চন্দ্রপুৰত পথ নির্মাণত অনিয়মঃ ৬ ঘণ্টাতে ৭০০ মিঃ পথত নিম্নমানৰ কার্পেটিং
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ গড়কাপ্টানী বিভাগটোক নতুন মাত্রা প্রদান কৰি পথ নির্মাণ কার্য উন্নত কৰাৰ বাবে গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দৃঢ় পদক্ষেপ গ্রহণ কৰাৰ সময়তে মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত এটা পথ নির্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ মতে সাতশ মিটাৰ দৈর্ঘ্যৰ পথ এটা আজি মাত্র ছঘণ্টাৰ ভিতৰতে কার্পেটিং সম্পূর্ণ কৰে সংশ্লিষ্ট ঠিকাদাৰে৷ অধিক মুনাফা লাভৰ স্বার্থতে ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ কাম কৰি নির্মাণকার্য সম্পূর্ণ কৰে৷ উল্লেখ্য যে গড়কাপ্ঢানী বিভাগৰ গুৱাহাটী সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰ তাঁতীমাৰাৰ শ্বহীদ জিতেন কলিতা পথটো পুনৰ নির্মাণৰ দায়িত্ব লাভ কৰে ৰোহণ দত্ত নামৰ ঠিকাদাৰ এজনে৷ জানিব পৰা মতে, তপোবন বনভোজস্থলীলৈ যোৱা ৬৫ মিটাৰ পথত ব্রকৰ দ্বাৰা নির্মাণৰ লগতে সাতশ মিটাৰ দৈর্ঘ্যৰ শ্বহীদ জিতেন কলিতা পথটো নির্মাণৰ বাবে মুঠ ২২ লাখ টকা ধার্য কৰে সংশ্লিষ্ট বিভাগে৷ অসম দর্শন আঁচনিৰ অধীনত সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে কেইদিনমান পূর্বে ৬৫ মিটাৰ দৈর্ঘ্যৰ পথটো নির্মাণ কৰাৰ পাছত আজি আকস্মিকভাৱে শ্রমিক আৰু সা–সৰঞ্জাম লৈ উপস্থিত হয় জিতেন কলিতা পথত৷ আশ্চর্যজনকভাৱে তিনি বছৰ পূর্বে নির্মাণ কৰা পথটো কেৱল বতাহৰ জৰিয়তে ধূলিখিনি আঁতৰাই পুৰণি কার্পেটিং আঁতৰ নকৰাকৈ নতুন কার্পেটিং কৰে৷ এনেদৰে ততাতৈয়াকৈ মাত্র ছঘণ্টামানৰ ভিতৰতে কার্পেটিং কৰে সাতশ মিটাৰ পথত৷ আশ্চর্যকৰভাৱে বিভাগটোৰ কনিষ্ঠ অভিযন্তা প্রণৱ দাসৰ উপস্থিতিত এনেদৰে কেইঘণ্টামানতে পথটো নির্মাণ কৰে৷ ইফালে, পুৰণি কার্পেটিং আঁতৰ নকৰাকৈ পুনৰ নির্মাণ কৰাত কম দিনৰ ভিতৰতে কার্পেটিং উখহি যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷ আনহাতে, এইটো আঁচনিত এনেদৰেই পথ নির্মাণ কৰা হয় বুলি উল্লেখ কৰি কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰগৰাকীয়ে সৰু–সুৰা যান–বাহন চলাচল কৰিলে কোনো ক্ষতিসাধন নহয় বুলি টুলুঙা মন্তব্য কৰে৷ গধুৰ বাহন চলিলে যে পথটো পুনৰ জহি–খহি যাব সেইটো তেওঁলোকৰ কথাৰ পৰাই স্পষ্ট হৈছে৷ কেইঘণ্টামানৰ ভিতৰতে পথটো ততাতৈয়াকৈ নির্মাণ কৰাত বিভাগীয় বিষয়া আৰু ঠিকাদাৰগৰাকীৰ মাজত গোপন বুজাবুজি থকাৰ সন্দেহ কৰিছে ৰাইজে৷ সেয়ে একাংশ ৰাইজে এইক্ষেত্রত গড়কাপ্ঢানী মন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে৷