নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ বতৰত আমি মৃত্যু নিবিচাৰোঁ

🔹 পথ সুৰক্ষাক লৈ কঠোৰ মুখ্যমন্ত্রী

🔹 সুৰাপায়ী চালক–বাইক ষ্টাণ্ট কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নির্দেশ

বিশেষ বার্তা, ২৫ ডিচেম্বৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিব্রুগড়স্থিত মুখ্যমন্ত্রীৰ সচিবালয়ৰ সভাকক্ষত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, পৰিবহণ আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ লগত ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে এক বৈঠকত মিলিত হয়৷ বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুর্ঘটনা, পথ সুৰক্ষা আইন বলৱৎ, পৰিবহণ আৰু আৰক্ষী বিভাগে পথ দুর্ঘটনা ৰোধ কৰাৰ ক্ষেত্রত লোৱা ব্যৱস্থাৰাজি আদি বিষয় পর্যালোচনা কৰা হয়৷ এই বৈঠকত পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে জিলাসমূহত কি কি কাৰকৰ বাবে দুর্ঘটনা সংঘটিত হয় সেই বিষয়ে মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে৷ গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত হোৱা দুর্ঘটনা সম্পর্কতো এই বৈঠকত আলোচনা কৰা হয়৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই অহা মাঘ বিহু পর্যন্ত সুৰাপায়ী চালকৰ বিৰুদ্ধে তালাচী ব্যৱস্থা কটকটীয়া কৰাৰ নির্দেশ দি কয় যে উৎসৱৰ বতৰত আমি মৃত্যু নিবিচাৰোঁ৷ যোৱা তিনিটা বছৰত ৰাজ্যখনত পথ দুর্ঘটনা ৰোধৰ বাবে ৰাজ্য চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে৷ ২০২৩ চনৰ তুলনাত ২০২৪ত দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪২০জনলৈ হ্রাস পায়৷ অর্থাৎ ২০২৩ৰ তুলনাত ২০২৪ত ১৫ শতাংশ মৃত্যুৰ সংখ্যা কমিছে৷ কিন্তু প্রত্যেক বছৰে ৰাজ্যখনত পথ দুর্ঘটনাত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হয়৷ সেয়ে এইক্ষেত্রত আৰু অধিক কৰিবলগীয়া আছে৷ নিশা দহ বজাৰ পাছত সুৰাপান কৰি যাতে গাড়ী চলাচল কৰিব নোৱাৰে তাৰ বাবে অহা ১৫ জানুৱাৰীলৈকে অর্থাৎ মাঘ বিহুলৈকে সমগ্র ৰাজ্যখনতে কঠোৰ পদক্ষেপ ল’বলৈও আৰক্ষী আৰু পৰিবহণ বিভাগক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ প্রদান কৰে৷ গুৱাহাটী মহানগৰীত জ্যেষ্ঠ নাগৰিকসকলে নিশাৰ ভাগত যান–বাহন লৈ ওলাবলৈ ভয় কৰা হৈছে৷ সেইদৰে বাইক ষ্টাণ্ট কৰাসকলৰ বিৰুদ্ধে প্রশাসনক অধিক কঠোৰ হ’বলৈ নির্দেশ দি মুখ্যমন্ত্রী ড০ শর্মাই সেইসকলক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণৰো নির্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ফুট অভাৰব্রিজ, উৰণ সেতুসমূহত যথোপযুক্ত পোহৰৰ ব্যৱস্থা কৰিবলৈও সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ বহু চহৰ–নগৰত ষ্ট্রীট লাইটৰ ব্যৱস্থা নাই৷ তেজপুৰ, যোৰহাট, ডিব্রুগড়কে ধৰি ১০খন উল্লেখযোগ্য চহৰত ষ্ট্রীট লাইটৰ ব্যৱস্থা আগন্তুক এমাহৰ ভিতৰত অনুমোদন জনাবলৈও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ সেইদৰে গ্রামাঞ্চলৰ ভিতৰত থকা পথসমূহত হোৱা দুর্ঘটনাৰ বিষয়তো এই বৈঠকতে আলোচনা কৰা হয়৷ পথসমূহত হোৱা দুর্ঘটনাৰ কাৰণসমূহ সংশ্লিষ্ট বিভাগে মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই বিদ্যালয়, হাস্পতাল, থানা আদিৰ সন্মুখত স্পীড ব্রেকাৰৰ ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নির্দেশ দিয়ে৷ গ্রামাঞ্চলৰ পথসমূহত এক কিলোমিটাৰৰ ভিতৰত দুটাকৈ স্পীড ব্ৰেকাৰ গঢ়ি তোলা আৰু এই সম্পর্কত গাঁৱৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি স্থান নির্ধাৰণ কৰাৰ লগতে পথ নির্মাণৰ সময়ত ডিজাইন প্রস্তুত কৰোঁতে এই বিষয়টো অন্তর্ভুক্ত কৰাৰ বাবে লোকনির্মাণ বিভাগক নির্দেশ দিয়ে৷ এইক্ষেত্রত এখন এছ অ’ পি প্রকাশৰ ব্যৱস্থা ল’বলৈও মুখ্য সচিবক নির্দেশ দিয়ে৷ ষ্ট্ৰীট লাহট, স্পীড ব্রেকাৰ, বেনাৰ আদি পথ নির্মাণৰ সময়তে অন্তর্ভুক্ত কৰাৰ ওপৰতো মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব আৰোপ কৰে৷ সীমান্তৰ জিলাসমূহত গাড়ী প্রৱেশৰ সম্পর্কত আৰক্ষী অধীক্ষকসকলক বিশেষ নির্দেশনা দিয়াৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা ধাবাসমূহে উপযুক্ত পার্কিঙৰ ব্যৱস্থা কৰিব লাগিব৷ কোনো ট্ৰাক ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত ৰখাব নোৱাৰিব৷ এইক্ষেত্রত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশনা দিবলৈও তেওঁ মুখ্য সচিবক নির্দেশ দিয়ে৷ জনসাধাৰণে যাতে পথ পৰিবহণৰ সম্পর্কত চৰকাৰীভাৱে জাৰি কৰা বিষয়সমূহ অৱগত হ’ব পাৰে তাৰ পৰিপ্রেক্ষিতত ডিজিটেল প্লেটফর্মত বিভিন্ন ভাষাত প্রচাৰৰ বাবেও যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ সেইদৰে চালকসকলৰ দৃষ্টি শক্তিৰ পৰীক্ষা কৰাৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই চালকসকলে যাতে চকু পৰীক্ষা কৰাৰ বাবে সুযোগ লাভ কৰে, সেই দিশত চৰকাৰীভাৱে পদক্ষেপ লোৱাৰ বাবে মুখ্য সচিবক নির্দেশনা প্রদান কৰে৷ আনহাতে, বাৰ খোলা ৰখাৰ সময় সম্পর্কত পর্যালোচনা কৰা আৰু বছৰৰ সকলো সময়তে যাতে এই বাৰ খোলা ৰখাৰ সময় একে নাথাকে তেনে দিশতো পর্যালোচনা কৰাৰ বাবে আবকাৰী বিভাগক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ পথ সুৰক্ষাৰ দিশত জনসাধাৰণৰ মাজত অধিক সচেতনতা গঢ়াৰ ওপৰত মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব আৰোপ কৰি কয় যে বিহু সমিতিসমূহেও যাতে পথ নিৰাপত্তা সম্পর্কত ভিডিঅ’ অথবা নাটকৰ মাধ্যমেৰে সচেতনতা গঢ়ি তুলিব পৰা যায় তেনে দিশতো পদক্ষেপ ল’ব লাগিব৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই পথ দুর্ঘটনাত আঘাতপ্রাপ্ত লোকসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰিব পাৰে, তাৰ বাবে স্বাস্থ্য বিভাগক নির্দেশনা প্রদান কৰে৷ ইয়াৰ লগতে চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দিশতো গুৰুত্ব প্রদান কৰি এই সন্দর্ভত স্বাস্থ্য, চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ মুখ্য সচিবক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই সকলো বিভাগকে সামূহিক অভিযান হিচাপে এইক্ষেত্রত কাম কৰিবলৈও কয়৷

You might also like