনৰ শতাধিক পুৰুষ-মহিলা শ্ৰমিক | মালিক পক্ষৰ বিৰুদ্ধে অতিকে আঁকোৰগোজ দেখা গ’ল প্ৰতিবাদকাৰী শ্ৰমিকসকলক | শীঘ্ৰে বিষয়টোত চৰকাৰৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰে বাগিচাখনৰ প্ৰতিবাদকাৰী শ্ৰমিকসকলে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like