নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ ভোগেৰে ভৰিছে বজাৰ–ৰাজ্যজুৰি ব্যস্ততা

🔹 উৰুকালৈ মাজত মাথোঁ কেইটামান ক্ষণ

🔹 দামবৃদ্ধিৰ জুইত দগ্ধ প্রতিজন অসমীয়া সাজু বাপতিসাহোনক আদৰিবলৈ

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান ক্ষণ ৷ ১৩ জানুৱাৰীত উৰুকা৷ ভোগালীৰ ভোগৰ সৈতে বিলীন হ’বলৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি চলাইছে প্রতিজন অসমীয়াই৷ অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধি তথা অন্যান্য সমস্যাই জনসাধাৰণক বিভিন্ন দিশৰ পৰা ভাৰাক্রান্ত কৰি তুলিছে৷ কিন্তু হেঁপাহৰ ভোগালী বিহুটি নেপাতি কেনেকৈ থাকোঁ- এই ধৰণৰ মানসিকতাৰে ৰাইজে ভোগালীক আদৰণি জনাবলৈ অলপ–চৰপকৈ হ’লেও প্রস্তুতি চলাইছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মাথোঁ ভোগালীৰ ভোগক লৈ ৰাইজৰ ব্যস্ততা৷ মকৰ সংক্রান্তিৰ দিনাখন মেজিত অগ্ণিসংযোগ কৰি ৰাইজে অগ্ণি দেৱতাক প্রার্থনা জনাব– অগ্ণিং প্রজ্বলিতং বন্দে চতুর্বেদম…৷ হুতাশনৰূপী অগ্ণি দেৱতাক সেৱা জনাই ৰাইজে ৰাজ্যৰ মংগলৰ কাৰণে প্রার্থনা জনাব৷ অকল ধর্মীয় পৰম্পৰাই নহয়, মাঘ বিহু বুলিলে ভেলাঘৰ–মেজিৰ এক সুকীয়া মাদকতা আছে৷ তাৰ বাবেও ৰাজ্যজুৰি এতিয়া যেন চলিছে এক অঘোষিত প্রতিযোগিতা৷ কোনে কি আর্হিত কিমান উচ্চতাৰ মেজি বনাব পাৰে, তাক লৈ প্রস্তুতি অব্যাহত ৰাখিছে৷ উৰুকাৰ দিনাখন আত্মীয়–স্বজনৰ সৈতে ভেলাঘৰৰ বাকৰিত ভোজ–ভাত খাই পিছদিনাখন ৰাইজে অগ্ণিক সেৱা জনাই সকলোৰে মংগল কামনা কৰিব৷ ভোগালী বিহু উপলক্ষে গ্রামাঞ্চলৰ প্রতিজন গঞা ৰাইজ এতিয়া ভীষণ ব্যস্ত হোৱাৰ সময়তে কংক্রিটৰ অৰণ্য গুৱাহাটী মহানগৰীতো ভোগালীৰ ব্যস্ততা পৰিলক্ষিত হৈছে৷ ভেলাঘৰ–মেজিৰ বাবে গাঁৱে–ভূঞে শুকান নৰা, খেৰ, বাঁহৰ অভাৱ আজিও নাই৷ অৱশ্যে গুৱাহাটী মহানগৰীত ইয়াৰ এতিয়াও অভাৱ৷ কিন্তু চতুৰ ব্যৱসায়ীয়ে ৰাইজকো মেজি–ভেলাঘৰৰ সোৱাদ কংক্রিটৰ অৰণ্যত দিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই৷ মহানগৰীৰ বিভিন্ন প্রান্তত পথৰ দাঁতিত দেখা গ’ল বহু ৰেডিমেড মেজি–ভেলাঘৰ৷ আকাৰ–আকৃতি ভেদে ন্যূনতম ৫০০ টকাৰ পৰা কেইবাহাজাৰ টকালৈকে মেজি–ভেলাঘৰ গুৱাহাটীত উপলব্ধ হ’ল৷ মহানগৰীত থাকিও সততে মনত এটা গঞা ভাব লৈ ফুৰা মহানগৰবাসীয়ে অধিক মূল্য দি হ’লেও পৰম্পৰা ৰক্ষাৰ স্বার্থত ক্রয় কৰিছে ৰেডিমেড মেজি–ভেলাঘৰ৷ একেদৰে ভোগৰ সামগ্রীৰে উভৈনদী হৈ পৰিল মহানগৰী৷ ভোগালীৰ আনন্দ মহানগৰবাসীয়ে যাতে ভালদৰে উপভোগ কৰিব পাৰে, তাৰ বাবে ঠায়ে ঠায়ে অনুষ্ঠিত হ’ল ভোগালী মেলাসমূহ৷ অসমৰ গাঁৱে–ভূঞে নোপোৱা একপ্রকাৰ দুষ্প্রাপ্য সামগ্রীও উক্ত মেলাসমূহত দেখা গ’ল৷ ভোগালী বিহু উপলক্ষে মহানগৰীলৈ ব্যৱসায়ীয়ে আনিছে দেৰগাঁৱৰ গুড়, শিৱসাগৰৰ কোমল চাউল, হুৰুম, টিপামৰ ঢেঁকীত খুন্দা মালভোগ ধানৰ চিৰা, জামুগুৰিহাটৰ পকা মিঠৈৰ লগতে মঙলদৈৰ চুৰা, হাজো–ৰামদিয়াৰ পৰা অহা দৈ–ক্রীম আদিও মেলাসমূহত উভৈনদী হৈ পৰিছে৷ একেদৰে অসম বিখ্যাত সৰভোগৰ দৈ আৰু ক্রীমো মহানগৰীৰ বজাৰত এতিয়া পোৱা গৈছে৷ অৱশ্যে বিগত বর্ষৰ তুলনাত এইবেলি প্রতিবিধ সামগ্রীৰ দামৰ কিছু তাৰতম্য ঘটিছে৷ দেৰগাঁৱৰ গুড় প্রতি কিলোত ১৮০ টকা, শিৱসাগৰৰ কোমল চাউল ১৬০ টকা, হুৰুম ১২০–১৫০ টকা, টিপামৰ ঢেঁকীৰ চিৰা ২০০ টকা, বকুল বৰা ধানৰ চিৰা ১৫০ টকা, ৰঙা বৰা চিৰা ১৮০ টকা, জহা চিৰা ১৫০ টকাকৈ বিক্রী হোৱাৰ লগতে মঙলদৈৰ বিখ্যাত চুৰা প্রতিকিলোত ২০০ টকাকৈ বর্তমানে বজাৰত পোৱা গৈছে৷ একেদৰে হাজো–ৰামদিয়াৰ বুলি দাবী কৰা দৈ প্রতিলিটাৰত ১৫০ টকা, আখু ক্রীম ৬০০ টকাকৈ পোৱা গৈছে৷ আনহাতে, সৰভোগৰ পৰা অনা বুলি দাবী কৰা ক্রীম প্রতিলিটাৰত ৮০০ টকাকৈ বিক্রী হোৱাৰ লগতে গৰুৰ গাখীৰৰ দৈ ২০০ টকা আৰু ম’হৰ দৈ ২৫০ টকাকৈ বজাৰত উপলব্ধ হৈছে৷ মুঠৰ ওপৰত ভোগালীক প্রকৃতার্থত ভোগৰ উৎসৱৰূপে সৃষ্টি কৰিবলৈ ব্যৱসায়ীসকলে চেষ্টাৰ ত্রুটি কৰা নাই৷ অর্থনৈতিকভাৱে ৰাইজ জুৰুলা হ’লেও কম পৰিমাণে ভোগালীৰ সামগ্রী ক্রয় কৰিছে৷ একাংশ গ্রাহকে সদৰী কৰা মতে, বিগত বর্ষৰ তুলনাত এইবাৰ ভোগালীৰ সামগ্রীৰ দাম যথেষ্ট বাঢ়িছে৷ কিন্তু দাম বাঢ়িলেও কমকৈ হ’লেও পৰম্পৰা ধৰি ৰাখিবই লাগিব৷ এইবাবেই দাম বৃদ্ধিৰ প্রভাৱকো নেওচা দি ৰাইজে পৰম্পৰা ৰক্ষা কৰাৰ যুঁজ চলাইছে৷

You might also like