নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোনয়ন দাখিল নকৰিলে অতনু ভূঞাইঃ বিজয় নিশ্চিত ৩ প্ৰাৰ্থীৰ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল । বিয়লি তিনি বজাত অন্ত পৰিল মনোনয়ন দাখিলৰ সময়সীমা । তৃতীয়খন আসনক লৈ কিছু দোমোজাই বিৰাজ কৰিছিল যদিও অৱশেষত এইখন আসনৰ বাবে কেৱল অজিত কুমাৰ ভূঞাই দাখিল কৰে মনোনয়ন । বৃহস্পতিবাৰে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে মনোনয়ন গ্ৰহণ কৰিছিল । কিন্তু শুকুৰবাৰে অন্তিম সময়সীমা পৰ্যন্ত অতনু ভূঞাই দাখিল নকৰিলে মনোনয়ন পত্ৰ ।

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনক আন্দোলন এটা অংশ ৰূপে বিবেচনা কৰিছোঁ বুলি অজিত কুমাৰ ভূঞাই আগন্তুক দিনসমূহতো কাবিৰোধী সংগ্ৰামখন আগুৱাই নিব বুলি উল্লেখ কৰে । অসমৰ ভাষা সংস্কৃতিলৈ যি প্ৰত্যাহ্বান আহিছে সেই চিন্তাবোৰেই অগ্ৰাধিকাৰ পাই আহিছে আৰু অনাগত দিনতো পাই আহিব বুলি কয় অজিত কুমাৰ ভূঞাই ।

মনোনয়ন দাখিলৰ অন্তিম দিনটোলৈকে বিজেপিৰ হৈ ভুবনেশ্বৰ কলিতা , বিজেপি মিত্ৰজোঁটৰ বিশ্বজিত দৈমাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত ভূঞাই দাখিল কৰে মনোনয়ন । ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আগন্তুক ২৬ মাৰ্চত হ’ব ল’ব নিৰ্বাচনত তিনিওজন প্ৰাৰ্থীৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় নিশ্চিত ।

You might also like