নৃত্যলক্ষ্মী একাডেমীৰ প্ৰতিষ্ঠা দিৱসত হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন পালন
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ উদ্দেশ্য আগত ৰাখি জন্ম লাভ কৰা নৃত্যলক্ষ্মী একাডেমীয়ে আজি প্ৰতিষ্ঠা দিৱসৰ মাহযোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন পালন কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ওপজা দিন তথা নৃত্যলক্ষ্মী একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভণি হিচাপে শিশুসকলৰ মাজত অধ্যয়নমুখী মানসিকতা সৃষ্টিৰ লক্ষ্যৰে ৯০ নং বালিগাঁও প্ৰাথমিক বিদ্যালয় আৰু ৯১নং জয়মতী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ “কিতাপৰ টোপোলা” আগবঢ়ায়।দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিঞ্জুমনি নেওগ দত্ত আৰু ফাৰহানা আখতাৰ বেগমে বিদ্যালয় চৌহদত একোটাকৈ গছপুলি ৰোপন কৰে।কাৰ্যসূচীত উপস্থিত থাকে সমাজকৰ্মী দিগন্ত বৰুৱা, সভাপতি বিদ্যুত বিকাশ শইকীয়া, সঞ্চালিকা প্ৰণামী বৰবৰা, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল। উল্লেখ্য যে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহু পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি একাডেমীয়ে শৈক্ষিক সামগ্ৰী বিতৰণ কৰে।
প্ৰেৰক নৱজ্যোতি তামুলী