গো–মূত্র ‘বেক্টেৰিয়া প্রতিৰোধী’, পান কৰিলে হয় ৰোগ নিৰাময় !
🔹 মাদ্রাছ আইআইটিৰ সঞ্চালকৰ মন্তব্যত আলোড়ন
নিউজ ডেস্ক, ২১ জানুৱাৰী : বাবা ৰামদেৱৰ দৰে যোগগুৰুসকলৰ লগতে গো–মূত্র পানৰ উপকাৰিতা সন্দর্ভত গেৰুৱা শিবিৰৰ নেতাসকলৰ মুখতো প্রায়েই বিভিন্ন কথা শুনা যায়৷ এইবাৰ সেই পথতে খোজ পেলালে মাদ্রাছ আইআইটিৰ সঞ্চালক অধ্যাপক ভি কামাকোটিয়ে৷ জনাকীর্ণ এক অনুষ্ঠানত মাদ্রাছ আইআইটিৰ সঞ্চালকগৰাকীয়ে কয় যে গো–মূত্র বেক্টেৰিয়া প্রতিৰোধী আৰু ভেঁকুৰ প্রতিৰোধী৷ বিভিন্ন ৰোগ গো–মূত্র পান কৰিলে শৰীৰৰ পৰা নোহোৱা হৈ পৰে বুলিও দাবী কৰে ভি কামাকোটিয়ে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত সঞ্চালকগৰাকীৰ এই বক্তব্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ লগে লগে আৰম্ভ হৈছে বিতর্ক৷ অধ্যাপক কামাকোটিক এনডি টিভিৰ তৰফৰ পৰা প্রশ্ণ কৰা হৈছিল– বিজ্ঞান জগতৰ ব্যক্তি হৈও কু–সংস্কাৰ বিয়পোৱা উচিত হৈছে জানো? ইয়াৰ উত্তৰত আইআইটিৰ সঞ্চালকগৰাকীয়ে কয় যে গো–মূত্রৰ এণ্টি–বেক্টেৰিয়েল আৰু এণ্টি–ফাংগাল গুণ বিজ্ঞানভিত্তিকভাৱে প্রমাণিত হৈছে৷ আমেৰিকাৰ বিখ্যাত জার্নালতো এই কথা প্রকাশ পাইছে বুলি কামাকোটিয়ে যুক্তি দর্শায়৷ ২০২১ চনৰ জুন মাহত বিজ্ঞান জার্নাল নেচাৰত এই সম্পর্কীয় প্রবন্ধ উল্লেখ পোৱা বুলি মন্তব্য কৰে অধ্যাপকগৰাকীয়ে৷ লক্ষণীয়ভাৱে জার্নালখনত গো–মূত্রক লৈ গৱেষণাৰ এক প্রতিবেদন প্রকাশ কৰা হৈছিল যদিও এই গৱেষণা অসম্পূর্ণ বুলিও একেটা প্রতিবেদনত স্পষ্ট কৰি দিয়া হৈছিল৷ ইয়াৰ পাছতো আইআইটিৰ অধ্যাপকগৰাকীয়ে কেনেদৰে গো–মূত্র পান কৰিলে বেক্টেৰিয়া আৰু ভেঁকুৰ প্রতিৰোধ কৰিব পাৰি বুলি দাবী কৰিলে সেয়া আশ্চর্যৰ বিষয়৷ স্মর্তব্য যে ইয়াৰ পূর্বেও এনে অদ্ভুত দাবীৰ বাবে বিভিন্ন ক্ষেত্রত জড়িত থকা বিশিষ্ট ব্যক্তিসকলে যোগগুৰুসকলক তীব্র কটাক্ষ কৰিছিল৷ ২০২৩ চনত বেৰেইলিৰ ইণ্ডিয়ান ভেটেৰিনাৰী ইনষ্টিটিউট অৱ গৱেষণাত উল্লেখ কৰা হৈছিল যে গো–মূত্রত ১৪বিধ ক্ষতিকাৰক বেক্টেৰিয়া আছে৷ সেয়া স্বাস্থ্যৰ পক্ষে মাৰাত্মক হ’ব পাৰে৷