চেম্পিয়নছ ট্রফী আৰু বিতর্ক
বিশ্বকাপ ক্রিকেটৰ পিছতে বিশ্ব ক্রিকেটত বিশেষ মর্যাদাসম্পন্ন প্রতিযোগিতাখনেই হ’ল চেম্পিয়নছ ট্রফী৷ ১৯৯৮ চনত প্রথমবাৰৰ বাবে প্রতিযোগিতাখন অনুষ্ঠিত হৈছিল৷ টেষ্ট ক্রিকেটৰ মর্যাদা লাভ নকৰা দেশসমূহৰ খেলৰ উন্নয়নৰ বাবে ধন সংগ্রহৰ উদ্দেশ্যে প্রতিযোগিতাখন আৰম্ভ কৰিছিল আন্তর্জাতিক ক্রিকেট কাউঞ্চিল (আইচিচি)য়ে৷ ১৯৯৮ চনৰ জুনত বাংলাদেশে প্রথমবাৰ চেম্পিয়নছ ট্রফীৰ আয়োজন কৰিছিল৷ সেই বছৰ চেম্পিয়নৰ সন্মান অর্জন কৰিছিল দক্ষিণ আফ্রিকাই৷ ২০০০ চনত খিতাপ দখল কৰিছিল নিউজিলেণ্ডে৷ ভাৰতে প্রথমবাৰৰ বাবে চেম্পিয়ন হৈছিল ২০০২ চনত৷ সেই বছৰ ভাৰত আৰু শ্রীলংকাক যুটীয়াভাৱে চেম্পিয়ন ঘোষণা কৰা হৈছিল৷ প্রতিযোগিতাখনত অংশগ্রহণকাৰী দলৰ সংখ্যা প্রতিবছৰে পৰিৱর্তন হৈ আহিছে৷ প্রথম অৱস্থাত কেৱল আইচিচিৰ পূর্ণাংগ দেশসমূহে অংশগ্রহণ কৰিছিল যদিও বর্তমান সহযোগী দেশসমূহেও প্রতিযোগিতাখনত অংশ লয়৷ এই প্রতিযোগিতাখন আৰম্ভ হোৱাৰ পৰা মুঠ ৭খন দেশত অনুষ্ঠিত হৈছে যদিও ইংলেণ্ডত ৩ বছৰৰ বাবে আয়োজন কৰা হৈছে৷ ২০০৬ চন পর্যন্ত চেম্পিনয়ছ ট্রফী প্রতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈছিল৷ ২০০৮ চনত প্রতিযোগিতাখন পাকিস্তানত আয়োজন কৰাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত ২০০৯ চনত দক্ষিণ আফ্রিকালৈ স্থানান্তৰ কৰা হৈছিল৷ চলিত বর্ষত প্রতিযোগিতাখন আয়োজনৰ দায়িত্ব প্রদান কৰা হৈছিল পাকিস্তানক৷ কিন্তু নিৰাপত্তাৰ উদ্বেগৰ বাবে ভাৰতে দেশখন ভ্রমণ কৰিবলৈ অস্বীকাৰ কৰে৷ ফলত প্রতিযোগিতাখন আয়োজনৰ বিষয়টো বিতর্কৰ মাজত সোমাই পৰে৷ অৱশেষত দীর্ঘদিনীয়া জল্পনা–কল্পনাৰ অন্তত পাকিস্তান আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে যুটীয়াভাৱে প্রতিযোগিতাখন আয়োজনৰ দায়িত্ব লাভ কৰে৷ ভাৰতে পাকিস্তান ভ্রমণ কৰিবলৈ অস্বীকাৰ কৰা বাবেই নিৰপেক্ষ স্থানৰ সন্ধান কৰা হয়৷ এতিয়া অহা ১৯ ফেব্রুৱাৰীৰ পৰা ৯ মার্চ পর্যন্ত প্রতিযোগিতাখন পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হ’ব৷ ২০২৩ চনৰ ক্রিকেট বিশ্বকাপৰ পৰা যোগ্যতা অর্জন কৰা শীর্ষ আঠটা ৰেংকপ্রাপ্ত দলে প্রতিযোগিতাখনত অংশগ্রহণ কৰিব৷ প্রতিযোগিতাখনৰ পূর্বৰ চেম্পিয়ন আছিল পাকিস্তান৷
উল্লেখ্য যে ২০২১ চনৰ ১৬ নৱেম্বৰতে পাকিস্তানক ২০২৫ চনৰ চেম্পিয়নছ ট্রফীৰ আয়োজকৰূপে ঘোষণা কৰা হৈছিল৷ সুদীর্ঘ ২৪ বছৰৰ পাছত পাকিস্তানে এখন বিশ্বপর্যায়ৰ প্রতিযোগিতা আয়োজন কৰিবলৈ আগবাঢ়িছে৷ ২০০৯ চনত শ্রীলংকা ক্রিকেট দলৰ ওপৰত উগ্রপন্থীৰ আক্রমণ হৈছিল৷ ইয়াৰ পিছতে নিৰাপত্তাজনিত কাৰণত অন্য দেশবোৰে পাকিস্তান ভ্রমণ কৰিবলৈ অস্বীকাৰ কৰে৷ মাজতে দুই–এখন দেশে পাকিস্তানত খেলিবলৈ গ’লেও কোনোধৰণৰ প্রতিযোগিতা আয়োজনৰ সুযোগ পোৱা নাছিল চুবুৰীয়া দেশখনে৷ এইক্ষেত্রত ভাৰতৰ কঠোৰ স্থিতিৰ বাবে বাৰে বাৰে প্রতিযোগিতা আয়োজন কৰিবলৈ গৈও মুখথেকেচা খাবলগীয়া হয় পাক ক্রিকেট ব’র্ডে৷ ১৯৯৬ চনত ভাৰত আৰু শ্রীলংকাৰ সৈতে পাকিস্তানে যৌথভাৱে বিশ্বকাপৰ আয়োজন কৰিছিল৷ সেইখনেই আছিল পাকিস্তানত আয়োজিত অন্তিম প্রতিযোগিতা৷ সুদীর্ঘ ২৮ বছৰ পিছত এইবাৰ দেশখনত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্রফীৰ নিচিনা বৃহৎ প্রতিযোগিতা৷ অৱশ্যে এইবাৰো পাকিস্তানত খেলিবলৈ নাযায় ভাৰতীয় দলটো৷ ভাৰতে দেশখনত খেলিবলৈ অস্বীকাৰ কৰা বাবেই নিৰপেক্ষ স্থানৰূপে নির্বাচন কৰা হৈছে ডুবাইক৷ সংযুক্ত আৰব আমিৰশ্বাহীত কেৱল ভাৰতৰ মেচসমূহ অনুষ্ঠিত হ’ব৷ ২০২৪ চনৰ ১৯ ডিচেম্বৰত ভাৰতীয় ক্রিকেট ব’ৰ্ড আৰু পাক ক্রিকেট ব’ৰ্ডৰ মাজত সম্পাদিত এক চুক্তি অনুসৰি ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ আইচিচিয়ে নিশ্চিত কৰিছে যে ২০২৪ আৰু ২০২৭ চনৰ ভিতৰত অনুষ্ঠিত প্রতিযোগিতাসমূহৰ ভাৰত–পাকিস্তানৰ মেচসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব৷ এই কথা ২০২৫ চনৰ মহিলা ক্রিকেট বিশ্বকাপ আৰু ২০২৬ চনৰ পুৰুষৰ টি–২০ বিশ্বকাপৰ ক্ষেত্রতো প্রযোজ্য হ’ব৷ উল্লেখ্য যে মহিলা বিশ্বকাপ ভাৰতে আয়োজন কৰিব আৰু টি–২০ বিশ্বকাপ ভাৰত আৰু শ্রীলংকাত যৌথভাৱে অনুষ্ঠিত হ’ব৷ ২০২৮ চনত পাকিস্তানক মহিলা বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রদান কৰা হৈছে৷ ইয়াতো নিৰপেক্ষ ভেন্যুৰ বিষয়টো প্রযোজ্য হ’ব৷ মন কৰিবলগীয়া যে ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাৰ বাবে আন্তর্জাতিক ক্রিকেট বহু পৰিমাণে প্রভাৱিত হৈছে৷ ৰাজনৈতিক উত্তেজনাৰ বাবেই দেশ দুখনৰ মাজত ক্রিকেটৰ দ্বিপাক্ষিক সম্পর্ক বাধাগ্রস্ত হৈছে৷ সেইবাবে পাকিস্তানত যিকোনো আইচিচিৰ প্রতিযোগিতা আয়োজনৰ কথা আহিলেই এক যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হয়৷ ভাৰতীয় ব’ৰ্ডৰ বিৰোধিতাৰ বাবেই প্রতিবাৰে আইচিচিয়ে সেও মানিবলৈ বাধ্য হয়৷ কাৰণ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সমর্থন নহ’লে আইচিচিয়ে যিকোনো সিদ্ধান্ত গ্রহণ কৰাটো কঠিন হৈ পৰে৷ শেহতীয়াভাৱে আইচিচিৰ মুৰব্বী পদত জয় শ্বাহ অধিষ্ঠিত হোৱাত বিচিচিআইৰ শক্তি বৃদ্ধি পাইছে৷ যাৰ বাবে পাকিস্তানত অনুষ্ঠিত প্রতিযোগিতাৰ খেল নিৰপেক্ষ ভেন্যুত আয়োজন কৰিবলৈ বাধ্য হৈছে৷