নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ বছৰীয়া কিশোৰীক ধ*ৰ্ষ*ণ, ৰঙাঘৰলৈ ঢকুৱাখনাৰ কিৰণ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ঢকুৱাখনা সমজিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাঁহপৰা গাঁৱত পিতৃ বিয়োগৰ পিছত নিজ মোমায়েকৰ ঘৰত আশ্ৰয় লৈ থকা এগৰাকী ৭ বছৰীয়া কিশোৰীক ১০ টকাৰ প্ৰলোভনে ফুচুলাই নি নিকৃষ্ট কামনা চৰিতাৰ্থ কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰি অৱশেষত প্ৰায় ৬০ বছৰীয়া এজন পৌঢ় ব্যক্তি ৰঙাঘৰৰ আলহী হব লগা হোৱাৰ ঘটনাই আতংকিত কৰিছে গাঁওবাসীক৷ ঘটনাৰ বিৱৰণি মতে ঘিলামৰা শিক্ষাখণ্ডৰ অন্তগত তৰানীচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক গাৱঁৰে কিৰণ কোঁৱৰ নামৰ লম্পট চৰিত্ৰৰ লোক জনে ফুচুলাই একাধিকবাৰ এনে কাৰ্য সংঘটিত কৰাত কণমানি ছাত্ৰীগৰাকীয়ে ৩ দিন ধৰি বিদ্যালয়লৈ যোৱা নাছিল৷ পেটৰ বিষ বুলি বিদ্যালয়লৈ নোযোৱা ছাত্ৰীগৰাকীৰ খবৰ ল’বলৈ তৰানীচুক প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰীগৰাকী অহাত ঘটনাৰ বিষয়ে পোহৰলৈ অহাত শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীৰ সকলো কথা ভিডিঅ কৰি ৰাখাৰ লগতে অসহায় মাতৃ দীপামণি বৰুৱাই ৰাজহুৱা বিচাৰৰ বাবে বাঁহপৰা গাঁও উন্নয়ন সমিতিক আবেদন জনায়৷ ঘটনা সন্দৰ্ভত ২৬ ডিচেম্বৰত বাঁহপৰা গাঁও নামঘৰত ঘন বৰুৱাৰ সভাপতিত্বত অনুস্থিত বিচাৰ সভাত লম্পতগৰাকীয়ে ঘটনাৰ সত্যতা স্বীকাৰ কৰি ৫ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈ মান্তি হয় যদিও কিশোৰীগৰাকীৰ অসহায় মাতৃ দীপামণি বৰুৱাই উক্ত ক্ষতিপূৰণ লবলৈ মান্তি নহৈ আইনৰ দ্বাৰস্থ হবলৈ ৰাইজৰ সহযোগিতা বিচাৰে ৷ অন্যহাতেদি ৰাজহুৱা বিচাৰ সভাৰ পিছতে নিশালৈ কিৰণ কোঁৱৰৰ পৰিয়ালৰ লোকে উক্ত পৰিয়ালটোৰ ঘৰলৈ গৈ টকাৰ প্ৰলোভন দি ঘটনাৰ গাপ দিবলৈ হেচাঁ প্ৰয়োগ কৰাত অসহায় পৰিয়ালটোৰ মোমায়েক প্ৰদীপ বৰুৱাই সোণাৰি চাপৰি আৰক্ষী চকীত গোচৰ দিয়াত নিশাই সোণাৰি চাপৰি আৰক্ষীয়ে পক’চ আইনৰ অধীনত লম্পট কিৰণক আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like