নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত প্ৰধান শিক্ষকৰ দুৰ্নীতি-জালিয়াতিত অতিষ্ঠ ৰাইজ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দূৰ্নীতিত অতিষ্ঠ হৈ পৰিছে বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ। লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত ঔতলাবড়ী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে মধ্যাহ্ন ভোজন আৰু আন আন শিতানৰ আৱন্টিত ধন আত্মসাৎ কৰি আহিছে। শেহতীয়াকৈ প্ৰধান শিক্ষকজনে জালিয়াতি কৰি পৰিচালনা সমিতিৰ অনাস্থা প্ৰস্তাৱ আনি উপ সভাপতিক সভাপতিৰ পদত অধিষ্ঠিত কৰে। প্ৰধান শিক্ষকজনৰ সমস্ত জালিয়াতিত লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে সংগ দিয়া বুলি পৰিচালনা সমিতিৰ সদস্যসকলে অভিযোগ উত্থাপন কৰিছে। অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল অৱগত নহয়। আনকি অনাস্থা প্ৰস্তাৱৰ জৰিয়তে উপসভানেত্ৰীক সভাপতি কৰা বিষয়টো উপ সভানেত্রীয়েও অস্বীকাৰ কৰে। সভাপতিকে ধৰি পৰিচালনা সমিতিৰ সদস্যসকলে প্ৰধান শিক্ষক জনৰ পৰিচালনা সমিতিৰ জীলিয়তি আৰু আন আন দূৰ্নীতি সন্দৰ্ভত শিক্ষা বিষয়া গৰাকীক কেবাবাৰো অভিযোগ দিয়াৰ পিছতো শিক্ষা বিষয়াগৰাকীয়ে দূৰ্নীতি গ্ৰস্ত প্ৰধান শিক্ষকজনক ৰক্ষনাবেক্ষন দি আহিছে। অৱশেষত কালি পৰিচালনা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজ লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আহি শিক্ষা বিষয়া বাহাৰুল ইছলামক জবাবদিহি কৰে। পূৰ্বৰ পৰিচালনা সমিতিৰ সভাপতিক বাহাল ৰাখিবলৈ দাবী জনায়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামৰ নেতৃত্বত এইদৰে চলিছে লাহৰীঘাটৰ শিক্ষা বিভাগ।ইফালে শিক্ষা বিষয়াগৰাকীয়ে প্ৰধান শিক্ষক জনৰ জালিয়তি কৰা বুলি আৰু স্থানীয় ৰাইজৰ লগত ব্যৱহাৰ ভাল নকৰে বুলি সাংবাদিকৰ আগত স্বীকাৰ কৰে। তেতিয়া হলে কাৰ সাহসত প্ৰধান শিক্ষক ৰফিকুল ইছলামে এটাৰ পিছত আন এটা দূৰ্নীতি সংঘটিত কৰি গৈছে। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামৰ লগত প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ বুজাবুজি থকাৰ বাবেই ৰাইজ আৰু পৰিচালনা সমিতিক একাষৰীয়া কৰি দূৰ্নীতি কৰি যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ এক উচিত তদন্ত মৰ্মে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী তোলে স্হানীয় ৰাইজে। এতিয়া প্ৰশ্ন হল শিক্ষা বিভাগৰ শীৰ্ষতম কতৃপক্ষই প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।

You might also like