নিয়মীয়া বাৰ্তা, ১৫ জানুবাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰত ১৩ জানুৱাৰীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত হৈ যায়। সংবাদ মেলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বর্মন আৰু সম্পাদক ভূপেন ৰায়ে সাংবাদিক সম্বোধন কৰি কয়- ৰাজ্যখনৰ কোচ ৰাজবংশী সকলে নিজৰ প্ৰাপ্য খিনি পাবৰ বাবে বছৰৰ পাছত বছৰ ধৰি গণতান্ত্রিক আন্দোলন কৰি আহিছে যদিও আজি পর্যন্ত তেওঁলোকৰ কোনো এটা সমস্যা সমাধানৰ ক্ষেত্ৰত গৰুত্ব আৰোপ কৰা নাই। অসমত যিখন চৰকাৰ নাহক কিয় সেই চৰকাৰে কোচ ৰাজবংশী সকলক প্রতিশ্রুতি দিয়ে যে চৰকাৰ গঠন কৰিলেই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে। একেধৰণে বিজেপি চৰকাৰেও প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে সেই প্রতিশ্রুতি পূর্ণতা নকৰিলে। ইয়াৰ পৰা স্পষ্ট হৈ উঠিছে যে বিজেপি চৰকাৰখনেও একেধৰণে সময় পাৰ কৰিব। এখন মিছলীয়া চৰকাৰৰ বাহিৰে একো হব নোৱাৰে বুলি সংবাদ মেলত উল্লেখ কৰে। এই চৰকাৰখনে অসমৰ বিভিন্ন জনগোষ্ঠীয় সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়িল যদিও কোচ ৰাজবংশীসকলক মাহীআইৰ দৃষ্টিৰে চাই কোনো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়া দেখা নাই বুলি সংবাদ মেলযোগে আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে সদৰি কৰিছে। কোচ ৰাজবংশীসকলৰ ভূমিৰ অধিকাৰ নাই, ৰাজনৈতিক দিশত, শিক্ষাৰ দিশত কোনোধৰণৰ আসন সংৰক্ষণৰ ব্যবস্থা আদি নাই বুলিও জানিবলৈ দিয়ে। বিশেষকৈ ষষ্ঠ অনুসুচীত অঞ্চল সমুহত ভূমিৰ অধিকাৰ পৰা বঞ্চিত হৈছে যাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হৈছে। অসম চৰকাৰে বসুন্ধৰা আচনি প্ৰদান কৰিছে যদিও এই আচনিয়ে কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান কৰাত বিফল হৈছে। এনে বহুতো সমস্যা সমূহ সমাধান কৰাৰ দাবী উত্থাপন কৰিলে কোচ ৰাজবংশীসকলে তেওঁলোৰ প্ৰাপ্যৰ বাবে কোনো ধৰনৰ আন্দোলন কৰিব নোৱাৰিব বুলি ভাবুকি প্রদান কৰি আহিছে। ইতিহাসে কয় কোচ ৰাজবংশী সকলৰ কমতাপুৰ ১৯৪৯ চনৰ ২৮ আগস্টত তেতিয়াৰ ভাৰতৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই প্যাটেল আৰু কোচ ৰজা জগদীপেন্দ্ৰ ভূপ বাহাদুৰৰ সৈতে হোৱা এক চুক্তি মর্মে ভাৰতত চামিল হৈছিল সেই মর্মে কোচ ৰাজবংশী সকলে যি সুবিধা পাব লাগিছিল সেই সুবিধা নোপোৱাত কমতাপুৰ ৰাজ্য খন ঘুৰাই বিছৰা হৈছে এই কমতাপুৰ ৰাজ্য বিচাৰি সহস্ৰ সংগ্ৰাম কৰা কে.এল.অ.ৰ জীবন সিংহ আৰু কে.এল. অ. (কে.এন)ৰ ডিয়েল কোচৰ লগত শান্তি আলোচনা কৰিবৰ বাবে আমন্ত্রণ জনাই শান্তি আলোচনা আজিলৈকে কৰা নহল ইয়াৰ বিপৰীতে জীবন সিংহ ও ডিয়েল কোচক একপ্ৰকাৰৰ গৃহবন্দী কৰি ৰাখিছে বুলি সংবাদ মেলত উল্লেখ কৰে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দাবী অতি সোনকালে কে.এল.অ.ৰ লগত শান্তি আলোচনা কৰি কোচ ৰাজবংশীসকলৰ সমস্যা সমূহ অতি সোনকালে সমাধান কৰিব লাগে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান কৰাৰ বাবে বহুবাৰ আশ্বাস প্রদান কৰি কৈছিল ২০২৪ চনৰ লোকসভা নির্বাচনৰ আগতেই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধান কৰা হব। কিন্তু সময়ত সেয়াও হৈ নুঠিল তাৰ বিপৰীতে জনা গল যে অসমৰ পৰা কেন্দ্রীয় চৰকাৰলৈ যি প্রতিবেদন পঠাব লাগিছিল সেয়া আজিৰ তাৰিখলৈ পঠিওৱা নহল। যাৰ বাবে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুৱাল ওৰামে নিজ মুখেৰে কোৱা শুনিবলৈ পোৱা যায় -এইদৰে আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে সংবাদ মেলত প্ৰকাশ কৰে। এই বি.জে.পি, শাসনাধিস্থ অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে কোচ ৰাজবংশী সকলক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত কোচ ৰাজবংশী ছাত্র সন্থা ও কোচ ৰাজবংশী সম্মিলিত মঞ্চই অহা ২১ জানুৱাৰী ২০২৫ তাৰিখে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে। ইয়াৰ পিছতো যদি চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাযায় বা গুৰুত্ব প্রদান নকৰে পৰবৰ্তী সময়ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেল পথ অৱৰোধ আদিৰ দৰে আন্দোলন কার্যসূচী লবলৈ বাধ্য হব বুলি আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰ্মন আৰু সম্পাদক ভূপেন ৰায়ে সাংবাদ মেলত বক্তব্য আগবঢ়াইছে ৷
প্ৰেৰক বাপন শৰ্মা