নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ঘোষিত হ’ল চেম্পিয়নছ ট্রফীৰ সূচী

🔹 ২৩ ফেব্রুৱাৰীত ডুবাইত ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচ

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : বহু বিতর্কৰ অন্তত অৱশেষত ঘোষিত হ’ল আইচিচি চেম্পিয়নছ ট্ৰফীৰ সময়সূচী৷ ভাৰতীয় ক্রিকেট ব’ৰ্ড আৰু পাকিস্তানৰ ক্রিকেট ব’ৰ্ডৰ মাজত চলি থকা বিবাদ আঁতৰাৰ পাছতে আইচিচিয়ে প্রকাশ কৰিলে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলৰ সময়সূচী৷ অহা বর্ষৰ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫৷ প্রতিযোগিতাখনৰ টীম ইণ্ডিয়াৰ আটাইকেইখন মেচ ডুবাইত অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ বহুপ্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মেচখন ২৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ প্রকাশিত সূচী অনুসৰি, চেম্পিয়নছ ট্ৰফীৰ প্রথমখন খেল কাৰাচীত নিউজিলেণ্ড আৰু আয়োজক পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব৷ চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত খেল অনুষ্ঠিত হ’ব ১৯ মার্চত৷ উল্লেখ্য যে সুদীর্ঘ ৮ বছৰৰ পিছত পাকিস্তানে আয়োজন কৰিবলৈ লোৱা এই প্রতিযোগিতাখনৰ বাবে ভাৰত চৰকাৰে টীম ইণ্ডিয়াক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল৷ ইয়াৰ বাবেই বিচিচিআয়ে হাইব্রিড মডেলত প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে দাবী জনাইছিল৷ এই বিষয়টোক লৈ দুয়োখন দেশৰ ক্রিকেট ব’ৰ্ডৰ মাজত দীর্ঘ সময় ধৰি সংঘাত চলি আছিল৷ এতিয়া হাইব্রিড মডেলত প্রতিযোগিতাখন খেলিবলৈ সন্মতি দিয়াৰ পিছত আইচিচিয়ে আজি সূচী প্রকাশ কৰিছে৷ চেম্পিয়ন ট্ৰফীৰ দলবোৰক দুটা গ্রুপত ভাগ কৰা হৈছে৷ গ্রুপ ‘এ’ত আছে পাকিস্তান, ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশ৷ ‘বি’ গ্রুপত আছে দক্ষিণ আফ্রিকা, অষ্ট্রেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড৷ ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব৷ যদি দলটোৱে ফাইনেলত প্রৱেশ কৰে তেন্তে লাহোৰৰ পৰিৱর্তে ডুবাইত অনুষ্ঠিত হ’ব ফাইনেল মেচখন৷ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফীৰ মেচ৷

You might also like