নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বার্তাৰ প্রাক্তন কর্মচাৰী গিৰীশ দাসৰ দেহাৱসান

নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ বজালীৰ অকয়া নিৱাসী গিৰীশ দাসৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোকপ্রাপ্তি হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্রায় ৪৫ বছৰ৷ অকয়া নিৱাসী প্রয়াত ৰাধাকান্ত দাস আৰু লক্ষেশ্বৰী দাসৰ চতুর্থ সন্তান গিৰীশ দাসে পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীত শিক্ষাগ্রহণ কৰে৷ তাৰ পাছত তেওঁ প্রথমে অসমীয়া খবৰ কাকতত ডিটিপি অপাৰেটৰ হিচাপে কর্মজীৱনৰ আৰম্ভ কৰে৷ তেওঁ কেইবাখনো কাকতত কৰাৰ পিছত ‘নিয়মীয়া বার্তা’ কাকতত যোগদান কৰে৷ মাজতে কিছুদিন তেওঁ সর্বশিক্ষা অভিযান আৰু মুখ্যমন্ত্রীৰ কার্যালয়তো অস্থায়ীভাৱে নিয়োজিত আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী নীলিমা দাস, এগৰাকী কন্যা আৰু কণমানি পুত্রৰ লগতে অনেক গুণমুগ্ধক এৰি যায়৷

You might also like