শোকাৱহ পথ দুর্ঘটনাত ৬৬জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ আফ্রিকান ৰাষ্ট্র ইথিঅ’পিয়াত শোকাৱহ এক পথ দুর্ঘটনাত ৬৬গৰাকী লোকৰ প্রাণহানি হৈছে৷ দেশখনৰ দক্ষিণ প্রান্তত ছিদামা অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ এই দুর্ঘটনাত আহত হৈছে অন্য কেইবাগৰাকীও৷ আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি হাস্পতালৰ সূত্রই সদৰী কৰিছে৷ ছিদামা অঞ্চলৰ ব’না জেনেৰেল হাস্পতালৰ সঞ্চালক লেমা লাগিডেই সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি কেইবাগৰাকীও আহত ব্যক্তিক আইচিইউত চিকিৎসা প্রদান কৰি থকা হৈছে৷ উল্লেখনীয় যে কালি বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যোৱা লোকৰ এখন ট্রাক গেলান দলঙত বাগৰি পৰাৰ ফলত ঘটনাস্থলীতে বহু লোকৰ মৃত্যু হয়৷ অঞ্চলটোৰ অতি দুর্গম এখন গাঁৱত এই দুর্ঘটনা সংঘটিত হৈছে৷ স্থানীয় গঞাই উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও প্রশাসনে প্রেৰণ কৰা উদ্ধাৰকাৰী দল বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়৷ উদ্ধাৰ অভিযানত বিলম্ব হোৱাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে দুর্ঘটনাৰ সময়ত ট্রাকত যাত্রী হিচাপে থকা লোকসকল নৃত্য–গীতত আত্মহাৰা হৈ আছিল বুলি স্থানীয় একাংশ গঞাই সংবাদ সংস্থা এপিক জানিবলৈ দিছে৷