নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজেন দাসৰ আইৰন গাৰ্লছলৈ দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ কেৰালাত ১০ জানুৱাৰীৰ পৰা ৪০খন দেশৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা অষ্টম আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“ চলচ্চিত্ৰখনে৷ দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ভূয়সী প্ৰশংসা লাভ কৰি আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱত ভাৰতবৰ্ষৰ পৰা যোগদান কৰা “আইৰন গাৰ্লছ“এ লাভ কৰিছে দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানীয় পুৰস্কাৰ৷অতি কঠিন প্ৰতিদ্বন্দিতাৰ অন্তঃত ভাৰতীয় পেনোৰামাৰ প্ৰতিযোগিতা শিতানত ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“লৈ দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ খিতাপ ঘোষণা কৰে সন্মানীয় জুৰী মণ্ডলীয়ে৷উল্লেখ্য যে এই শিতানত চুড়ান্ত বাছনিত ১৯ খন চলচ্চিত্ৰক ৰখা হৈছিল আৰু তাৰ মাজত জুৰী মণ্ডলীয়ে চাৰিখন চলচ্চিত্ৰক ফাইনেলিষ্টৰ বাছনিত ৰাখিছিল৷যোৱাকালি নিশা কেৰালাৰ থিচুৰস্হিত প্ৰখ্যাত ৰামকৃষ্ণ থিয়েটাৰত অনুষ্ঠিত বঁটা প্ৰদান আৰু সামৰণি অনুষ্ঠানত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ক দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে ঘোষণা কৰা হয়৷ইয়াৰ পৰিপ্ৰেক্ষিতত “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হয় বিজয়ী ট্ৰফী ,প্ৰমাণপত্ৰ আৰু ২৫০০০ টকা নগদ পুৰস্কাৰ ৷পৰিচালক ৰাজেন দাসে অসমত চলিত ভোগালী বিহুৰ পৰিপ্ৰেক্ষিতত সামৰণি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত ভিডিও কনফাৰেন্সৰ যোগেদি বঁটা গ্ৰহণ কৰে৷ভাৰতীয় পেনোৰামা শাখাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে দক্ষিণৰ প্ৰসিদ্ধ পৰিচালক মধুসুদন পৰিচালিত মালায়লম চলচ্চিত্ৰ “থিপান্নাকম“এ৷উল্লেখ্য যে এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৪০ খন দেশৰ লোকসংস্কৃতি বিষয়ক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়৷অসমৰ স্বৰ্ণিল লোককলা ওজাপালি আৰু দেওধনীক লৈ নিৰ্মাণ কৰা “আইৰন গাৰ্লছ“ চলচ্চিত্ৰখন সফলতাৰে প্ৰদৰ্শন হয় দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মুখত৷উল্লেখ্য যে এই চলচ্চিত্ৰ মহোৎসৱত চিলি-চুইডেন-জাৰ্মানী-আমেৰিকা যুক্তৰাষ্ট্ৰ-জাপান-চীন-অষ্ট্ৰেলিয়া-ইটালী-ইৰাণ-গ্ৰীচ-তুৰ্কী-ইন্দোনেচিয়া-কোৰিয়া -ভাৰত -গ্ৰেট ব্ৰিটেইন আদি অংশগ্ৰহণকাৰী ৪০ খন দেশৰ লোকসংস্কৃতি বিষয়ক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়৷সেই অনুসৰি এইবাৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অষ্ট্ৰেলিয়াৰ “বাৰ্ড ড্ৰোণ“,ব্ৰাজিলৰ “মেমেণ্টো মৰি“,ফ্ৰান্সৰ“ দ্য জায়েণ্ট ব্লেক ষ্টোন“,জাৰ্মানীৰ “হেলোচ ডে“ ,জাপানৰ “এনাডাৰ টাইম“,কোৰিয়াৰ “কৰ্ণেল বক্স“,ৰাছিয়াৰ “মনিষ্ট’,আমেৰিকা যুক্তৰাষ্ট্ৰৰ “মিণ্ডাৰ“,ভাৰতৰ “আইৰণ গাৰ্লছ “আদি লোকসংস্কৃতি বিষয়ক চলচ্চিত্ৰই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে৷অসমৰ দেওধনী আৰু ওজাপালিৰ দৰে মাটিৰ সতে সংপৃক্ত লোকসংস্কৃতি বিষয়ক চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱৰ দৰে এক বৃহৎ চলচ্চিত্ৰ মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰা খবৰ ভোগালী বিহুৰ বতৰত তথা শিল্পী দিৱসৰ দিনটোত নিশ্চিতভাৱে অসমৰ বাবে এক গৌৰৱৰ ক্ষণ হিচাপে বিবেচিত হৈছে৷পৰিচালক ৰাজেন দাসে এই বিজয় অসমৰ স্বৰ্ণিল আৰু শিপাৰ সতে সংপৃক্ত লোকসংস্কৃতিৰ বিজয় বুলি মত প্ৰকাশ কৰিছে আৰু অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে৷উল্লেখ্য যে চলচ্চিত্ৰ পৰিচালক তথা পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেন দাসে অসমৰ ওজাপালি আৰু দেওধনী লোকশিল্পৰ ওপৰত নিৰলস গৱেষণাৰে নিৰ্মাণ কৰা “আইৰন গাৰ্লছ“ চলচ্চিত্ৰখনে ইতিমধ্যেই দেশ বিদেশৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

প্ৰেৰক উৎপল মেধি

You might also like