নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপত্যাগী ৮ বিধায়কৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান

🔹 বিধানসভা নির্বাচনৰ পূর্বে দিল্লীৰ শাসকীয় দলত আঘাত

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : পৰহিয়েই বৃহৎ আঘাত পৰিছিল দিল্লীৰ আপৰ দুর্গত৷ একেলগে দলত্যাগ কৰিছিল দিল্লীৰ ৮জন আপ বিধায়কে৷ লক্ষণীয়ভাৱে তেওঁলোকৰ ৭জনেই এইবাৰ দিল্লী বিধানসভা নির্বাচনত দলীয় প্রার্থিত্ব পোৱা নাই৷ কালি দলত্যাগী বিধায়কসকলে যোগদান কৰিলে বিজেপিত৷ আগন্তুক বুধবাৰে দিল্লীত বিধানসভা নির্বাচন৷ তাৰ পূর্বেই আম আদমী পার্টী (আপ)ৰ অভ্যন্তৰত সৃষ্টি হৈছে ধুমুহা৷ যিসকল বিধায়কে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে, তেওঁলোক হৈছে বন্দনা গৌড় (পালম), ৰোহিত মেহেৰাউলিয়া (ত্রিলোকপুৰী), গিৰীশ ছোনি (মাদিপুৰ), মদন লাল (কস্তুৰবা নগৰ), ৰাজেশ ঋষি (উত্তমনগৰ), বিএছ জুন (বিজয়ৱাছান), নৰেশ যাদৱ (মেহৰাউলি) আৰু পৱন শর্মা (আদর্শ নগৰ)৷ এওঁলোকৰ ভিতৰত নৰেশ যাদৱক টিকট দিছিল আপে৷ কিন্তু তেওঁ আপৰ টিকট প্রত্যাখ্যান কৰে৷ যাদৱৰ বিৰুদ্ধে পঞ্জাবত কোৰান জ্বলোৱাৰ অভিযোগ প্রমাণিত হোৱাৰ পিছত আপ ত্যাগ কৰে বিধায়কগৰাকীয়ে৷ যাদৱৰ পৰিৱর্তে সমষ্টিটোত প্রার্থী কৰা হয় মেহেন্দৰ চৌধুৰীক৷ পৰহি অন্য আপ বিধায়ককেইগৰাকীৰ সৈতে যাদৱেও আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিছিল৷ দলত্যাগী বিধায়কসকলে জনাই দিছে যে তেওঁলোকে বিধানসভাৰ অধ্যক্ষলৈও পদত্যাগ–পত্র প্রেৰণ কৰিছে৷ অর্থাৎ বিধানসভাৰ পৰাও তেওঁলোকৰ সদস্য পদ বাতিল কৰা হৈছে৷ কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ লগে লগে আপত্যাগী এই বিধায়কসকলক গেৰুৱা দলটোৱে আদৰণি জনাইছে৷ বিজেপিয়ে আপৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্র চলোৱা বুলি দলটোৰ নেতাসকলে অভিযোগ তুলিছে৷

You might also like