নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুচপাছ কনষ্ট্ৰাকচনৰ প্ৰতাৰণাৰ বলি লাহৰীঘাটৰ শ্ৰমিক

🔹 ২৪ লাখ টকা আদায়ৰ দাবীত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী : গুৱাহাটীস্থিত পুচপাছ কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ প্ৰতাৰণা লাহৰীঘাটৰ শ্ৰমিকক। পুচপাছ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে লাহৰীঘাটত প্ৰতাৰিত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। উল্লেখ্য যে লাহৰীঘাটৰ ছাদ্দাম হুছেইন নামৰ এজন শ্ৰমিকৰ নেতৃত্বত ৬০-৭০জন শ্ৰমিকে পুচপাছ কনষ্ট্ৰাকচনৰ ৰে’ল ষ্টেচনৰ কাম কৰাৰ বাবে ওদালগুৰি জিলাৰ টংলালৈ গৈছিল। যোৱা বছৰৰ ১ জুলাইৰ পৰা ৪ মাহ টংলাৰ ৰে’ল ষ্টেচন নিৰ্মাণৰ কাম কৰিছিল শ্ৰমিককেইজনে। অভিযোগ মতে, পুচপাছ কনষ্ট্ৰাকচনৰ মেনেজাৰ ৰাজীৱ লাংথাছাই শ্ৰমিকৰ কামৰ বাবদ আদায় দিব লগা বৃহৎ পৰিমাণৰ ধন নিদিয়াত ছাদ্দাম হুছেইনে সকলো শ্ৰমিকক লৈ টংলাৰ পৰা গুচি আহে। পুচপাছ কনষ্ট্ৰাকচনৰ পৰা ছাদ্দাম হুছেইনে শ্ৰমিকৰ হাজিৰাৰ বাবদ প্ৰায় ২৪ লাখ টকা পাবলগীয়া আছে। কিন্তু পুচপাছ কনষ্ট্ৰাকচনে চাৰি মাহ উকলি যোৱাৰ পিছতো ছাদ্দাম হুছেইনক পাবলগীয়া ২৪ লাখ টকা আদায় দিয়া নাই। যাৰ ফলত দৰিদ্ৰ শ্ৰমিকসকলক ছাদ্দাম হুছেইনে কাম কৰাৰ ধন দিব পৰা নাই। শ্ৰম কৰা ধন নাপাই শ্ৰমিকসকলৰ মাজত হাহাকাৰ লাগিছে। অৱশেষত আজি শ্ৰমিকসকলে পুচপাছ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। পুচপাছ কনষ্ট্ৰাকচনে ধন আদায় দিয়ক নহ’লে গুলীয়াই দিয়ক বুলি শ্ৰমিকসকলে ক’বলৈ বাধ্য হয়। পাঁচ-ছয় দিনৰ ভিতৰত পুচপাছ কনষ্ট্ৰাকচনে শ্ৰমিকে পাবলগীয়া ধন আদায় নিদিলে আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ দিয়ে।

প্ৰেৰক আবুল কালাম

You might also like