বাংলাদেশী অনুপ্রৱেশকাৰীক বিচাৰি উলিয়াই শাস্তি দিয়া অনুচিত
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ পূর্বে পুনৰ কংগ্রেছক অস্বস্তিত পেলালে দলটোৰ বর্ষীয়ান নেতা ছাম পিট্র’ডাই৷ বাংলাদেশী অনুপ্রৱেশকাৰীসকল লৈ পিট্র’ডাই কৰা মন্তব্যক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র বিতর্কৰ৷ কংগ্রেছৰ বৈদেশিক সভাপতি ছাম পিট্র’ডাই দাবী কৰা অনুসৰি অনুপ্রৱেশকাৰীসকল বিচাৰি উলিয়াই শাস্তি দিয়াৰ দৰে সাধাৰণ কামবোৰত মনোনিৱেশ নকৰি কেন্দ্রীয় চৰকাৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে গুৰুত্বপূর্ণ বিষয়বোৰত মনোনিৱেশ কৰা উচিত৷ ছ’চিয়েল মিডিয়াত ছাম পিট্র’ডাৰ বক্তব্যৰ এটা ক্লিপ ভাইৰেল হৈ পৰিছে৷ কংগ্রেছ নেতাগৰাকীয়ে কয় যে পৰিৱেশক লৈ কোনেও চিন্তা কৰা নাই৷ গোলকীয় উষ্ণতা বৃদ্ধিত গুৰুত্ব দিয়া নাই৷ কিন্তু সকলোৱে অবৈধ অনুপ্রৱেশকাৰীৰ পিছত লাগি গৈছে৷ অনুপ্রৱেশকাৰীসকলে ভাৰতলৈ আহিবলৈ কিমান কষ্ট আৰু পৰিশ্রম কৰে, সেই কথাটো ভাবি চোৱা উচিত বুলি মন্তব্য কৰে পিট্র’ডাই৷