🔹 বোকাখাতত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন
বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : বোকাখাতৰ বালিজানৰ নতুন গাঁওস্থিত প্ৰয়াত বাণেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত “অসম বৈদিক বৈষ্ণৱ মহাসভা”ৰ ৰাজ্যিক সমিতিৰ সৌজন্যত তথা বোকাখাত জিলা সমিতি আৰু অসমবাসী ৰাইজৰ সহযোগত চতুৰ্দশ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি যোৱা ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে। কালি অধিৱেশনস্থলীত উদযাপন সমিতিৰ সভাপতি হিচাপে অধিৱেশনৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই কয়- অসম বৈদিক বৈষ্ণৱ মহাসভাই জন্মলগ্নৰে পৰা বৈদিক দৰ্শনেৰে এখন সুস্থ, সংহত সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজক লগ পাই ভাল লাগিল। “অসম বৈদিক বৈষ্ণৱ মহাসভা”ই আগন্তুক দিনবোৰতো ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ মাজত বৈদিক দৰ্শনৰ মহত্ত্ব সম্প্ৰসাৰণৰ দিশত বিশেষ ভূমিকা পালন কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী। অহা ২১ জানুৱাৰী পৰ্যন্ত চলিবলগীয়া অধিৱেশনখনিৰ সফলতা আন্তৰিকতাৰে কামনা কৰিলোঁ। অনুষ্ঠানত “অসম বৈদিক বৈষ্ণৱ মহাসভা”ৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰামেশ্বৰ বৰা, প্ৰধান সম্পাদক খগেন গগৈ সমন্বিতে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গৌতম গোস্বামী সমন্বিতে কৰ্মকৰ্তাসকল, কেউখন জিলা সমিতিৰ সভাপতি সমন্বিতে অন্যান্য বিষয়ববীয়াসকল, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। অধিৱেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সহযোগিতা আগবঢ়োৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক “অসম বৈদিক বৈষ্ণৱ মহাসভা”ৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰামেশ্বৰ বৰা সমন্বিতে উদ্যোক্তাসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।