নিউজ ডেস্ক, ২৪ জানুৱাৰী : খ্যাতিৰ বিড়ম্বনা! মহাকুম্ভত ভৰি দি নিশাৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল পাথৰৰ মালা বিক্রেতা তৰুণী মনালিছা৷ ভাইৰেল হৈ পৰিছিল মনালিছাৰ বিভিন্ন মুহূর্তৰ ভিডিঅ’৷ মনালিছাৰ হাঁহি, কাজল লগোৱা চকুত ডুব গৈছিল নেট দুনিয়া৷ কিন্তু এই খ্যাতিৰ বাবেই ভয়ংকৰ পৰিস্থিতিৰ চিকাৰ হ’ল ইন্দোৰৰ তৰুণীগৰাকী৷ নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি মনালিছাই কয় যে তেওঁ যথেষ্ট ভয় খাইছে৷ এবাৰ নহয়, দুবাৰ বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে মনালিছা৷ পাথৰৰ মালা বিক্রী কৰিবলৈ মহাকুম্ভলৈ পৰিয়ালৰ সৈতে আহিছিল তৰুণীগৰাকী৷ কিন্তু প্রয়াগৰাজলৈ অহা লোকসকলৰ কেমেৰাত বন্দী হোৱাৰ লগে লগে জনপ্রিয়তাৰ শিখৰত উঠে এই সুন্দৰীগৰাকী৷ ইয়াৰ পিছত মনালিছাক বিচাৰি মহাকুম্ভত বহু লোকে ইমূৰৰ পৰা সিমূৰ চলাথ কৰিছে৷ সকলোৰে চকুত মালা বিক্রেতা মনালিছা হৈ পৰিছে ‘ডা ভিন্সি’ৰ সুন্দৰী মনালিছাৰ দৰে৷ গতিকে, যিফালেই মনালিছা গৈছে, সেইফালেই মানুহৰ ধল৷ আনকি, মনালিছা থকা টম্বুত অচিনাক্ত লোকে আহি প্রৱেশৰ চেষ্টা চলায়৷ কার্যতঃ মনালিছাক লৈ প্রয়াগৰাজত বিভিন্নজনৰ মাজত চলিছে টনাটনি৷ গতিকে, পৰিয়ালে মনালিছাক তাৎক্ষণিকভাৱে ইন্দোৰৰ বাসগৃহলৈ ওভতাই পঠিয়াইছে৷