নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৱৰ্তন

🔹 অধ্যাপক উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাহিত্য সাধনা বঁটা

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰী : “ছাত্ৰ-ছাত্ৰীসকলে আজি তোমালোকৰ সফলতা নিজৰ ককা-আইতা, পিতৃ-মাতৃক অৰ্পণ কৰিবা । কাৰণ তেওঁলোকে তোমালোকক প্ৰথম শিক্ষাৰ বাবে বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল । আজি মোৰ ভাল লাগিছে যে আজি মই প্ৰদান কৰা প্ৰমাণ-পত্ৰসমূহ অধিকাংশ ছাত্ৰীয়ে লাভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন ভাৰতৰ বেটীসকলে পূৰণ কৰিব লাগিব ।”- এই মন্তব্য অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ । আজি হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৱৰ্তনত অংশগ্ৰহণ কৰি নিজ ভাষণ প্ৰসংগত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যজনে এই মন্তব্য কৰে । বিশ্ববিদ্যালয়খনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত এই সমাৱৰ্তনখন অনুষ্ঠিত হয় । দুদিনীয়া কাৰ্যসূচী লৈ কালি হোজাই জিলাত উপস্থিত হোৱা বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় দিনা বিশ্ববিদ্যালয়খনৰ দীক্ষান্ত সমাৰোহত সভাপতিত্ব কৰে । আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মানবেন্দ্ৰ দত্ত চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা জীৱনজোৰা সাধনা বঁটা অসমীয়া ভাষা-সংস্কৃতিলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক তথা ভাষা-সংস্কৃতিৰ বিশিষ্ট গৱেষক, সু-সাহিত্যিক, প্ৰফেছৰ উপেন ৰাভা হাকাচামলৈ আগবঢ়োৱা হয়। এই বঁটাত এটা স্মাৰক, এখন মানপত্ৰ আৰু এক লাখ টকাৰ চেক প্ৰদান কৰা হয়। আজিৰ দীক্ষান্ত সমাৱৰ্তনত তিনিটা সোণৰ পদকসহ স্নাতকোত্তৰ শ্ৰেণীৰ ৮১জন আৰু স্নাতক শ্ৰেণীৰ ৪৫৯গৰাকী ছাত্ৰ-ছাত্ৰীক দীক্ষান্ত প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয। উল্লেখযোগ্য যে প্ৰথম দীক্ষান্ত সমাৰোহত দুটা সোণৰ পদকসহ স্নাতকোত্তৰ শ্ৰেণীৰ ১৭৪জন আৰু স্নাতক শ্ৰেণীৰ ৯৫০গৰাকী ছাত্ৰ-ছাত্ৰীক দীক্ষান্ত প্ৰমাণ-পত্ৰ প্ৰদান কৰা হৈছিল। এই অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰসহ জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি, বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজ আৰু শিক্ষাৰ্থীসকলৰ লগতে বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থাকে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like