নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : চাবুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেশৰ গুৰুত্বপূৰ্ণ নিৰাপত্তাৰ বায়ুসেনা ছাউনীত কালি নিশা অঘটন সংঘটিত হয়। এগৰাকী জোৱানে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই চৰম পথ বাছি লোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অন্য কোনো খবৰ লাভ কৰিব পৰা নগ’লেও তিনি জাঁই গুলী মাৰি কৰ্তব্যৰত অৱস্থাত চৰম পথ বাছি লয় বুলি বিশেষ সূত্ৰে প্ৰকাশ। জোৱানজনৰ নাম আৰ এছ পামা। নিশা ৭.৩০ মান বজাত কৰ্তব্যৰত অৱস্থাত এ কে ১০৩ ছাৰ্ভিচ ৰাইফলৰ গুলীত ৯৫৬ স্কোৱাডেন কৰ্পৰেল ৰেংকৰ জোৱানজনৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত চাবুৱা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক দিব্যজ্যোতি লাহন