নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ চামগুৰি সমষ্টিৰ পূৱ শিঙিমাৰীত এটি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে৷ পথছোৱা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাবে আজি স্থানীয় ৰাইজে পথছোৱাৰ ওপৰত এক উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷ প্ৰতিবাদকাৰীসকলে ঠিকাদাৰ আৰু অভিয়ন্তাৰ বিৰুদ্ধে নানা শ্লো’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ লোক নিৰ্মাণ বিভাগৰ অধীনত ১·৭৫০ কিঃমি পথ নিৰ্মাণত ঠিকাদাৰে বিভাগীয় প্ৰাককলন উলংঘা কৰি পথ নিৰ্মাণৰ অভিয়োগ৷ পথছোৱাৰ দুয়োকাষে কাম নকৰি মাজৰ পথছোৱা যেনে তেনে কাম কৰাৰ বাবেই আজি ৰাইজ জাঙুৰ খাই উঠিছে৷ প্ৰতিবাদকাৰী ৰাইজে পথছোৱাত সংঘটিত হোৱা দুৰ্নীতিৰ বাবে ঠিকাদাৰজনক ব্লেকলিষ্ট কৰাৰ লগতে পথছোৱাত হোৱা সংঘটিত হোৱা দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like