নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪০ কোটি ভাৰতীয়ক ক্ষমা প্রার্থনা মেটা ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জানুৱাৰীঃ ভাৰতৰ নির্বাচনক লৈ মেটাৰ চিই’ ধনকুবেৰ মার্ক জুকেৰবার্গে ভুল তথ্য দাঙি ধৰাৰ বাবেই ১৪০ কোটি ভাৰতীয়ক ক্ষমা প্রার্থনা জনায় মেটা ইণ্ডিয়াই৷ এক বিবৃতিত মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ শিৱনাথ ঠাকুৰাজে কয় যে চিইঅ’ মার্ক জুকাৰবার্গে ভাৰত সন্দর্ভত অনিচ্ছাকৃত ভুল কৰিছে৷ ২০২৪ৰ নির্বাচনত ক’ভিড–১৯ মহামাৰীত সঠিকভাৱে ব্যৱস্থাপনা কৰাত বিফল হোৱাৰ পৰিপ্রেক্ষিতত শাসকীয় চৰকাৰখনে পৰাজয়ৰ সন্মুখীন হোৱা বুলি মার্ক জুকাৰবার্গে মন্তব্য কৰিছে৷ মার্কৰ এই পর্যবেক্ষণ পৃথিৱীৰ বিভিন্ন দেশত সঁচা যদিও ভাৰতৰ ক্ষেত্রত নহয়৷ এনে কাৰণতেই অনিচ্ছাকৃত ভুলৰ বাবে আমি ক্ষমা বিচাৰিছোঁ৷ ভাৰত মেটাৰ বাবে সদায়ে এখন গুৰুত্বপূর্ণ দেশ হৈ থাকিব৷ আমি ভাৰতবাসীৰ ওপৰত যি আঘাত হানিছোঁ তাৰ বাবে ক্ষমা খুজি ভৱিষ্যতে উদ্ভাৱনী শক্তিৰে দেশখনক অধিক সেৱা আগবঢ়াম৷ উল্লেখ্য যে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেৰ অধ্যক্ষতাৰ সংসদীয় কমিটীলৈ এই ক্ষমা প্রার্থনা পত্রযোগে প্রেৰণ কৰিছে মেটা ইণ্ডিয়াই৷

You might also like