নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুদূতৰ ৰূপত চিকিৎসক, মাৰ্ঘেৰিটাত প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মাৰ্ঘেৰিটাত মৃত্যুদূতৰ ৰূপত চিকিৎসক, পুনৰ মাৰ্ঘেৰিটাত প্ৰসুতি মহিলা মৃত্যু ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। এই ঘটনা চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ পৰিয়াল তথা স্থানীয় দল সংগঠনৰ। প্ৰসূতি মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটা মে’ফ্লাৱাৰ চিকিৎসালয়ত উদ্ভৱ হয় এক উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ গাফিলতিত প্ৰসুতি মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় লোকে উত্তাল কৰিলে চিকিৎসালয়ৰ চৌহদ। প্ৰতিবাদকাৰীসকলে চিকিৎসালয়ৰ খনৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰাক লৈ স্থানীয় মাৰ্ঘেৰিটা আৰক্ষীয়ে বাক বিতণ্ডা লগা লগতে হতাহতি সৃষ্টি হয়। জানিব পৰা অনুসৰি লেখাপানী ৩নং উদয়পুৰৰ বিজয় গৌতমৰ পত্নী কমলা শৰ্মাক বুধবাৰে মে’ফ্লাৱাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। বহু বিতর্কিত চিকিৎসক ৰাজেশ গুপ্তা তত্বাৱধানত উক্ত নিশাই ১২ বজাত কমলাই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে। কিন্তু বৃহস্পতিবাৰে প্ৰসূতিগৰাকীৰ স্বাস্থ্য অৱনমিত ঘটাত নিশাই চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়তে প্ৰসূতিগৰাকীয়ে অকাল মৃত্যুক সাৱটিব লগীয়া হয়। উল্লেখ্যে যে মাৰ্ঘেৰিটাত সঘনাই সংঘটিত হৈ আহিছে গৰ্ভৱতী মহিলা তথা নৱজাত শিশু মৃত্যু। কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাৰ স্থিত আন দুখন নাৰ্চিং হোমতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। পুনৰ আন এটি ঘটনাৰ সংঘটিত হোৱাত উত্তপ্ত হৈ পৰে মাৰ্ঘেৰিটা। প্ৰতিবাদকাৰীয়ে বহু বিতর্কিত চিকিৎসক ৰাজেশ গুপ্তাক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ লগতে মে’ফ্লাৱাৰ চিকিৎসালয়খন বন্ধু কৰাৰ দাবী জনায়। সমগ্ৰ ঘটনা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে নিতিবহিঃভূৰ্ত ভাৱে চিকিৎসা চলাই অহাৰো অভিযোগ উত্থাপন কৰাৰ লগতে মাৰ্ঘেৰিটা ঘটনাত মৃত মহিলাগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদান বাবে চৰকাৰক দাবী জনায়। উত্তাল প্ৰতিবাদৰ পাছতেই সমগ্ৰ ঘটনা মাৰ্ঘেৰিটা সম জিলা প্ৰশাসনক তদন্তৰ বাবে পৰিয়ালৰ তৰফৰ আবেদন কৰিব বুলি জানিব পৰা গৈছে। অন্যহাতে বাতৰি প্ৰস্তুত কৰা সময়লৈকে সদ্যজাত সন্তানটি সুস্থ আছে বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে। কমলাৰ মৃত্যুত লেখাপানী ৩নং উদয়পুৰত শোকৰ ছাঁ পৰাৰ লগতে সমগ্ৰ সমজিলা মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ মৃত কমলা শৰ্মা তিনিচুকীয়াৰ ডমিনোজ পিজ্জাত উচ্চ পদত কৰ্মৰত আছিল।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like