নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেল মহাৰণ-২.০ প্রতিযোগিতাই অসমৰ ক্ৰীড়া ক্ষেত্ৰত আনিব জাগৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ডিচেম্বৰঃ ৰাজ্যৰ চুকে-কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহকত উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ‘খেল মহাৰণ’ শীৰ্ষক কাৰ্যসূচী। ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণে সম্ভাৱনাপূৰ্ণ ক্ৰীড়াবিদসকলৰ শ্ৰেষ্ঠত্বসমূহ প্ৰদৰ্শন কৰা আৰু প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিছে। খেল মহাৰণ ২.০ৰ নলবাৰী বিধানসভা সমষ্টি পর্যায়ৰ প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰীৰ চৰকাৰী গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতালৈ ইতিবাচক সঁহাৰি জনায় নলবাৰী সমষ্টিৰ ১৫০০তকৈ অধিক ক্ৰীড়া প্ৰতিভাই অংশ গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন উদ্বোধন কৰি ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ‘খেল মহাৰণৰ জৰিয়তে মানুহৰ মাজত গঢ় লৈ উঠা ক্ৰীড়া মানসিকতাই ৰাজ্যত ক্ৰীড়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাব’। ‘খেল কেৱল প্ৰতিযোগিতাই নহয় আমাৰ শাৰিৰীক আৰু মানসিক গঠনৰ বাবে খেলৰ প্ৰয়োজন’, নতুন প্ৰজন্মৰ মাজত এই ক্ৰীড়া প্ৰতিযোগিতাই আশাৰ ৰেঙণি দিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। খেল মহাৰণ ২.০ প্রতিযোগিতাই অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত এক জাগৰণ আনিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা প্ৰদান কৰাৰ লগতে ক্ৰীড়াৰ মাজেৰে কি দৰে নিজৰ বিকাশ সাধনৰ কাম কৰিব লাগে সেই সন্দৰ্ভত উদগনিমূলক মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

You might also like