নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ভাৰতীয়ৰ শংকা

আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব লৈয়েই ড’নাল্ড ট্রাম্পে লোৱা কঠোৰ সিদ্ধান্তত বিশ্ব হতবাক হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থা, পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ নাম প্রত্যাহাৰ কৰাৰ লগতে কেইবাটাও কঠোৰ নীতি গ্রহণ কৰাৰ ফলত বিশ্বৰ বহু দেশলৈ শংকা নামি আহিছে৷ গোলকীয় বাণিজ্য আৰু ৰাজনীতিৰ ক্ষেত্রখন অভাৱনীয় পৰিৱর্তনৰ দিশে আগবঢ়োৱাৰ বার্তা দিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাষ্ট্রপতি কার্যালয়ত পদার্পণ কৰিয়েই ড’নাল্ড ট্রাম্পে প্রব্রজন নীতিক লৈও কঠোৰ সিদ্ধান্ত গ্রহণ কৰে৷ আমেৰিকা প্রথম নীতিৰে কঠোৰ পদক্ষেপ গ্রহণ কৰা ড’নাল্ড ট্রাম্পৰ প্রব্রজন নীতিয়ে বিশ্বৰ বহু দেশৰ লগতে ভাৰতৰ ক্ষেত্রতো শংকা নমাই আনিছে৷ দশক দশক ধৰি আমেৰিকা যুক্তৰাষ্ট্রত বসবাস কৰি থকা প্রব্রজিত ভাৰতীয় দম্পতীৰ বাবেও এই প্রব্রজন নীতি নেতিবাচক হৈ পৰিব৷ ৰাষ্ট্রপতি ট্রাম্পে প্রব্রজিত দম্পতীৰ সন্তানে জন্মগত নাগৰিকত্ব নাপাব বুলি লোৱা সিদ্ধান্তই আমেৰিকাত বসবাস কৰি থকা প্রবাসীসকলৰ মাজত শংকা নমাই আনিছে৷ কর্মসংস্থাপনৰ ভিছা লৈ বিশেষকৈ এইচ–১বি আৰু এল–১ৰ গৰাকীসকলৰ আমেৰিকাত জন্মগ্রহণ কৰা সন্তানে নাগৰিকত্ব নাপাব বুলি ট্রাম্পৰ কঠোৰ নীতিত সন্নিৱিষ্ট হৈ আছে৷ যদি কোনো প্রব্রজিত দম্পতীৰ সন্তানে আমেৰিকাত জন্মগ্রহণ কৰি আমেৰিকাতেই ডাঙৰ–দীঘল হৈছে, তথাপি এই সন্তানে দেশখনত নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব৷ অর্থাৎ এনে সন্তানসকল আমেৰিকাৰ পৰা পিতৃ–মাতৃৰ স্বদেশলৈ উভতি আহিব লাগিব৷ ট্রাম্পৰ নতুন প্রব্রজিত নীতি অনুসৰি আমেৰিকাত বসবাস কৰি থকা প্রব্রজিত দম্পতীৰ এজন আমেৰিকাৰ নাগৰিক হ’বই লাগিব৷ অর্থাৎ সন্তানৰ পিতৃ–মাতৃৰ এজনৰ গ্রীন কার্ড থাকিব লাগিব নতুবা আমেৰিকাৰ নাগৰিক হ’ব লাগিব৷ তেতিয়াহে তেনে দম্পতীৰ সন্তানে দেশখনত নাগৰিকত্ব লাভ কৰিব৷ ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিয়েই নির্দেশনা জাৰি কৰা প্রব্রজন নীতি ৩০ দিনৰ পিছত কার্যকৰী হ’ব৷ অর্থাৎ অহা ১৯ ফেব্রুৱাৰীত এই নীতি কার্যকৰী হ’ব৷ এনে পৰিপ্রেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্রত কর্মসংস্থাপনৰ ভিছা লৈ বসবাস কৰি থকা বিশ্বৰ আন দেশসমূহৰ দম্পতীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজত প্রব্রজিত ভাৰতীয় দম্পতীও আছে৷ লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্রত কর্মসংস্থাপনৰ ভিছা লৈ কেইবালাখ ভাৰতীয় লোক আছে৷ এই লোকসকলে গ্রীন কার্ডৰ বাবে শাৰী পাতিব লাগিব৷ দেশখনৰ গ্রীন কার্ড প্রদান কৰা কার্যালয়ত প্রব্রজিত ভাৰতীয়সকলে আবেদন কৰিব লাগিব৷
ট্রাম্পৰ নতুন প্রব্রজন নীতিয়ে প্রব্রজিত ভাৰতীয়ক সংকটত পেলোৱাটো নিশ্চিত কৰিছে৷ কিয়নো এইচ–১বি ভিছাৰ বাবে কোনো দেশৰ নাগৰিকে আমেৰিকা যুক্তৰাষ্ট্রত ৬ বছৰ বসবাস কৰিব লাগিব৷ ইয়াৰ ভিতৰত তিনি বছৰ সম্প্রসাৰণৰ সময়সীমাও সন্নিৱিষ্ট হৈ আছে৷ এল–১ ভিছাপ্রাপ্তসকলে আমেৰিকা যুক্তৰাষ্ট্রত প্রথমতে তিনি বছৰ থাকিব পাৰে৷ পৰিণতিত নতুন নীতিত এই ভিছাপ্রাপ্তসকলৰ বাবে জটিলতা আহি পৰিব৷ আমেৰিকা যুক্তৰাষ্ট্রত কর্মসংস্থাপনৰ ভিছা লৈ বসবাস কৰা বিশ্বৰ আন দেশৰ নাগৰিকৰ তুলনাত ভাৰতীয় লোকৰ সংখ্যা বেছি৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৱেবছাইটৰ তথ্য মতে এইচ–১বি ভিছা লৈ থকা প্রব্রজিত লোকৰ ভিতৰত ৭২ শতাংশই ভাৰতীয় লোক৷ ট্রাম্পৰ ঘোষিত নতুন নীতিক লৈ তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈ আছে৷ ভাৰতীয়–আমেৰিকানসকলে সামাজিক মাধ্যমত ট্রাম্পৰ এই নীতিক লৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছে৷ এগৰাকী প্রবাসী ভাৰতীয়ই অসন্তুষ্টি ব্যক্ত কৰি প্রকাশ কৰা মতে, এইচ–১বি ভিছাপ্রাপ্ত ভাৰতীয়ই গ্রীন কার্ড কেতিয়াও নাপায়৷ গতিকে তেওঁলোকৰ সন্তানে আমেৰিকাত নাগৰিকত্ব নাপায়৷ এয়া ভাৰতীয়সকলৰ বাবে দুঃখবৰ৷ কিয়নো তেওঁলোকে আমেৰিকাত স্থায়ীভাৱে বসবাস কৰিব নোৱাৰিব৷ প্রব্রজিত দম্পতীৰ সন্তানে আমেৰিকাত নাগৰিকত্ব নাপালে সন্তানক প্রব্রজিত দম্পতীৰ স্বদেশলৈ ওভতাই পঠিয়ালে পৰিয়ালত ভাঙোন হ’ব৷ এইক্ষেত্রত ৰাষ্ট্রপতি ট্রাম্পে কয় যে তেওঁলোকে পৰিয়ালত ভাঙোন আনিব নিবিচাৰে৷ পৰিয়ালত ভাঙোন আনিব নালাগিলে একত্রিত হৈ থাকিব লাগিব৷ গতিকে এনে প্রব্রজিত দম্পতীৰ পৰিয়ালক আটাইকে ওভতাই পঠিওৱা হ’ব৷ লক্ষণীয় যে ট্রাম্পৰ এনে মন্তব্যই আমেৰিকা যুক্তৰাষ্ট্রত বছৰ বছৰ ধৰি কর্মৰত হৈ থকা প্রব্রজিত ভাৰতীয় দম্পতীৰ বাবে আন এক শংকা নমাই আনিছে৷ সন্তানৰ লগতে তেনে দম্পতীসমূহ স্বদেশলৈ উভতি আহিব লাগিব৷ এনে হ’লে দম্পতীয়ে কর্মসংস্থাপন হেৰুওৱাৰ লগতে সন্তানৰ ভৱিষ্যতৰো প্রশ্ণ এটা উত্থাপন হ’ব৷ প্রশ্ণ উত্থাপিত হৈছে- ট্রাম্পৰ নতুন নীতিয়ে হাজাৰ হাজাৰ ভাৰতীয় দম্পতীৰ জীৱনলৈ অনিশ্চয়তা নমাই আনিব৷ কিদৰে আমেৰিকাত বসবাস কৰি থকা প্রবাসী ভাৰতীয় দম্পতীয়ে ভৱিষ্যৎ আগবঢ়াই নিব, তাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ কার্যতঃ ট্রাম্পৰ প্রব্রজন নীতিয়ে প্রবাসী ভাৰতীয়ৰ সন্তানলৈও অশনি সংকেত কঢ়িয়াই আনিব৷

You might also like