নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১.২৮ নিযুত পৃষ্ঠা : ডিজিটাইজেচনেৰে নতুন মাত্রা প্রদান কৰিলে অসমীয়া সাহিত্যক

🔹 অসম জাতীয় বিদ্যালয়–নন্দ তালুকদাৰ ফাউণ্ডেচনৰ উদ্যোগ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : অসমীয়া ভাষা, সাহিত্য–সংস্কৃতি আৰু ঐতিহ্যৰ ক্ষেত্রখনত এক নতুন দিগন্তৰ সূচনা কৰি নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় ন্যাসৰ উদ্যোগত আৰম্ভ হৈছে ডিজিটাইজিং অসম নামৰ এক অভিলাষী প্রকল্প৷ এই প্রকল্পৰ অধীনত ৰাজ্যৰ দুষ্প্রাপ্য আলোচনী, বাতৰিকাকত, কিতাপ আৰু সাঁচিপাতকে ধৰি বিভিন্ন গ্রন্থৰ ১.২৮ নিযুত পৃষ্ঠা অত্যাধুনিক প্রযুক্তিৰ সহায়ত ডিজিটাইজড কৰাৰ কাম সম্পূর্ণ কৰা হৈছে৷ অসম জাতীয় বিদ্যালয় ন্যাসৰ ড০ নাৰায়ণ শর্মা আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ মৃণাল তালুকদাৰে এক বিবৃতিত প্রকাশ কৰা অনুসৰি, প্রকল্পটোৰ অধীনত ৪৯৬খন আলোচনীৰ ৪১,০৭১টা সংখ্যা ডিজিটাইজড কৰা হৈছে৷ তদুপৰি ডিজিটাইজড কৰা কিতাপৰ সংখ্যা হৈছে ৩৩,৯৭০খন৷ এই কিতাপসমূহৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১.২৮৬ নিযুত৷ ডিজিটাইজড সংগ্রহালয়টোত ১৮৪০ চনৰ পৰা ১৯৭০ চনলৈকে প্রকাশিত আলোচনী, পাণ্ডুলিপি আৰু কিতাপ অন্তর্ভুক্ত হৈ আছে৷ বিশেষকৈ প্রাচীন অসমীয়া সাহিত্য, সংস্কৃত, টাই আৰু আধুনিক অসমীয়া ভাষাৰ সাহিত্যক অগ্রাধিকাৰ প্রদান কৰা হৈছে৷ প্রকল্পটোৰ অধীনত প্রথম পর্যায়ত বৈষ্ণৱ ধর্ম, বৌদ্ধ ধর্ম আৰু প্রাচীন অসমীয়া ৰীতি–নীতি তথা পৰম্পৰাৰ দিশসমূহ নিহিত হৈ থকা ২৬ হাজাৰখন সাঁচিপাত ডিজিটাইজড কৰা হৈছে৷ তিনিটা স্কেনাৰৰ সহায়ত ১,০৯৫ দিনত এই কাম সম্পূর্ণ কৰা হৈছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে৷ বিগত তিনি বছৰৰ পৰা অব্যাহত ৰখা এই প্রকল্পত সম্প্রতি অ’চিআৰ–এআই প্রযুক্তি ব্যৱহাৰৰ দ্বাৰা সন্ধান যোগ্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ডিজিটাইজড সংগ্রহালয়টোত অৰুনোদই বাতৰিকাকতৰ সকলো সংস্কৰণৰ উপৰি অসমীয়া সাহিত্যত যুগৰ সৃষ্টি কৰা বাঁহী, আৱাহন, ৰামধেনু আদিৰ দৰে বিৰল প্রকাশনসমূহো সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন বিষয়ৰ ৩৩,৯৭০খন দুষ্প্রাপ্য কিতাপো ডিজিটাইজড কৰা হৈছে৷ অতি সৰল পদ্ধতিৰে ডিজিটাইজড কৰা বিৰল সমলসমূহ সমগ্র বিশ্বৰ যিকোনো প্রান্তৰ গৱেষক, পণ্ডিত তথা আগ্রহীসকলে নিজৰ ঘৰৰ পৰাই assamarchive.org প্লেটফর্মৰ মাধ্যমেৰে ব্যৱহাৰ কৰিব পাৰিব৷ অৱশ্যে ই এক অ-বাণিজ্যিক ব্যৱস্থা হোৱাৰ বাবে ইয়াৰ তথ্যসমূহ কোনেও ডাউনলোড কৰিব নোৱাৰিব৷ ইয়াৰ দ্বাৰা লেখক তথা প্রকাশকসকলৰ স্বত্ব আৰু স্বার্থ সুৰক্ষিত হৈ থাকিব৷ নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আর্থ–সামাজিক ন্যাসৰ যুটীয়া উদ্যোগত আৰম্ভ হোৱা প্রকল্পটোলৈ অসম সাহিত্য সভা, ডিব্রুগড় বিশ্ববিদ্যালয়, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড, তেল আৰু প্রাকৃতিক গেছ আয়োগ, নুমলীগড় শোধনাগাৰ লিমিটেড, উত্তৰ লখিমপুৰ কলেজ আৰু ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে সহযোগিতাৰ হাত আগবঢ়াইছে৷ প্রকল্পটোৰ প্রযুক্তিগত কামসমূহ বহ্ণিমান ছিষ্টেমছ নামৰ সংস্থাটোৱে বিনামূলীয়াকৈ সম্পন্ন কৰি দিছে৷ উল্লেখ্য যে ২০২৩ চনৰ ১১ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিজিটাইজড অসম প্রকল্পৰ শুভাৰম্ভণি কৰিছিল৷ ইয়াৰ পাছতে প্রকল্পৰ অধীনত দুষ্প্রাপ্য আলোচনী, বাতৰিকাকত আৰু সাঁচিপাত আদিৰ দৰে পুথিসমূহৰ সংৰক্ষণৰ কাম আৰম্ভ কৰে৷ বিবৃতিটোত তালুকদাৰ আৰু ডাঃ শর্মাই কয় যে প্রকল্পটোৰ দ্বিতীয় পর্যায়ত অ’চিআৰ–এআই প্রযুক্তি ব্যৱহাৰ কৰাৰ লগে লগে প্রয়োজনীয় তথ্য সমল অতি সহজে বিচাৰি উলিয়াব পাৰিব৷ প্রকল্পটোৱে অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্রত বিশেষ অৰিহণা আগবঢ়াব বুলিও তেওঁলোকে আশা প্রকাশ কৰিছে৷ সমান্তৰালভাৱে কোনো ব্যক্তি অথবা প্রতিষ্ঠানে যদি দুষ্প্রাপ্য পুথি, আলোচনী, বাতৰিকাকত আদি ইতিমধ্যে স্কেন কৰি ৰাখিছে, তেনে স্কেন কপীসমূহ ডিজিটাইজড অসম প্রকল্পলৈ আগবঢ়াবলৈও তেওঁলোকে আহ্বান জনাইছে৷

You might also like