🔹 ২৩ বছৰীয়া উর্মিলা খাতুনৰ ঘৰ বাংলাদেশৰ তাৰাকান্দা উপ–জিলাত
নিউজ ডেস্ক, ২৪ জানুৱাৰী : মহাৰাষ্ট্র চৰকাৰৰ ‘লাড়কী বহিন’ (আদৰৰ ভগ্ণী) আঁচনিৰ সুবিধা লাভ কৰিছে বাংলাদেশী মহিলায়ো৷ শেহতীয়াকৈ এই অভিযোগ উঠিছে মুম্বাইৰ পৰা গ্রেপ্তাৰ হোৱা উর্মিলা খাতুনৰ বিৰুদ্ধে৷ অবৈধ বাংলাদেশী অনুপ্রৱেশকাৰীক গ্রেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত ধৰা পৰে ২৩ বছৰীয়া এই মহিলাগৰাকী৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, উর্মিলা খাতুন বাংলাদেশী৷ ঘৰ বাংলাদেশৰ তাৰাকান্দা উপ–জিলাত৷ মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ পিছতে বিভিন্ন তথ্য পোহৰলৈ আহিছে৷ মহিলাগৰাকীৰ অধিবক্তাই দাবী কৰা অনুসৰি, তেওঁ ভাৰতীয় নাগৰিক৷ নথি হিচাপে এখন আধাৰ কার্ড দেখুওৱা হৈছে৷ এই আধাৰ কার্ড ভুৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে ‘লাড়কী বহিন’ আঁচনিৰ হিতাধিকাৰী হিচাপে মহিলাগৰাকীৰ নাম নথিভুক্ত হোৱা বিষয়টোও অধিবক্তাগৰাকীয়ে উল্লেখ কৰিছে৷ শেহতীয়াকৈ দিল্লী আৰু মহাৰাষ্ট্রৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে বহু অবৈধ বাংলাদেশী অনুপ্রৱেশকাৰীক গ্রেপ্তাৰ কৰিছে৷ বাংলাদেশী অনুপ্রৱেশকাৰীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা বুলিও আৰক্ষীয়ে অভিযোগ কৰিছে৷