নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ ত্ৰিপুৰাৰ আগৰতলাৰ পৰা ৰেলযোগে বিহাৰৰ বাৰাউনিলৈ যাত্ৰা কৰা এগৰাকী মহিলাই গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪নং প্লেটফর্মত এটা সন্তানৰ জন্ম দিয়ে। এই সন্দৰ্ভত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে আগৰতলাৰ পৰা ৰাণী কমলাপতি এক্সপ্ৰেছত বিহাৰৰ বাৰাউনিলৈ যাত্ৰা কৰি থকা অৱস্থাত মহিলাগৰাকীয়ে হঠাতে প্ৰসৱ বেদনাত ভোগে। বিতং তথ্য প্রাপ্ত কৰাৰ পিছত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়াবৰ্গই ততালিকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে আৰু মহিলাগৰাকীক পৰিয়ালৰ সদস্যৰ সৈতে গুৱাহাটী ৰেল ষ্টেচনত নামিবলৈ পৰামৰ্শ দিয়ে। ৰে’লখন গুৱাহাটী ৰে’লৱে ষ্টেচন পোৱাৰ লগে লগে ৰে’লৱেৰ এটা চিকিৎসক আৰু নাৰ্ছৰ দলে ৰে’লৱে সুৰক্ষা বাহিনীৰ মহিলা কৰ্মীসকলৰ সৈতে দ্রুত পদক্ষেপ গ্ৰহণ কৰে আৰু মহিলাগৰাকীক ষ্টেচনতে সফল প্ৰসৱত সহায় কৰে। জন্মৰ পিছত মহিলাগৰাকীক প্ৰয়োজনীয় চিকিৎসাৰ বাবে তেওঁৰ স্বামীৰ সৈতে এম্বুলেন্সেৰে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি মাতৃ আৰু সন্তানটো সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।