বিমানবন্দৰত ৩০ কোটি টকাৰ সোণ–গাঞ্জা জব্দ
🔹 দুই বিদেশীসহ ৬জনক গ্রেপ্তাৰ আৰক্ষীৰ
নিউজ ডেস্ক, ১৩ জানুৱাৰী : পুনৰ মুম্বাই বিমানবন্দৰত জব্দ হৈছে কেইবাকোটি টকাৰ সোণ আৰু গাঞ্জা৷ শুল্ক বিভাগে এই সোণ আৰু গাঞ্জা জব্দ কৰিছে৷ অকল সেয়াই নহয়, জব্দ হৈছে বিদেশী মুদ্রাও৷ এই ঘটনাত গ্রেপ্তাৰ কৰা হৈছে বেংককৰ দুজন বাসিন্দাসহ ৬জনক৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, সোণ আৰু ড্রাগছ সৰবৰাহ হ’ব পাৰে বুলি আগতীয়াকৈ তথ্য লাভ কৰিছিল শুল্ক বিভাগে৷ দুদিন ধৰি বিমানবন্দৰত কঠোৰ নজৰদাৰী আৰু তালাচীও চলোৱা হৈছিল৷ বেংককৰ পৰা অহা দুজন যাত্রীক তালাচী চলোৱাৰ সময়ত উদ্ধাৰ হয় সোণ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, অন্যান্য সামগ্রীৰ মাজত ডেৰ কিলোগ্রাম সোণ লৈ আহিছিল বেংককৰ এই নাগৰিক দুজনে৷ উদ্ধাৰ হোৱা সোণৰ মূল্য প্রায় ১ কোটি৷ ইফালে, শুকুৰবাৰে পুনৰ আৰক্ষী আৰু শুল্ক বিভাগে তালাচী চলোৱাৰ সময়ত ১২ কিলোগ্রাম সোণ উদ্ধাৰ হয়৷ ইয়াৰ উপৰি এটা ট্রলী বেগৰ পৰা উদ্ধাৰ হয় প্রায় ২৯ কিলোগ্রাম গাঞ্জা৷ এই ঘটনাত অন্য চাৰিজন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ লগতে ৬গৰাকী লোকৰ পৰা জব্দ কৰা হৈছে বিদেশী মুদ্রাও৷ আটাইকেইগৰাকী লোক বেংককৰ পৰা আহিছিল৷ উদ্ধাৰ হোৱা সোণ আৰু গাঞ্জাৰ মূল্য ৩০ কোটি টকা হ’ব বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ স্মর্তব্য যে বিগত কিছুদিন ধৰি মুম্বাইৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্রাগছ, সোণ তথা অন্যান্য চোৰাং সামগ্রী৷ বৃহৎ আন্তর্জাতিক অপৰাধী চক্রই এই ড্রাগছ আৰু সোণ সৰবৰাহ কৰা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে পঞ্জাব, দিল্লী, গুজৰাট আৰু অন্যান্য কেইবাখনো ৰাজ্যত ইতিমধ্যে হাজাৰ হাজাৰ কোটি টকাৰ ড্রাগছ জব্দ হৈছে৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে আফ্রিকাৰ কেইবাখনো দেশৰ নাগৰিকক৷ শেহতীয়াকৈ মুম্বাইত সোণ আৰু গাঞ্জা জব্দ হোৱাৰ লগতে অভিযুক্তৰ লগত বিদেশী মুদ্রা পোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷