নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ সাংবাদিক নবীন গোহাঁইলৈ সদস্য মহীয়ান বঁটা-২০২৪

🔹 দল-সংগঠনৰ উষ্ম অভিনন্দন জ্ঞাপন

বিশেষ বাৰ্তা, ২০ জানুৱাৰী : গোলাঘাট জিলাৰ বাদুলীপাৰৰ ‘নিয়মীয়া বাৰ্তা’ৰ জ্যেষ্ঠ সাংবাদিক নবীন গোহাঁইক কালি আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ তৰফৰ পৰা ‘সদস্য মহীয়ান বঁটা-২০২৪’ আগবঢ়োৱা হয়। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত পূৰ্ণাংগ অধিৱেশনৰ কালি অনুষ্ঠিত মুকলি সভাত সাংবাদিক নবীন গোহাঁইক মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে বঁটাটি প্ৰদান কৰে। গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ পতিয়াপথাৰ গাঁও নিৱাসী প্ৰয়াত উপেন গোহাঁই আৰু নীৰদা গোহাঁইৰ জ্যেষ্ঠ পুত্ৰ নবীন গোহাঁইক আপকু সদস্য মহীয়ান বঁটা প্ৰদান কৰাত বিভিন্ন দল-সংগঠন উৎফুল্লিত হৈ পৰিছে। সুদীৰ্ঘ সময় ধৰি আপকুৰ গোলাঘাট জিলা সমিতিৰ জৰিয়তে সদস্য হিচাপে যোগদান কৰি কাৰ্যনিৰ্বাহ কৰি থকা সাংবাদিকগৰাকী বিগত সময়ত আপকুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি, বৰ্তমান আপকুৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দীৰ্ঘদিন ধৰি সংবাদ সেৱা আৰু সমাজ সেৱাৰ লগত জড়িত নবীন গোহাঁই এগৰাকী চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিক। তদুপৰি, তেওঁ খুমটাই আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি, বাদুলীপাৰ আঞ্চলিক কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি, বাদুলীপাৰ নৃত্যাংগনা কলাকেন্দ্ৰৰ সভাপতি, পতিয়াপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকীৰ কাব্য সংকলন ‘আহত সময়’ আৰু ‘কবিতাৰ বৰষুণ’, জুৰী বৰুৱাৰ সৈতে যুটীয়াভাৱে আৰু একাংকিকা নাটকৰ সংকলন ‘জীৱন আৰু সংগ্ৰাম’, ‘এটি পুৱাৰ সন্ধানত’ প্ৰকাশ পাইছে। একেদৰে বিগত সময়ত বাদুলীপাৰৰ পৰা আত্মপ্ৰকাশ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ ‘স্বৰ্ণজ্যোতি থিয়েটাৰ’ৰ নাট পৰিচালকৰ দায়িত্বত থকা নবীন গোহাঁয়ে ইতিমধ্যে কেইবাখনো চুটি ছবিত অভিনয় কৰিছে। উল্লেখযোগ্য যে আপকুৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ঢেকীয়াজুলিৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনত গোহাঁইক বঁটা আগবঢ়োৱাত আপকুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ভৱানন্দ কলিতা, কাৰ্যকৰী সভাপতি প্ৰদীপ বৰা, সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম শইকীয়া, বৃহত্তৰ নুমলীগড় সংবাদ মঞ্চ, কমাৰগাঁও প্ৰেছ ক্লাব, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, খুমটাই আঞ্চলিক সাংবাদিক সংস্থা, মৰঙি প্ৰেছ ক্লাবকে আদি কৰি বিভিন্ন দল-সংগঠনে নবীন গোহাঁইক উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like