নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলাব উৰাজাহাজ : বৰপেটালৈ গৌৰৱ কঢ়িয়ালে ৰোহিয়ে

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কন্যা সন্তানৰ বাবে এক প্ৰেৰণাদায়ক খবৰ। কন্যা সন্তান এতিয়া পৰিয়ালৰ বোজা নহয়। এয়াই প্ৰমাণিত কৰিলে এগৰাকী যুৱতীয়ে। বৰপেটা জিলাৰ বহৰিৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ। বৰপেটা জিলাৰ বহৰিৰ নজমূল ভূঞা (ফাৰুক) আৰু আছমা ভূঞাৰ দ্বিতীয়া কন্যা নাদিয়া ৰোহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈ আছে। চতুৰ্থটো চোলো পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই উইঙ প্ৰদান কৰে। অৰ্থাৎ এতিয়াৰ পৰা ৰোহিয়ে অকলে উৰাজাহাজ উৰাব পাৰিব। প্ৰশিক্ষণৰত ৰোহিয়ে খুউব কম সময়ৰ ভিতৰত সুন্দৰভাবে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। ৰোহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। ডাক্তৰ, ইঞ্জিনীয়াৰ হ’বলৈ ইচ্ছা নকৰা ৰোহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন জনাইছিল। মেডিকেল টেষ্টত বাচনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰমত আসন ল’বলৈ সক্ষম হয়। প্ৰথমাৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুণেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছে। পুণেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল’বলৈ আহিছে ৰোহিয়ে। উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ ভতিজী নাদিয়া ৰোহি।
প্ৰেৰক তফিকুৰ ৰহমান
You might also like