পংকিল বৰ্মনৰ প্ৰতিবেদনঃ শিক্ষাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা মৎস্য গৱেষণাগাৰ! ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ বৰমাত প্ৰতিদিনেই দেখা যায় ছাত্ৰ ছাত্ৰীৰ ভিৰ। বৰমাৰ এগৰাকী শিক্ষাবিদ, বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপকৰ গৃহত নামনি অসমৰ লগতে অইন ঠাইৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যয়নৰত শিক্ষাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়। অৱসৰৰ পিছতো অধ্যাপক জনে শিক্ষাৰ্থীক শিক্ষাদান কৰি সময় পাৰ কৰিছে নিজ গৃহতে। কোনোদিনে প্ৰচাৰ নিবিছাৰি শিক্ষাবিদজনে ছাত্ৰ ছাত্ৰীৰ মাজত কেবল জ্ঞান বিলাইছে। বাকসা জিলাৰ বৰমাৰ নিজ জুলুকীৰ ড° নৃপেন্দ্ৰ নাথ শৰ্মাই নিজ বাসগৃহতেই নৃপেন্দ্ৰনাথ শৰ্মাই গঢ়ি তুলিছে এটা মৎস্য গৱেষণাগাৰ। শিক্ষাৰ্থীসকলৰ লক্ষ্য তেখেতৰ গৃহত থকা সেই ‘মৎস্য সংগ্ৰহালয় আৰু গবেষণাগাৰ’টো পৰিদৰ্শন কৰি জ্ঞান অৰ্জন কৰা। অৱসৰী অধ্যাপকগৰাকীয়ে জীবশিক্ষাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই মৎস্য গৱেষণাগাৰটো! বৰ্তমান আৰু হেৰায় যাব ধৰা কি মাছৰ প্ৰজাতি নাই এই সংগ্ৰহালয়টোত। অতি বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰা হৈছে এই সংগ্ৰহালয়টো। ২৫০বিধতকৈ বেছি মাছৰ প্ৰজাতি সংৰক্ষণ হৈ আছে এই সংগ্ৰহালয়টোত।এই মাছৰ প্ৰজাতিবোৰ ৰখাৰ বাবে শিক্ষাবিদগৰাকীয়ে নিজৰ গৃহৰ চৌহদতে নিৰ্মান কৰিছে এটি ভবন। সেয়াই ছাত্ৰ ছাত্ৰী সকলৰ বাবে আকৰ্ষণ।