নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৱিত্র বৰদিন : কেৰলৰ ধ্বনিৰে মুখৰিত ৰাজ্য

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : আজি সমগ্র বিশ্বৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে পৱিত্র বৰদিন৷ ত্যাগ আৰু প্রেমৰ প্রতীকস্বৰূপ এই উৎসৱ মহা আড়ম্বৰেৰে আয়োজন কৰা হৈছে৷ খ্রীষ্টান ধর্মাৱলম্বী লোকসকলৰ ঘৰে ঘৰে বৰদিন উদযাপন কৰা দেখা গৈছে৷ সমান্তৰালভাৱে গির্জাঘৰসমূহো বৰদিন উপলক্ষে সজাই–পৰাই তোলা হৈছে৷ আজি বৰদিন উপলক্ষে গির্জাঘৰসমূহত খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে প্রার্থনা জনাব৷ ৰং–বিৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা গির্জাঘৰসমূহৰ পৰা ভাহি অহা কেৰলৰ ধ্বনিৰে ৰাজ্যৰ আকাশ–বতাহ মুখৰ হৈ পৰিছে৷ সমান্তৰালভাৱে খ্রীষ্টমাছ ট্রী, টুপীকে ধৰি বৰদিনৰ বিভিন্ন সামগ্রী বজাৰত উপলব্ধ হৈছে৷ বৰদিন উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই৷ এক শুভেচ্ছা বার্তাত ৰাজ্যপালগৰাকীয়ে এই উৎসৱৰ জৰিয়তে মানৱ সমাজত প্রেম, শান্তি, ভাতৃত্ববোধ আৰু বন্ধুত্বৰ বার্তা বিয়পাই দিবলৈ আহ্বান জনাইছে৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বৰদিন উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like