নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰ হোৱা নাই অভিনেতা ছঈফৰ আক্রমণকাৰী

🔹 এসপ্তাহ পূর্বে শ্বাহৰুখৰ বাসগৃহলৈও গৈছিল দুর্বৃত্ত

🔹 তদন্ত ক্ষিপ্রতৰ কৰিছে মুম্বাই আৰক্ষীয়ে

নিউজ ডেস্ক, ১৮ জানুৱাৰী : বলীউড তাৰকা ছঈফ আলী খানক নিজ বাসভৱনতে দুর্বৃত্তই শিহৰণকাৰী আক্রমণ কৰা ঘটনাৰ তদন্ত মুম্বাই আৰক্ষীয়ে ক্ষিপ্রতৰ কৰি তুলিছে৷ মুম্বাইৰ বান্দ্রাস্থিত বাসভৱনৰ ১১ মহলাত বৃহস্পতিবাৰে নিশা বলীউড তাৰকা ছঈফ আলী খানক দুর্বৃত্তই ছুৰিকাঘাতেৰে গুৰুতৰভাৱে আহত কৰা ঘটনাক লৈ মুম্বাই আৰক্ষীয়ে তদন্তৰ বাবে ১০টা আৰক্ষী দল গঠন কৰি তদন্ত চলাই আছে৷ চিচি টিভি ফুটেজৰ আধাৰত আক্রমণকাৰী এজনক চিনাক্ত কৰা বুলি পৰহিয়েই মুম্বাই আৰক্ষীয়ে ঘোষণা কৰাৰ পিছত কালি এজন সন্দেহজনক লোকক আৰক্ষীয়ে আটক কৰে৷ প্রাৰম্ভিক পর্যায়ত আটক কৰা সন্দেহজনক লোকজনো ছঈফ আলী খানৰ আক্রমণৰ লগত জড়িত থকা বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰে যদিও পিছলৈ বান্দ্রা থানাৰ শীর্ষ বিষয়াই আটক কৰা লোকজন উক্ত ঘটনাৰ লগত জড়িত নহয় বুলি প্রচাৰ কৰে৷ তাৎপর্যপূর্ণ যে চিচি টিভি ফুটেজৰ আধাৰত আৰক্ষীয়ে আটক কৰা ব্যক্তিজন ছঈফ আলী খানৰ আক্রমণৰ ঘটনাত জড়িত নহয় বুলি প্রচাৰ হোৱাৰ পিছতেই এই বিষয়টোক লৈ প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ শিহৰণকাৰী আক্রমণৰ ঘটনাৰ কেইবা ঘণ্টা অতিক্রম কৰাৰ পিছতো আৰক্ষীয়ে কোনো আক্রমণকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াক লৈ মুম্বাই আৰক্ষীৰ ব্যর্থতাৰ ছবিখন সামাজিক মাধ্যমত ব্যাপক চর্চিত হৈছে৷ আনহাতে ছঈফ আলী খানৰ আক্রমণৰ ঘটনাটো ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে জড়িত হৈ আছে বুলিও আৰক্ষীয়ে প্রকাশ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ছঈফ আলী খানক আক্রমণ কৰাৰ এসপ্তাহ পূর্বে আক্রমণকাৰীয়ে শ্বাহৰুখ খানৰ বাসভৱনলৈও গৈছিল৷ শ্বাহৰুখ খানৰ বাংলো মন্নটত আক্রমণকাৰীয়ে ৬–৮ ফুট দৈর্ঘ্যৰ লোৰ অস্ত্রৰে অভিনেতাজনৰ বাসভৱনৰ ভিতৰভাগ পর্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছিল৷ এই সন্দর্ভত আৰক্ষীয়ে শ্বাহৰুখ খানৰ নিৰাপত্তাৰ বিষয়টোতো আলোচনা চলাইছে৷ লক্ষণীয় যে অভিনেতা ছঈফ আলী খানৰ বাসভৱনত প্রৱেশ কৰি দুর্বৃত্তই আক্রমণ চলোৱা ঘটনাটোৱে নিৰাপত্তাৰ ক্ষেত্রত আসোঁৱাহ থকাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে এই আক্রমণৰ ঘটনাটো সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি তদন্ত চলাই আক্রমণকাৰীক গ্রেপ্তাৰ কৰাৰ বাবে অভিযান চলাই আছে৷

You might also like