বিচিচিআইৰ নিৰ্দেশনাঃ ১৫ এপ্ৰিললৈকে স্থগিত IPL
নিয়মীয়া বাৰ্তা ১৩ মার্চঃ চীনৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰা মাৰাত্মক ক’ৰোনা ভাইৰাছে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগতো আউল লগাইছে ৷ ভাৰতত এই ৰোগত আক্রান্ত লোকৰ সংখ্যা অর্ধশতাধিকলৈ বৃদ্ধি পোৱাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পূৰ্বে আজি বিচিচিআয়ে ঘোষণা কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব’ৰ্ড (BCCI) য়ে আসন্ন আইপিএল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ এপ্ৰিললৈকে স্থগিত কৰিছে ।
Board of Control for Cricket in India (BCCI): We have decided to suspend #IPL2020 till April 15, as a precautionary measure against the Novel Corona Virus (COVID-19) situation. https://t.co/BcEh9VKtg8
— ANI (@ANI) March 13, 2020
উল্লেখ্য যে ক্রীড়া মন্ত্রালয়ে বৃহস্পতিবাৰে দেশৰ সকলো ৰাষ্ট্রীয় ক্রীড়া ফেডাৰেচনক এৰাব নোৱাৰা ক্রীড়া ইভেণ্টসমূহ নির্ধাৰিত সময় অনুসৰি অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে যদিও কিন্তু এয়া বন্ধ ষ্টেডিয়ামৰ ভিতৰত অনুষ্ঠিত হ’ব লাগিব বুলি এক বিশেষ নির্দেশনা জাৰি কৰিছিল ৷