সুকন্যা : ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ফেশ্বন আৰু গ্লেমাৰ জগতৰ এটি পৰিচিত নাম অসম কন্যা সংযুক্তা দত্ত৷ এই জগতখনত তেওঁ গৌৰৱেৰে আৰু সফলতাৰে অতিক্রম কৰিলে ১২টা বছৰ৷ শৈশৱৰ পৰা ফেশ্বন ডিজাইনিঙৰ প্রতি গভীৰভাৱে অনুৰাগী হৈ পৰা সংযুক্তা দত্তই বিগত প্রায় এটা যুগ অসমৰ সাজ–পোছাকক সৃষ্টিশীল ডিজাইনিঙেৰে ন–ৰূপ প্রদান কৰি বিশ্বদৰবাৰত পৰিচিত কৰাইছে৷ অসমৰ ৰেচম শিল্পক অধিক উন্নত প্রযুক্তিৰে মানসম্পন্ন কৰি বিশ্বৰ বিভিন্ন প্রান্তলৈ প্রসাৰিত কৰাত অগ্রণী ভূমিকা গ্রহণ কৰা ডিজাইনাৰসকলৰ ভিতৰত এতিয়া সংযুক্তা দত্ত বিশেষভাৱে উল্লেখযোগ্য৷ প্রয়াত গোপাল চন্দ্র দত্ত আৰু অৰূপা দত্তৰ কন্যা সংযুক্তাই অসমীয়া পাট–মুগাৰ চাদৰ–মেখেলাত নিজস্ব সৃষ্টিশীলতাৰে বিভিন্ন ধৰণে ব্যতিক্রমী আৰু মনোগ্রাহী ডিজাইন কৰি দেশ–বিদেশৰ আগশাৰীৰ মডেলৰ দ্বাৰা অসমৰ হস্ততাঁত শিল্পক অধিক উন্নত আৰু আকর্ষণীয় ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ হেৰাই যাব ধৰা অসমৰ আপুৰুগীয়া ৰেচম শিল্পক পুনৰুদ্ধাৰৰ বাবে সংযুক্তা দত্তই অহোপুৰুষার্থ কৰিছে৷ চৰকাৰী চাকৰি ত্যাগ কৰি ফেশ্বন ডিজাইনিঙৰ জগতত পদার্পণ কৰি বিশ্ব জয় কৰা সংযুক্তা দত্তৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল৷
ফেশ্বন ডিজাইনিঙৰ প্রতি আপুনি কিদৰে আকর্ষিত হ’ল? আপোনাৰ জন্মস্থান আৰু শৈশৱৰ বিষয়ে জনাব নেকি?
সৰুৰে পৰা মোৰ ফেশ্বন ডিজাইনিঙৰ জগতখনৰ প্রতি এক বিশেষ অনুৰাগ আছিল৷ অৱশ্যে শৈশৱৰ সেই সপোন এদিন বাস্তৱায়িত হ’ব নে নহয় তাক লৈ মই নিশ্চিত নাছিলোঁ৷ মোৰ জন্মস্থান নগাঁৱতে শৈশৱ অতিবাহিত কৰিছিলোঁ৷ নগাঁও চহৰৰ পানীগাঁৱত জন্মগ্রহণ কৰাৰ পিছত মই তাতেই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ৷ নগাঁও চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীর্ণ হওঁ৷ ইয়াৰ পিছত মই অভিযান্ত্রিক শিক্ষাগ্রহণ কৰোঁ৷ কিন্তু সেই সময়তে মোৰ মনৰ মাজত শৈশৱৰ পৰা দেখি অহা সপোনটোৱে উক দিয়ে৷ সৰুৰে পৰা মই মেখেলা–চাদৰ বৰ ভাল পাইছিলোঁ৷ কিন্তু মোক এটা কথাই সদায় আমনি কৰিবলৈ লৈছিল যে অসমৰ আপুৰুগীয়া আৰু মর্যাদাসম্পন্ন ছিল্কৰ বিষয়ে অন্য ৰাজ্যবোৰৰ লোকসকল একেবাৰে অজ্ঞ৷ অথচ অন্য ৰাজ্য ছিল্ক যেনে– কাঞ্জিপুৰম, বাংগালুৰুৰ ছিল্ক আদিৰ বিষয়ে দেশৰ প্রায়সংখ্যক লোকেই ভালদৰে জানে৷ এই কথাটোৱে মোক বাৰুকৈয়ে মনত আঘাত দিছিল৷ সেইবাবে তেতিয়াৰ পৰাই অসমৰ পাট–মুগাৰ বাবে কাম কৰাৰ এক তাড়না অনুভৱ কৰিছিলোঁ৷ এনেদৰেই মই এদিন মূলতঃ অসমৰ ছিল্ক আৰু বিভিন্ন ব্যতিক্রমী ডিজাইনৰ মেখেলা–চাদৰৰ প্রচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে এখন নতুন জগতত সোমাই পৰিলোঁ৷
আপুনি এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে দেশ–বিদেশত খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে৷ কি উদ্দেশ্যেৰে আপুনি এই বিষয়টো বাছনি কৰিলে?
শৈশৱৰ পৰা মেখেলা–চাদৰ মই খুব ভাল পাইছিলোঁ৷ মই নিজেও মেখেলা–চাদৰ পিন্ধি ভাল পাওঁ আৰু আনে পিন্ধা দেখিলে ভাল পাওঁ৷ কিন্তু সদায় একে ডিজাইনৰ কাপোৰবোৰ নতুন ৰূপত চোৱাৰ বাসনা জাগিছিল৷ সেইবাবে মই নিজে কিছুমান ডিজাইন কৰি মেখেলা–চাদৰ পিন্ধিছিলোঁ৷ লাহে লাহে অসমৰ পাট–মুগাক অসমৰ বাহিৰত তথা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত দাঙি ধৰাৰ ইচ্ছা তীব্রতৰ হৈ পৰিল৷ কাঞ্জিপুৰম, বাংগালুৰুৰ ছিল্ক আদিৰ নিচিনাকৈ বিশ্ব দৰবাৰত অসম ছিল্কৰ বাবে কাম কৰাৰ মই এক মিছন আৰম্ভ কৰিলোঁ৷ মই মূলতঃ অসম ছিল্ক আৰু বিভিন্ন ব্যতিক্রমী ডিজাইনৰ মেখেলা–চাদৰৰ প্রচাৰ আৰু প্রসাৰৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিছোঁ৷ অসমৰ পাট–মুগাৰ মেখেলা–চাদৰ আৰু অসমৰ হস্ততাঁত বস্ত্রশিল্প উদ্যোগটোৰ বাবে কিবা এটা কৰাৰ উদ্দেশ্যৰেই মই এই ক্ষেত্রখনত খোজ পেলালোঁ৷ নিজে কিবা এটা কৰাৰ হাবিয়াসেই মোক এই ব্যতিক্রমী অথচ অতি গুৰুত্বপূর্ণ কামটোত নিৰন্তৰ উঠিপৰি লাগি থকাত সাহস আৰু প্রেৰণা যোগাইছে৷ মোৰ বাবে এয়া আছিল এক আৱেগ৷ সেই আৱেগৰ পিছতে মই অহর্নিশে দৌৰি ফুৰিছোঁ৷ অসমত যিহেতু মেখেলা–চাদৰৰ এক বিশেষ জনপ্রিয়তা আছে, গতিকে মই অসমৰ বাহিৰত আৰু দেশৰ বাহিৰত জনপ্রিয় কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছিলোঁ আৰু আজি সেই লক্ষ্যত বহুখিনি সফল হৈছোঁ৷
অসমৰ হস্ততাঁত আৰু বস্ত্রশিল্পৰ এক ঐতিহ্য আছে৷ এই ঐতিহ্যময় শিল্পবিধৰ প্রতি থকা আৱেগৰ বাবে আপুনি লোভনীয় চৰকাৰী চাকৰি পৰিত্যাগ কৰিছে৷ এই বিষয়ে ক’ব নেকি?
হয়, ফেশ্বন ডিজাইনিং মই কেতিয়াও পেছা হিচাপে গ্রহণ কৰা নাছিলোঁ৷ অসমৰ পাট আৰু মুগাৰ মেখেলা–চাদৰক মই আন্তর্জাতিক পর্যায়ত দাঙি ধৰাৰ উদ্দেশ্যৰে এইবোৰত নতুন নতুন ডিজাইন কৰিবলৈ লৈছিলোঁ৷ মই জালুকবাৰীস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং কৰাৰ পিছত মই সহজেই কর্মসংস্থান লাভ কৰিছিলোঁ৷ প্রথমে মই এছআইআৰডিত কিছুদিন চাকৰি কৰাৰ পিছত গড়কাপ্ঢানী বিভাগত অভিযন্তা হিচাপে যোগদান কৰিছিলোঁ৷ ১০ বছৰ গড়কাপ্টানী বিভাগত চাকৰি কৰাৰ পিছত মই এই ৰাজপত্রিত বিষয়াৰ চাকৰিটো এৰি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ৷ কাৰণ শৈশৱৰ পৰা দেখি অহা এই সপোনটো পূৰাবলৈ হ’লে মই চাকৰিৰ পৰা অব্যাহতি লোৱা প্রয়োজন বুলি মই অনুভৱ কৰিছিলোঁ৷ মোৰ এই সিদ্ধান্তত মোৰ প্রায়সংখ্যক শুভাকাংক্ষী আচৰিত হৈ পৰিছিল৷ কাৰণ হস্ততাঁত আৰু বস্ত্রশিল্পৰ প্রতি মোৰ সেইসময়ত বিশেষ জ্ঞান নাছিল৷ মোৰ এই সিদ্ধান্তৰ প্রতি সমর্থন জনাই মোৰ স্বামী তথা অসম পর্যটন উন্নয়ন নিগমৰ সঞ্চালক ভাস্কৰজ্যোতি বৰুৱাই কৈছিল যে তোমাৰ মনে যি বিচাৰে তুমি তাকেই কৰা৷ ইয়াৰ পিছতে মই চাকৰি এৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু শৈশৱতে দেখা সপোনটো বাস্তৱায়িত কৰাৰ যুঁজত নামি পৰিলোঁ৷ এতিয়া মই অসমৰ পাট–মুগাৰ মেখেলা–চাদৰ বিভিন্ন দেশত জনপ্রিয় কৰি তুলিবলৈ সক্ষম হৈছোঁ৷
আপুনি চাকৰিটো বাদ নিদিলে হয়তো অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ উচ্চ পদস্থ বিষয়া ৰূপে কার্যনির্বাহ কৰি থাকিলহেঁতেন৷ এই কথাটোৱে কেতিয়াবা আপোনাক আমনি কৰে নেকি?
হয়তো চাকৰি কৰি থাকিলে মই আজি উচ্চ পর্যায়ৰ বিষয়া হিচাপে কার্যনির্বাহ কৰি থাকিলোঁহেঁতেন৷ কিন্তু তাক লৈ মোৰ কোনোধৰণৰ আপচোচ নাই৷ কাৰণ সেয়া হ’লে আজিৰ সংযুক্তা দত্তক কোনেও নাজানিলেহেঁতেন৷ এটা উচ্চ পর্যায়ৰ চৰকাৰী চাকৰিয়ে মোক যিখিনি দিব নোৱাৰে সেইখিনি মই আজি লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ মই মনে বিচৰা কামটোত সম্পূর্ণৰূপে নিজকে উৎসর্গিত কৰিব পাৰিছোঁ৷ অসমৰ ৰেচম শিল্পক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰি অসমৰ মেখেলা–চাদৰক গুণগত আৰু মানসম্পন্ন কৰি তোলাৰ লক্ষ্যত মই আজি উপনীত হ’ব পাৰিছোঁ৷ চাকৰি কৰি থাকিলে এয়া কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷
আপুনি কিদৰে আপোনাৰ আৱেগৰ সৈতে জড়িত হস্ততাঁত–বস্ত্রশিল্প উদ্যোগটো আৰম্ভ কৰিলে? আপোনাৰ উদ্যোগটোত কিমান কর্মচাৰী জড়িত হৈ আছে?
২০১২ চনৰ ৬ জানুৱাৰীত মই প্রথমে মহানগৰীৰ ‘ছ’হাম ছপী’ত মোৰ ব্রেণ্ডটো আৰম্ভ কৰিছিলোঁ৷ কিন্তু তেতিয়া মই সময় দিব পৰা নাছিলোঁ৷ যাৰ বাবে মই চাকৰি বাদ দিয়াৰ সিদ্ধান্ত লৈছিলোঁ৷ ইয়াৰ পিছত মই ২০১৫ চনত বেলতলাত আৰম্ভ কৰিলোঁ ‘সংযুক্তা ষ্টুডি’’৷ মোৰ এই ব্যতিক্রমী প্রচেষ্টাই খুব কম দিনতে সকলোৰে দৃষ্টি আৰু মনোযোগ আকর্ষণ কৰিবলৈ সক্ষম হয়৷ প্রথম অৱস্থাত মই ৩খন তাঁতশালেৰে ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ৷ এতিয়া মোৰ ষ্টুডি’ত শতাধিক কর্মচাৰীয়ে কাম কৰে৷ বিগত ১২ বছৰ ধৰি তেওঁলোকে কাম কৰি আছে৷ তেওঁলোকৰ লগত শতাধিক পৰিয়াল জড়িত হৈ আছে আৰু পৰোক্ষভাৱে বহু লোকে কর্মসংস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ মোৰ বাবে শিপিনীসকলেই মূল চালিকা শক্তি৷ মই সপোনহে দেখিব পাৰোঁ আৰু ডিজাইন কৰিব পাৰোঁ৷ কিন্তু মোৰ সপোনক তেওঁলোকে বাস্তৱ ৰূপ দিয়ে৷ ইতিমধ্যে ‘সংযুক্তা ষ্টুডি’ই এটা যুগ অতিবাহিত কৰিছে৷ আমি ডিজাইন কৰা পাটৰ মেখেলা–চাদৰে দেশ–বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন আন্তর্জাতিক ফেশ্বন উইকলৈ নিয়মীয়াভাৱে আমন্ত্রণ লাভ কৰি আহিছোঁ৷ এতিয়া অনলাইনৰ জৰিয়তে দেশ–বিদেশৰ বিভিন্ন লোকে আমি ডিজাইন কৰা পাট–মুগাৰ মেখেলা–চাদৰ বিচাৰে আৰু প্রতিদিনে উৎপাদিত সামগ্রীসমূহ তালৈ পঠিয়াওঁ৷ বিবাহৰ বাবে বহুতে আমাৰ পাট–মুগাৰ কাপোৰ বিচাৰে আৰু সমগ্র অসমত এইবোৰ বস্ত্রই সমাদৰ লাভ কৰিছে৷
আপুনি ডিজাইন কৰা মেখেলা–চাদৰ দেশ–বিদেশৰ বিভিন্ন ফেশ্বন উইকত সমাদৃত হৈছে৷ আপুনি এই ফেশ্বন উইকবোৰলৈ কিদৰে আমন্ত্রিত হয় আৰু এতিয়ালৈ ক’ত ক’ত আপোনাৰ ডিজাইন কৰা কাপোৰ প্রদর্শিত হৈছে৷
ফেশ্বন উইকসমূহত প্রদর্শিত হ’লেহে ডিজাইন কৰা কাপোৰবোৰে জনপ্রিয়তা অর্জন কৰে৷ সেইবাবে প্রতিগৰাকী ডিজাইনাৰৰে এনে ফেশ্বন উইকত অংশগ্রহণ কৰাৰ সপোন থাকে৷ মই প্রথমবাৰৰ বাবে ‘মাইছৰ’ ফেশ্বন উইকত অংশগ্রহণৰ সুযোগ লাভ কৰিছিলোঁ৷ ইয়াৰ পৰৱর্তী সময়ত মই বহু ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় ফেশ্বন উইকত অংশগ্রহণৰ বাবে আমন্ত্রণ লাভ কৰিছোঁ৷ ২০১৫ চনত প্রথমবাৰৰ বাবে লেকমি ফেশ্বন উইকত অংশগ্রহণৰ সুযোগ পাইছিলোঁ৷ ইয়াৰ পিছত কেইবাবাৰো এই সন্মানীয় লেকমি ফেশ্বন উইকত অংশগ্রহণ কৰিছোঁ৷ এইখন ফেশ্বন উইকত অংশগ্রহণ কৰা মই অসমৰ প্রথমগৰাকী মহিলা ডিজাইনাৰ৷ ইয়াৰ পিছত মই উভতি চাবলগীয়া হোৱা নাই৷ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত সমাদৰ লাভৰ বাবে মই বিভিন্ন পৰম্পৰাগত আৰু বিভিন্ন প্রিণ্টৰ সংমিশ্রণেৰে কাপোৰত ডিজাইন কৰোঁ৷ এই ডিজাইনৰ বাবে বাছি লৈছোঁ অসমৰ পাট–মুগা শিল্প৷ লেকমি ফেশ্বন উইকত অসমৰ পাট–মুগা শিল্পক মই বাহিৰৰ জগতখনত তুলি ধৰিবলৈ সক্ষম হৈছোঁ৷ কেৱল ভাৰততে নহয়, মই বহু আন্তঃৰাষ্ট্রীয় ফেশ্বন উইকতো অংশগ্রহণ কৰিছোঁ৷ বিশেষকৈFDCI, লণ্ডন ফেশ্বন উইক, নিউয়র্ক ফেশ্বন উইকতো অংশগ্রহণ কৰি অসমৰ ৰেচম শিল্পক দাঙি ধৰাৰ সুযোগ লাভ কৰিছোঁ৷ নিউয়র্ক ফেশ্বন উইক এনে এখন মঞ্চ, য’ত বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহা ডিজাইনাৰসকলে তেওঁলোকৰ শিল্প কর্মসমূহ প্রদর্শন কৰে৷ বিশ্বৰ এনে বহু উচ্চ পর্যায়ৰ ফেশ্বন উইক যেনে– নিউয়র্ক ফেশ্বন উইক, পেৰিছ ফেশ্বন উইক, মিলান ফেশ্বন উইক আদিত যোগদান কৰি অসমৰ মেখেলা–চাদৰক প্রতিষ্ঠা আৰু জনপ্রিয় কৰাৰ লগতে অসমৰ বস্ত্র উদ্যোগটোক নতুন ৰূপত প্রতিষ্ঠা কৰাৰ প্রচেষ্টা চলাইছোঁ৷ এই ফেশ্বন উইকবোৰত মই ডিজাইন কৰা কাপোৰে বিশেষজ্ঞসকলৰ উচ্চ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ আনহাতে, মই ডিজাইন কৰা মেখেলা–চাদৰ কাঁ মহোৎসৱতো উজলি উঠিছে৷ মই ডিজাইন কৰা পাট–মুগাৰ মেখেলা–চাদৰ পিন্ধি ৰেড কার্পেটত খোজ দিছে কেইবাগৰাকী জনপ্রিয় মডেল আৰু অভিনেত্রীয়ে৷ ২০২৩ চনৰ মার্চত অনুষ্ঠিত পেৰিছ ফেশ্বন উইকত মোৰ ডিজাইন কৰা অসমীয়া ৰেচম শিল্প তথা অসমীয়া মহিলাৰ আৱেগ মেখেলা–চাদৰ উজলি উঠিছে৷ তদুপৰি ভেনিছ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, ৰোম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ৰেড কার্পেটত আটকধুনীয়া সৃষ্টি মেখেলা–চাদৰ পৰিধান কৰি প্রদর্শন কৰিছে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী বহু খ্যাতনামা মডেলে৷ এই কার্যৰ দ্বাৰা মই নিজৰ মনৰ মাজত সপোনটিক সাকাৰ ৰূপ দিয়াৰ লগতে অসমৰ হৈ কিবা কৰিবলৈ পাই এক অনামী সুখ অনুভৱ কৰোঁ৷
আপোনাৰ ডিজাইন কৰা কাপোৰ পিন্ধি বহু খ্যাতনামা মডেল তথা অভিনেত্রীয়ে বিশ্বৰ আগশাৰীৰ মেগাজিনৰ প্রচ্ছদ শুৱনি কৰিছে৷ এই পর্যন্ত আপোনাৰ মেখেলা–চাদৰ কোন কোন অভিনেত্রীয়ে পৰিধান কৰিছে?
হয়, মই ডিজাইন কৰা পাট–মুগাৰ মেখেলা–চাদৰ পিন্ধি বহু মডেলে বিশ্বৰ বিভিন্ন আগশাৰীৰ আলোচনীৰ প্রচ্ছদ শুৱনি কৰিছে৷ ইয়াৰ ভিতৰত বিশ্বৰ বহুল প্রচাৰিত আলোচনী ‘ভগ’, ‘এলি’, ‘মেৰি ক্লেয়াৰ’, ‘এল’ফিচিয়েল’ আদি অন্যতম৷ এই আলোচনীবোৰৰ বেটুপাতৰ বাবে মই ডিজাইন কৰা পাট–মুগাৰ মেখেলা–চাদৰ পিন্ধি ফটো শ্বুট কৰিছে৷ ইয়াৰ ফলত বিশ্বজুৰি অসমৰ মেখেলা–চাদৰে উচ্চ প্রশংসা লাভ কৰিছে৷
আপোনাৰ হাতৰ পৰশত প্রাণময়তা লাভ কৰা পাটৰ মেখেলা–চাদৰ পৰিধান কৰি বহু জনপ্রিয় অভিনেত্রী আৰু মডেলে ৰেম্পত খোজ দিছে৷ এইসকলৰ ভিতৰত কেইগৰাকীমানৰ নাম ক’ব নেকি?
বলীউডৰ লগতে বাহিৰৰো বহু অভিনেত্রী আৰু মডেলে মই ডিজাইন কৰা কাপোৰ পৰিধান কৰিছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল– জনপ্রিয় অভিনেত্রী প্রীতি জিণ্টা, বিপাশা বসু, দিয়া মির্জা, প্রিয়ংকা চোপ্রা, ছোহা আলী খান, শর্মিলা ঠাকুৰ, হেমা মালিনী, ঈষা দেউল, কৰীশ্মা কাপুৰ, টাবু, ভাগ্যশ্রী, লাৰা দত্ত, ৰবীনা টেণ্ডন, মালাইকা অৰোৰা, নীনা গুপ্তা, অমৃতা সিং, ৰাইমা সেন, সংগীতা বিজলানী, মনীষা কৈৰালা, হোমা খুৰেছি, অমৃতা অৰোৰা, সোণাক্ষী সিন্হা, নেহা ধুপীয়া, মেৰী কম আদি৷ ইয়াৰ উপৰি বহু অভিনেত্রী আৰু মডেলে মোৰ ডিজাইন কৰা পোছাক পৰিধান কৰি বিশ্ব মানচিত্রত তুলি ধৰিছে৷
আপোনাৰ দ্বাৰা ডিজাইন কৰা কাপোৰ পৰিধান কৰি জনপ্রিয় মডেল আৰু অভিনেত্রীসকলে ৰেড কার্পেটত খোজ দিলে আপোনাৰ কেনে অনুভৱ হয়?
সেয়া এক বুজাব নোৱাৰা অনুভূতি৷ মোৰ শৈশৱৰ সপোন আছিল অসমৰ আপুৰুগীয়া সম্পদ মেখেলা–চাদৰক বিশ্ব মানচিত্রত তুলি ধৰা৷ আজি সেই সপোন বহুলাংশে পূৰণ হৈছে৷ আমাৰ জাতীয় অভিমান পাট–মুগাৰ মেখেলা–চাদৰ পৰিধান কৰি দেশ–বিদেশৰ মডেল আৰু অভিনেত্রীসকলে আমাৰ হস্ততাঁত আৰু বস্ত্রশিল্পক বিশ্ববাসীৰ আগত দাঙি ধৰিলে মোৰ মনটো পুলকিত হৈ উঠে আৰু নতুন নতুন ডিজাইনেৰে আমাৰ বস্ত্র উদ্যোগটোক অধিক সমৃদ্ধিশালী কৰিবলৈ উৎসাহ পাওঁ৷
এতিয়া বহু মহিলাৰ বাবে আপুনি আদর্শ হৈ পৰিছে৷ নতুন প্রজন্মৰ ফেশ্বন ডিজাইনাৰসকললৈ আপোনাৰ পৰামর্শ কি হ’ব?
হয়, অসমৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ মহিলা মোৰ এই কার্যৰ প্রতি আকর্ষিত হৈছে আৰু তেওঁলোকে এই শিল্পটোক আঁকোৱালি ল’বলৈ প্রেৰণা লাভ কৰিছে৷ হস্ততাঁত বস্ত্রশিল্পৰ জৰিয়তে বহু পুৰুষ–মহিলাই স্বাৱলম্বী হ’ব পাৰিছে৷ মই তেওঁলোকক সদায় উৎসাহিত কৰি আহিছোঁ৷ নতুন প্রজন্মৰ ফেশ্বন ডিজাইনাৰসকলৰ প্রতি মোৰ পৰামর্শ হ’ল– তেওঁলোকে এই শিল্পটোক পেছা হিচাপে নহয়, আৱেগ হিচাপে লওক৷ অন্তৰৰ পৰা কোনো এটা কাম আৰম্ভ কৰিলে সফল নোহোৱাৰ কাৰণ নাই৷ তেনে কৰিলে ভগাৱানৰ পৰাও আশীর্বাদ পোৱা যায়৷ মই হূদয়ৰ পৰা, মনৰ মাজৰ পৰা এই কামটো আৰম্ভ কৰা বাবেই আজি যথাসম্ভৱ সফল হ’ব পাৰিছোঁ বুলি অনুভৱ কৰোঁ৷
আপোনাৰ পৰৱর্তী কার্যসূচী কি? আপোনাৰ কিবা ভাল লগা স্মৃতি?
এই বছৰৰে মে’ত অনুষ্ঠিত হ’ব কাঁ চলচ্চিত্র মহোৎসৱ৷ এই মহোৎসৱতো মোৰ ডিজাইন কৰা মেখেলা–চাদৰ পৰিধান কৰিব খ্যাতিসম্পন্ন মডেলে৷ তাৰ বাবে মই প্রস্তুতি চলাই আছোঁ৷ মোৰ ভাল লগা স্মৃতি বহুত আছে৷ যোৱা বছৰ নিউয়র্ক ফেশ্বন উইকত প্রখ্যাত ক্রাই ফাউণ্ডেচনে এখন ‘অক্সন’ আয়োজন কৰিছিল৷ তাত বিশ্বৰ প্রখ্যাত ব্যক্তিৰ আপুৰুগীয়া বস্তু নিলাম হৈছিল৷ সেই নিলামত মই ডিজাইন কৰা এযোৰ পাট–মুগাৰ কাপোৰ বিক্রী হৈছিল৷ যিটো মোৰ জীৱনৰ ভাল লগা স্মৃতিবোৰৰ ভিতৰত অন্যতম৷