নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেলবৰ্নত বুমৰাহৰ ৩ বছৰীয়া ৰেকৰ্ড ভংগ কনষ্টাছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ডিচেম্বৰঃ আজিৰে পৰা আৰম্ভ হৈছে বক্সিং ডে’ টেষ্ট। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ চতুৰ্থখন টেষ্ট মেচ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখন টেষ্ট মেচৰ শৃংখলাৰ এইখন অতি বিশেষ টেষ্ট মেচ। ১৯ বছৰীয়া খেলুৱৈ ছেম কনষ্টাছে চতুৰ্থ টেষ্ট মেচত খেলাৰ সুযোগ লাভ কৰিছে। এইখন কনষ্টাছৰ অভিষেক মেচ। নিজৰ অভিষেক মেচখনতেই কনষ্টাছে চাৰি আৰু ছয়েৰে ভৰা ইনিংছ খেলি যশপ্ৰীত বুমৰাহৰ গৌৰৱ ভাঙি পেলায়। মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ যুৱ অ’পেনাৰ ছেম কনষ্টাছে বুমৰাহৰ বিৰুদ্ধে সাহসী ইনিংছ খেলি তিনি বছৰীয়া অভিলেখ ভংগ কৰে। ভাৰতীয় বেগী বলাৰ বুমৰাহৰ বিৰুদ্ধে ৰিভাৰ্ছ ৰেম্প শ্বট খেলি ১৯ বছৰীয়া কনষ্টাছে দুটা চাৰি আৰু এটা ছয় মাৰে। বিশেষ কথাটো হ’ল টেষ্ট ক্ৰিকেটত ১১১২ দিন আৰু ৪৪৮৩টা বল খেলাৰ অন্তত বুমৰাহে ছয়টো হেৰুৱাইছিল। ইয়াৰ পূৰ্বে ২০২১ চনত কেমেৰন গ্ৰীনে ছিডনীত তেওঁৰ বিৰুদ্ধে ছয় মাৰিছিল। প্ৰথম ইনিংছৰ ২৩নং বলত ছেম কনষ্টাছে এই আচৰিত শ্বটটো খেলি দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে। কমেণ্ট্ৰী কৰি থকা প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ধেমালিতে কয়, “হয়তো কনষ্টাছে সিদ্ধান্ত লৈছিল যে বুমৰাহক কেৱল ৰিভাৰ্ছ শ্বটহে খেলিব লাগিব।” কনষ্টাছৰ আগ্ৰাসী শৈলীয়ে ভাৰতীয় বলাৰসকলক প্ৰত্যাহ্বান জনাইছিল। প্ৰাৰম্ভিক অভাৰত বুমৰাহে কনষ্টাছক অশান্তি দিছিল আৰু বহুবাৰ তেওঁৰ বেটখনে এজ স্পৰ্শ কৰিছিল যদিও যুৱ বেটছমেনগৰাকীয়ে নিৰ্ভীকতা দেখুৱাই বুমৰাহৰ বল বাউণ্ডেৰীৰ সিপাৰে প্ৰেৰণ কৰিছিল। সপ্তম অভাৰত তেওঁ একেৰাহে দুটা চাৰিটা মাৰি ভাৰতীয় বলিং আক্ৰমণৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কনষ্টাছৰ আগ্ৰাসী ইনিংছৰ বাবে ৰোহিত শৰ্মাই বলটো ৰবীন্দ্ৰ জাদেজাৰ হাতত গতাই দিবলগীয়া হয় আৰু এই পৰিকল্পনা কাৰ্যকৰী বুলি প্ৰমাণিত হয়। ১৯ অভাৰৰ দ্বিতীয় বলৰ স্পিনেৰে কনষ্টাছক আউট কৰে জাডেজাই। অভিষেক টেষ্টৰ প্ৰথম ইনিংছত ৬৫টা বলত ৬০ ৰান সংগ্ৰহ কৰি ছেম কনষ্টাছে ৯২.২০ ষ্ট্ৰাইক ৰেটত ৬টা চাৰি আৰু ২টা ছয়কে ধৰি ৰান সংগ্ৰহ কৰে।

You might also like