🔹 চিআইডিত গোচৰক লৈ অভিযান
🔹 ৰিজু প্রসাদ শর্মাৰ ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ–২৭টা বেংক একাউণ্ট জব্দ
বিশেষ বাৰ্তা, ২৪ জানুৱাৰী : কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ নামত হোৱা বুজন পৰিমাণৰ ধনৰ কেলেংকাৰি সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ ইডিয়ে পৰহি দেৱালয়ৰ পৰিসৰত ব্যাপক অভিযান চলায়৷ উল্লেখ্য যে শক্তিপীঠ কামাখ্যা ধামৰ পৰিচালনাৰ বাবে গঠিত কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বিগত ২০০৩ চনৰ পৰা ২০১৯ চনলৈ প্রায় ৭.৬২ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছিল৷ এই সন্দর্ভত পূর্বতে চিআইডিতো এটা গোচৰ ৰুজু কৰি ব’ৰ্ডৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছিল৷ পৰৱর্তী সময়ত উক্ত গোচৰটোৰ তদন্ত কেন্দ্রীয় সংস্থা ইডিলৈ হস্তান্তৰ কৰা হয়৷ জানিব পৰা মতে, কামাখ্যা দেৱালয়ত প্রয়োজনীয় বিভিন্ন বৈদ্যুতিন সামগ্রী, চিমেণ্ট, চাফাইৰ সামগ্রী, কর্মচাৰী নিয়োগসহ বিভিন্ন সেৱাত কেলেংকাৰি সংঘটিত হৈছিল৷ উল্লেখ্য যে দেৱালয়খনলৈ চৰকাৰীভাৱে অহা বিভিন্ন পুঁজি নিয়ম মতে জিলা উপায়ুক্তৰ অনুমোদনৰ পাছতহে দেৱোত্তৰ ব’র্ডে খৰচ কৰিব পাৰে৷ কিন্তু প্রভাৱ খটুৱাই তদানীন্তন কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ অনুমতি অবিহনে বুজন পৰিমাণৰ ধন ব’ৰ্ডৰ কর্মচাৰীসকলে খৰচ কৰিছিল যদিও সময়ত এইবোৰৰ হিচাপ দিব পৰা নাছিল৷ পৰহি ইডিয়ে ধনৰ অবৈধ লেনদেন প্রতিৰোধ আইনৰ অধীনত তদানীন্তন ব’ৰ্ডৰ প্রশাসক ৰিজু প্রসাদ শর্মা, ধীৰাজ শর্মা আৰু নৱকান্ত শর্মাৰ বাসভৱনত অভিযান চলায়৷ মন কৰিবলগীয়া যে ব’ৰ্ডৰ বিষয়ববীয়া ধীৰাজ শর্মা আৰু নৱকান্ত শর্মাৰ ইতিমধ্যে মৃত্যু হোৱা বাবে ইডিৰ দলটোৱে দুয়োজনৰে পৰিয়ালবর্গক সোধা–পোছা চলায়৷ ইডিয়ে এক বিবৃতিযোগে সদৰী কৰা মতে, উক্ত অভিযানত ১.৮২ কোটি টকাৰ জীৱন বীমাৰ পলিচী জব্দ কৰা হৈছে৷ উক্ত পলিচীসমূহ উল্লেখিত তিনিওজন বিষয়ববীয়া আৰু তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰ বাহিৰেও তালাচীৰ সময়ত ইডিয়ে ২৭টাতকৈও অধিক বেংক একাউণ্ট জব্দ কৰিছে৷ উক্ত বেংক একাউণ্টকেইটাৰ মাধ্যমেৰে সেই সময়ছোৱাত ব’ৰ্ডৰ অবৈধ ধনৰ লেনদেন হৈছিল বুলি সন্দেহ প্রকাশ কৰিয়েই একাউণ্টসমূহ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে৷