নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদৰোগত আক্রান্ত হৈ মৃত্যু অসম আৰক্ষীৰ এএছআইৰ 

🔹 বাইকেৰে ডিউটিলৈ গৈ আছিল ৰহিম উদ্দিন মজুমদাৰ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : ঘৰৰ পৰা বাইকেৰে ডিউটিলৈ গৈ থকা অৱস্থাত হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় অসম আৰক্ষীৰ এএছআই  ৰহিম উদ্দিন মজুমদাৰৰ। কৰ্তব্যলৈ বাইক চলাই গৈ থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয় তেওঁৰ। তেওঁ শিলচৰৰ তাৰাপুৰ আৰক্ষী আউটপোষ্টত কৰ্মৰত হৈ আছিল। বুধবাৰে নিশা প্ৰায় ৭ বজাত বাদ্ৰীপাৰৰ পঞ্চম খণ্ড গাঁৱৰ ঘৰৰ পৰা বাইকেৰে কৰ্তব্যৰ বাবে ওলাই যায়।  প্ৰায় দুই কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত বাদ্ৰীপাৰৰ শ্লুইচ গেটৰ কাষ চাপি অহাৰ লগে লগে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ  পৰি যায়। পথচাৰী এজনে চিনি পাই পৰিয়ালক খবৰ দিয়ে। লগে লগে পৰিয়ালৰ লোকে আহি শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। তাত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।  মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৪ বছৰ।  মৃত্যুৰ সময়ত তেওঁ পত্নী, চাৰিজন পুত্ৰ আৰু আত্মীয়-স্বজনক এৰি যায়।  এ এছ আই ৰহিম উদ্দিন মজুমদাৰৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে বাদ্ৰীপাৰ গাঁৱত।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like