নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যশপ্রীত বুমৰাহক লৈ সমস্যাত ভাৰত : ব্যথিত অনুৰাগী

নিউজ ডেস্ক, ১৩ জানুৱাৰী : চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু প্রায় এমাহ বাকী৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচিৰ এই প্রতিযোগিতাখন৷ চেম্পিয়নছ ট্ৰফীলৈ এইপর্যন্ত ভাৰতীয় দল ঘোষণা কৰা হোৱা নাই যদিও এটা খবৰে ভাৰতীয় অনুৰাগীক চিন্তিত কৰি তুলিছে৷ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ উপক্রম হৈছে৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ অন্তিম টেষ্টৰ সময়ত আঘাতৰ সন্মুখীন হৈছিল বুমৰাহ৷ পিঠিৰ বিষৰ বাবে চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্রহণ অনিশ্চিত হৈ পৰে৷ বিচিচিআইৰ সূত্র অনুসৰি, বুমৰাহক এতিয়া ৰাষ্ট্রীয় ক্রিকেট একাডেমীত উপস্থিত হ’বলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ একাডেমীত ৰিহাবৰ বাবে বুমৰাহক প্রায় দুমাহ সময় লাগিব পাৰে বুলি জানিব পৰা গৈছে৷ সেই অনুসৰি, মার্চ মাহৰ প্রথম সপ্তাহৰ ভিতৰত তেওঁ সম্পূর্ণৰূপে সুস্থ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পিছত ফিটনেছ পৰীক্ষা কৰা হ’ব আৰু এই পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছতহে বুমৰাহক ভাৰতীয় দলৰ হৈ খেলাৰ অনুমতি দিয়া হ’ব৷ যদি এনে হয়, তেতিয়াহ’লে বুমৰাহে চেম্পিয়নছ ট্ৰফীত ভাৰতৰ গ্রুপ পর্যায়ৰ মেচত অংশগ্রহণ কৰিব নোৱাৰিব৷ যদি ভাৰতীয় দলে প্রতিযোগিতাৰ ছেমি আৰু ফাইনেলতো প্রৱেশ কৰে, তেতিয়াও বুমৰাহৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিব৷ অৱশ্যে এই সন্দর্ভত বিচিচিআয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই৷

You might also like