নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰমিট সিং ৰাজ্যৰ ভাৰপ্রাপ্ত ডিজিপি

🔹 অসম–মেঘালয় কেডাৰৰ আইপিএছ

বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : চিআৰপিএফৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা অসমৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ স্থানত দায়িত্বভাৰ লাভ কৰিব বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিঙে৷ ৰাজ্যৰ গৃহ বিভাগে এক নির্দেশনাৰ জৰিয়তে হৰমিট সিঙক ভাৰপ্রাপ্ত আৰক্ষী সঞ্চালকপ্রধান ৰূপে দায়িত্বভাৰ অর্পণ কৰিছে৷ গৃহ বিভাগৰ আয়ুক্ত সচিব বিশ্বজিৎ পেগুৱে দিয়া এই নির্দেশ অনুসৰি বর্তমান গৃহৰক্ষী বাহিনীৰ সঞ্চালকৰূপে তথা বিশেষ আৰক্ষী সঞ্চালকপ্রধান ৰূপে কার্যনির্বাহ কৰি থকা হৰমিট সিঙক ভাৰপ্রাপ্ত আৰক্ষী সঞ্চালকপ্রধানৰ দায়িত্ব অর্পণ কৰা হৈছে৷ উল্লেখ্য যে ১৯৯২ বর্ষৰ অসম–মেঘালয় কেডাৰৰ আই পি এছ হৰমিট সিঙে ২০২১ চনত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ৰূপে দায়িত্ব চম্ভালিছিল৷ পিছত তেওঁৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধানৰ পৰা বিশেষ আৰক্ষী সঞ্চালকপ্রধানলৈ পদোন্নতি হৈছিল৷ ১৯৯৮ত দিল্লীলৈ ডেপুটেচনত যোৱা হৰমিট সিঙে ২০১৭ চনত ডেপুটেচন সামৰি অসমলৈ উভতিছিল৷ ইফালে, চিআৰপিএফৰ সঞ্চালকৰ দায়িত্ব লাভ কৰা জি পি সিঙে ২৯ জানুৱাৰীত আৰক্ষী সঞ্চালকপ্রধানৰ কার্যভাৰ এৰাৰ সম্ভাৱনা আছে৷ কার্যতঃ বুধবাৰে ভাৰপ্রাপ্ত আৰক্ষী সঞ্চালকপ্রধানৰ দায়িত্ব গ্রহণ কৰিব পাৰে হৰমিট সিঙে৷

You might also like