ইডেন গাৰ্ডেনত আজি ভাৰত-ইংলেণ্ডৰ প্রথম টি-২০
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জানুৱাৰীঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে নতুন উদ্যমেৰে খেলাৰ বাবে সাজু হৈছে সূর্য কুমাৰ নেতৃত্বাধীন ভাৰতীয় টি–২০ দলটো৷ টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’ব৷ এই শৃংখলাটোত অনুৰাগীৰ দৃষ্টি নিবন্ধ থাকিব তাৰকা পেচ বলাৰ মহম্মদ ছামিৰ ওপৰত৷ কিয়নো, ১৪ মাহৰ পিছত পুনৰ ভাৰতীয় জার্ছীত দেখা যাব ছামিক৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰ পৰা আঘাতৰ বাবে ভাৰতীয় দলৰ বাহিৰত আছিল ছামি৷ ইফালে, ইংলেণ্ডৰে খেলিবলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৰ অধিকাংশই হ’ল নৱাগত খেলুৱৈ৷ এই শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলটোত স্থান নিগাজী কৰাৰ সুবর্ণ সুযোগ লাভ কৰিব নৱাগত খেলুৱৈসকলে৷ শৃংখলাটো অভিষেক শর্মা, তিলক বার্মা, নীতিশ কুমাৰ ৰেড্ডী, হর্ষিত ৰাণা, ৰিংকু সিং আৰু সঞ্জু ছেমছনৰ ওপৰত অধিক দৃষ্টি নিবদ্ধ থাকিব৷ অধিনায়ক সূর্য কুমাৰ যাদৱৰ লগতে অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াৰ ওপৰত ভাৰতীয় দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ এই তিনিওগৰাকী খেলুৱৈৰ বাহিৰে দলটোৰ বাকী বেটাৰসকল নৱাগত৷ শৃংখলাটোত অক্ষৰ পেটেলক সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়াত তেওঁৰ ওপৰত অতিৰিক্ত চাপ থাকিব৷ উল্লেখ্য যে আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ নকৰাৰ বাবে অসম সন্তান ৰিয়ান পৰাগক টি–২০ শৃংখলাটোত ভাৰতীয় দলত অন্তর্ভূক্ত কৰা হোৱা নাই৷ ইফালে, তাৰকা খেলুৱৈ ছেম কৰণ, উইল জেকছ আৰু ৰীচে ট’পলে অবিহনে শৃংখলাটোত ভাগ ল’ব ইংলেণ্ডে৷ অৱশ্যে নৱাগত খেলুৱৈ জেকব বেথেলৰ ওপৰত ইংৰাজ বাহিনীৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ জেকবে শেহতীয়াকৈ দুর্দান্ত প্রদর্শন দাঙি ধৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, আঘাতৰ পৰা আৰোগ্য লাভ কৰি পুনৰ ইংলেণ্ডৰ জাতীয় দললৈ প্রত্যাৱর্তন কৰিছে তাৰকা পেচ বলাৰ জ’ফ্রা আর্চাৰ৷ আর্চাৰৰ প্রত্যাৱর্তনে দলটোৰ বলিং শক্তি বহুখিনি বৃদ্ধি কৰিব৷ উল্লেখ্য যে পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ পৰৱর্তী মেচকেইখন ক্রমে ২৫ জানুৱাৰীত চেন্নাইত, ২৮ জানুৱাৰীত ৰাজকোট, ৩১ জানুৱাৰীত পুনে আৰু ২ ফেব্রুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব৷ ইপিনে, টি–২০ শৃংখলাটোৰ সমাপ্তিৰ পিছত দুয়ো দলৰ মাজত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা অনুষ্ঠিত হ’ব আৰু এই শৃংখলাটোৰ মেচকেইখন ৬, ৯ আৰু ১২ ফেব্রুৱাৰীত ক্রমে নাগপুৰ, কটক আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব৷
খেলৰ সময়ঃ নিশা ৭ বজা৷